ETV Bharat / state

মালিগাঁৱত ভয়ংকৰ ভূমিস্খলন

author img

By

Published : Jun 26, 2020, 1:36 PM IST

মহানগৰীৰ দুই পৃথক স্থানত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা ৷ গুৱাহাটীৰ কাহিলীপাৰাৰ পিছতে মালিগাঁৱত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলন ৷ কাহিলীপাৰাৰ ঘটনাত এগৰাকী মহিলাই প্ৰাণ হেৰুওৱাৰ বিপৰীতে মালিগাঁৱৰ ভূমিস্খলনত হতাহত হোৱা নাই কোনো লোক ৷

landslide at maligaon guwahati kamrup metro assam etv bharat news
ভূমিস্খলন

গুৱাহাটী,26 জুন: শুকুৰবাৰৰ দিনটোত মহানগৰীৰ দুই পৃথক স্থানত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা ৷ গুৱাহাটীৰ কাহিলীপাৰাৰ পিছতে মালিগাঁৱত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলন ৷ বিগত দুদিনে ৰাজ্যত নেৰানেপেৰাকৈ হোৱা বৰষুণৰ ফলতে সংঘটিত হয় এই ঘটনা । ভূমিস্খলনৰ ফলত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে অঞ্চলটোৰ কেইবাটাও বাসগৃহ ।

মালিগাঁৱত ভয়ংকৰ ভূমিস্খলন

ইফালে,মালিগাঁৱৰ অম্বিকা নগৰত হীৰা নামৰ এগৰাকী ব্যক্তিৰ ঘৰৰ ৱাল খহি আহি পৰিছে চুবুৰীয়াৰ ঘৰত । সৌভাগ্যক্ৰমে এই ঘটনাত প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ । আনহাতে, মালিগাঁও আৰক্ষী থানাৰ পিছফালে পাহাৰৰ মাটি খহি পৰাত কেইবাটাও বাসগৃহৰ ক্ষতিসাধন হৈছে । ভূমিস্খলনৰ ফলত দনুশ দেৱনাথ নামৰ এগৰাকী ব্যক্তিৰ বাসগৃহ সম্পূৰ্ণৰূপে বিধ্বস্ত হোৱাৰ পিছতো প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ । কিন্তু ভূমিস্খলনৰ ফলত কোনো লোক হতাহত হোৱাৰ খবৰ এই মুহুৰ্তলৈ লাভ কৰা হোৱা নাই ।

লগতে চাওকঃ কাহিলীপাৰাৰ ভূমিস্খলনত প্ৰাণ হেৰুৱালে এগৰাকীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.