ETV Bharat / state

বিহু সম্ৰাজ্ঞীৰ খিতাপ অৰ্জন গুৱাহাটীৰ মৌচুমী বৰাৰ - গুৱাহাটী বিহু সন্মিলনী

ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্রাজ্ঞীৰ খিতাপ আঁজুৰি আনিবলৈ সক্ষম হৈছে মৌচুমী বৰাই । একেখন মঞ্চতে অনুষ্ঠিত বিহুৰাণী প্রতিযােগিতাত লখিমপুৰ জিলাৰ ৰিদ্ধিৰাণী দলে বিজয়ী হ'বলৈ সক্ষম হয় ।

বিহু সম্ৰাজ্ঞীৰ খিতাপ অৰ্জন গুৱাহাটীৰ মৌচুমী বৰাৰ

author img

By

Published : Apr 18, 2021, 3:51 PM IST

গুৱাহাটী,১৭ এপ্রিল: এই বৰ্ষৰ ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীৰ বিহু সম্রাজ্ঞীৰ খিতাপ আঁজুৰি আনিবলৈ সক্ষম হৈছে গুৱাহাটীৰ মৌচুমী বৰাই । শনিবাৰে সন্ধিয়া লতাশিলত অনুষ্ঠিত বিহু সম্রাজ্ঞী প্রতিযােগিতাত আঠগৰাকী প্রতিযােগীৰ মাজত মৌচুমী বৰাই এই খিতাপ আঁজুৰি আনিবলৈ সক্ষম হয় । বিজয়ী মৌচুমীক গুৱাহাটী বিহু সন্মিলনীয়ে নগদ এক লাখ টকা, স্মাৰক, ৰূপৰ ৰাজদণ্ড, ৰূপৰ মুকুট, দহ গ্রাম সােণ, পাট-মুগাৰ সাজৰ লগতে বিভিন্ন উপহাৰ সামগ্ৰীৰে সন্মানিত কৰে ।

বিহু সম্ৰাজ্ঞী খিতাপ অৰ্জন গুৱাহাটীৰ মৌচুমী বৰাৰ
বিহু সম্ৰাজ্ঞী মৌচুমী বৰা

আনহাতে, একেখন মঞ্চতে অনুষ্ঠিত বিহুৰাণী প্রতিযােগিতাত লখিমপুৰ জিলাৰ ঋদ্ধিৰাণী দলেয়ে বিজয়ী হ'বলৈ সক্ষম হয় । নগদ ৫০ হেজাৰ টকা, ৫ গ্রাম সােণ, স্মাৰক, মুকুট আৰু অন্যান্য উপহাৰ সামগ্ৰীৰে সন্মানিত কৰে প্রতিযােগীগৰাকীক ।

ইফালে, শ্রেষ্ঠ বিহু কুঁৱৰী প্রতিযােগিতাত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় পাহাৰী বুঢ়াগােঁহাইয়ে । নগদ ৩১ হেজাৰ টকা, পাঁচ গ্রাম সােণ আৰু ৰূপৰ মুকুট আগবঢ়াই বিহু কুঁৱৰীগৰাকীক । আনহাতে, শ্রেষ্ঠ পেঁপাবাদকৰ খিতাপ অর্জন কৰে গোলাঘাটৰ দেৱজিৎ তামুলী আৰু শ্রেষ্ঠ ঢুলীয়াৰ খিতাপ লাভ কৰে বলীন শইকীয়াই ।

লগতে পঢ়ক: আজি বিশ্ব ঐতিহ‍্য দিৱস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.