গুৱাহাটী, 12 ছেপ্টেম্বৰ : পুনৰ প্ৰতিবাদত উত্তাল হ’ল গুৱাহাটী মহানগৰ ৷ এইবাৰ সদৌ অসম কোচ ৰাজবংশী সম্মিলনীয়ে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ দাবীত সোমবাৰে উত্তাল কৰি তোলে মহানগৰীৰ চচলৰ বাকৰি (Koch Rajbongshi protest against Assam Govt ) ৷ ন্যায্য প্ৰাপ্তিৰ দাবীত কোচ ৰাজবংশীসকলে চচলৰ ধৰ্ণাস্থলীত তিনি ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।
প্ৰতিবাদকাৰীসকলে শীঘ্ৰে তেওঁলোকৰ সমস্যা সমাধান নহ’লে পৰৱৰ্তী সময়ত আৰু অধিক জংগী আন্দোলন গঢ়ি তোলাৰো এক প্ৰকাৰে হুংকাৰ প্ৰদান কৰে ৷ আনকি কেৱল হিন্দু ভোটৰ স্বাৰ্থত কোচ ৰাজবংশী জনগোষ্ঠীক চৰকাৰে ব্যবহাৰ কৰি আহিছে বুলিও চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে (Koch Rajbongshi protest in Guwahati) ।
সেয়ে শীঘ্ৰে জনজাতি কৰণৰ সমস্যা সমাধানৰ বাবে চৰকাৰক দাবী এক প্ৰকাৰে হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে ৷ যদি চৰকাৰে এই সমস্যা সমাধান নকৰে, তেন্তে ৰাজনৈতিকভাৱে আগবাঢ়িব বুলিও প্ৰতিবাদকাৰী কোচ ৰাজবংশী জনগোষ্ঠীয়ে চৰকাৰক সকীয়নি প্ৰদান কৰে ।
লগতে পঢ়ক : বৰপেটা পলিটেকনিকত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি