গুৱাহাটী, 8 এপ্ৰিলঃ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ উপলক্ষে গুৱাহাটী মহানগৰীত নৱাবৰ দেশৰ ব্যঞ্জন লৈ উপস্থিত হৈছে উত্তৰ প্ৰদেশৰ ব্যৱসায়ীৰ এটা দল। মহানগৰীৰ মাছখোৱাত নৱাবৰ দেশৰ ব্যঞ্জন বিক্ৰী কৰা দোকানত ইফটাৰৰ বাবে সুস্বাদু ব্যঞ্জন বিচাৰি ইছলাম ধৰ্মী লোকসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে । লক্ষ্নৌৰ বিৰিয়ানি, বিভিন্ন ধৰণৰ হালোৱা, মিঠাইৰে ইফটাৰ কৰিবলৈ মহানগৰীৰ মুছলিম লোকসকলে এই বিশেষ দোকানখনত ভিৰ কৰা পৰিলক্ষিত হৈছে ৷
পবিত্ৰ ৰমজান মাহ উপলক্ষে গুৱাহাটীত সুস্বাদ্য খাদ্যৰ সম্ভাৰ - EtvBharatAssam
উত্তৰ প্ৰদেশৰ পৰা অহা এটি ব্যৱসায়ীৰ দলে নৱাবৰ দেশৰ ব্যঞ্জন লৈ উপস্থিত হৈছে গুৱাহাটী মহানগৰীত ৷
মদিনা চুইট হাউচ
গুৱাহাটী, 8 এপ্ৰিলঃ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ উপলক্ষে গুৱাহাটী মহানগৰীত নৱাবৰ দেশৰ ব্যঞ্জন লৈ উপস্থিত হৈছে উত্তৰ প্ৰদেশৰ ব্যৱসায়ীৰ এটা দল। মহানগৰীৰ মাছখোৱাত নৱাবৰ দেশৰ ব্যঞ্জন বিক্ৰী কৰা দোকানত ইফটাৰৰ বাবে সুস্বাদু ব্যঞ্জন বিচাৰি ইছলাম ধৰ্মী লোকসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে । লক্ষ্নৌৰ বিৰিয়ানি, বিভিন্ন ধৰণৰ হালোৱা, মিঠাইৰে ইফটাৰ কৰিবলৈ মহানগৰীৰ মুছলিম লোকসকলে এই বিশেষ দোকানখনত ভিৰ কৰা পৰিলক্ষিত হৈছে ৷
Intro:ইছলাম ধৰ্মালম্বী লোক সকলৰ পবিত্ৰ ৰমজান মাহ উপলক্ষে গুৱাহাটী মহানগৰীত নৱাবৰ দেশৰ ব্যঞ্জন লৈ উপস্থিত হৈছে উত্তৰ প্ৰদেশৰ ব্যৱসায়ীৰ এটা দল। মহানগৰীৰ মাছখোৱাত নৱাবৰ দেশৰ ব্যঞ্জন বিক্ৰী কৰা দোকানত ইফটাৰৰ বাবে সুস্বাদু ব্যঞ্জন বিচাৰি ইছলাম ধৰ্মী লোকসকলে কৰিছে ভিৰ। লখনোৰ বিৰিয়ানি, বিভিন্ন ধৰণৰ হালোৱা, মিঠাইৰে ইফটাৰ কৰিবলৈ মহানগৰীৰ মুছলাম লোক সকলে এই বিশেষ দোকানখনত কৰে ভিৰ।
Body:যোৱা ৭ তাৰিখৰ পৰা আৰম্ভ হৈছে ইছলাম ধৰ্মালম্বী লোক সকলৰ পবিত্ৰ ৰমজান মাহ ৰমজান। ৰমজান মাহত দিনটো উপবাসে থাকি মুছলমান লোক সকলে গধূলি ইফটাৰ গ্ৰহণ কৰি উপবাস ভংগ কৰে। ইছলাম ধৰ্মালম্বী লোক সকলৰ ইফটাৰৰ বাবে প্ৰতিবছৰে নৱাবৰ দেশ লখনোৰ পৰা বিভিন্ন সুস্বাদু ব্যঞ্জন লৈ মহানগৰীত উপস্থিত হয় ব্যসায়ীৰ এটা দল। প্ৰতিবছৰে ৰমজান মাহত এমাহৰ বাবে গুৱাহাটী মহানগৰী দ্বিতীয় ঘৰ হৈ পৰে এই ব্যৱসায়ী সকলৰ বাবে। 'আনাৰসৰ হালোৱা' এইবাৰ নৱাবৰ এই সুস্বাদু ব্যঞ্জনৰ লগত নতুনকৈ সংযোজিত হৈছে।
মহানগৰীৰ মাছখোৱাৰ মদিনা চুইট হাউচ নামৰ লখনোৰ সুস্বাদু ব্যঞ্জন বিক্ৰী কৰা এই দোকানখনত ৰমজান মাহত প্ৰতিদিনে ইফটাৰ পূৰ্বে ভিৰ কৰে ইছলাম ধৰ্মালম্বী লোক সকল। ইফটাৰ বাবে কোনোবাই যদি কিনিছে নিৰীয়ানি, কোনোবাই আকৌ কিনিছে মিঠাই, কাৰোবাৰ পছন্দ যদি চুজিৰ হালোৱা কাৰোবাৰ পছন্দ আকৌ মুৰ্গীৰ মাংসৰ আঞ্জা। পিছে প্ৰতিবছৰে লখনোৰ এই ব্যঞ্জন সমূৰ লগত নতুনকৈ সংযোজিত হোৱা 'আনাৰসৰ হালোৱা' স্বাদ এবাৰ সকলোৱে ল'ব বিচাৰিছে, সেইহে বৃদ্ধি পাইছে 'আনাৰসৰ হালোৱা' বিক্ৰী। দীঘলীয়া লাই লগাই ঘণ্টাৰ পিছত ঘন্টা অপেক্ষা কৰি ৰাইজে ইফটাৰৰ বাবে ক্ৰয় কৰিছে মদিনা চুইট হাউচ পৰা সুস্বাদু ব্যঞ্জন।
বাইট : আফতাব আলম, দোকানৰ গৰাকী
Conclusion:লখনোৰ পৰা প্ৰতিবছৰে গুৱাহাটীলৈ ৰমজান মাহত লখনোৰ ব্যঞ্জন বিক্ৰী কৰিবলৈ অহা আফতাব আলমৰ এমাহৰ বাবে দ্বিতীয় ঘৰ হৈ পৰে গুৱাহাটী। যোৱা ৭ বছৰ ধৰি আফতাব আলমে লখনোত নিজৰ পৰিয়াল এৰি গুৱাহাটীত উদযাপন কৰি আহিছে ঈদ।