ETV Bharat / state

অসমত কৰ্মসংস্থ‍াপনৰ লক্ষ্যৰে কে ভি আই চিৰ বিশেষ পদক্ষেপ

author img

By

Published : May 15, 2022, 9:32 PM IST

গুৱাহাটীত কে ভি আই চিৰ অধ্যক্ষ বিনয় কুমাৰ ছাক্সেনা (KVIC chairman Vinay Kumar Saxena in Guwahati)। উত্তৰ-পূৰ্বাঞ্চলত খাদী আৰু গ্ৰামোদ্যোগক উৎসাহিত কৰাৰ বাবে বিশেষ উদ্যোগ । গুৱাহাটীত নির্মাণ হ'ব প্ৰাকৃতিক পেইন্ট প্ৰশিক্ষণ গোট । প্ৰাকৃতিক ৰং উৎপাদন কৰাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলক দিয়া হ'ব প্ৰশিক্ষণ ।

KVIC chairman Vinay Kumar Saxena in Guwahati
অসমত কৰ্মসংস্থ‍াপনৰ লক্ষ্যৰে কে ভি আই চিৰ বিশেষ পদক্ষেপ

গুৱাহাটী, ১৫ মে': ভাৰত চৰকাৰে গ্ৰহণ কৰি অহা উন্নয়নমূলক কাৰ্যসূচীৰ অংশ হিচাপে উত্তৰ-পূৰ্বাঞ্চলতো খাদী আৰু গ্ৰামোদ্যোগক উৎসাহিত কৰাৰ প্ৰয়াস কৰি আহিছে 'খাদী আৰু গ্ৰামোদ্যোগ আয়োগ’য়ে (KVIC chairman Vinay Kumar Saxena in Guwahati)। দেওবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি এইদৰে কয় কে ভি আইচিৰ অধ্যক্ষ বিনয় কুমাৰ ছাক্সেনাই । তেওঁ কয় যে আয়োগৰ এনে কার্যক্ৰমৰ লগত সংগতি ৰাখি কে ভি আই চিৰ গুৱাহাটীস্থ মুখ্য কার্যালয় চৌহদত এটি প্ৰাকৃতিক পেইন্ট প্ৰশিক্ষণ গোট স্থাপন কৰা হ’ব ।

এই গোটত প্ৰাকৃতিক ৰং উৎপাদন কৰাৰ লগতে তথা উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলক এই সংক্ৰান্তীয় প্ৰশিক্ষণো প্ৰদান কৰা হ’ব বুলি অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে । দেশৰ বিভিন্ন প্ৰান্তত এই মুহূর্তত ৩৯ টা প্ৰাকৃতিক পেইন্ট উৎপাদন গোটে কাম কৰি আছে । এইসমূহ গোটত উৎপাদিত প্ৰাকৃতিক পেইন্টত গৰুৰ গোৱৰ ব্যৱহাৰ কৰা হয় । যুৱক-যুৱতীসকলৰ বাবে বহনক্ষম নিয়োগ সম্ভাৱনা সৃষ্টিক মূল লক্ষ্য হিচাপে গ্ৰহণ কৰা কে ভি আই চিয়ে(Khadi and Village Industries Commission) অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলৰ বাবেও কর্ম-সংস্থাপনৰ সুযোগ-সুবিধা আগবঢ়োৱাত বিশেষভাৱে গুৰুত্ব আৰোপ কৰি আহিছে বুলি তেওঁ কয় ।

কে ভি আই চিয়ে খাদী আৰু বিভিন্ন গ্ৰামোদ্যোগ কার্যক্ৰম ৰূপায়িত কৰি সমগ্ৰ ভাৰততে ১৬৭.৬৭ লাখ নিয়োগ সম্ভাৱনাৰ সৃষ্টি কৰিছে । এইসমূহৰ ভিতৰত ভাৰত চৰকাৰৰ এম এছ এম ই মন্ত্ৰালয়ৰ ধ্বজবাহী কার্যক্ৰম হৈছে প্ৰধানমন্ত্ৰী নিয়োগ সম্ভাৱনা সৃষ্টি কার্যক্ৰম । যাৰ ন'ডেল এজেন্সীৰ দায়িত্ব বহণ কৰি আহিছে কে ভি আই চিয়ে । এই আঁচনিৰ জৰিয়তে ২০২১-২২ বিত্তীয় বৰ্ষত দেশজোৰি ৮,২৫,৭৫২ টা নিয়োগ সম্ভাৱনাৰ সৃষ্টি কৰা হৈছিল । ইয়াৰে ৬৭,৬৯৬ টা উত্তৰ-পূৰ্বাঞ্চলত আৰু ২৭,৯৬৮ টা অসমত আছিল বুলি তেওঁ কয় ।

ইয়াৰ আগতে ছাক্সেনাই কে ভি আই চিৰ গুৱাহাটী চৌহদত স্থাপন কৰিব খোজা প্ৰাকৃতিক পেইন্ট প্ৰশিক্ষণ গোট আৰু এটা কম্পিউটাৰ লেবৰ নির্মাণ সম্পর্কীয় ফলক আনুষ্ঠানিকভাৱে মুকলি কৰে ।

লগতে পঢ়ক: 19 বছৰে ড্ৰাগছ সেৱন কৰা এজন যুৱক আৰু এটা পুনৰ সংস্থাপন কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.