ETV Bharat / state

স্ক্ৰাব টাইফাছ ৰোগ কি হয় ? - scrub typhus

scrub typhus : স্ক্ৰাব টাইফাছ কি হয় ? এই ৰোগৰ লক্ষণ কি ? কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিলে এই ৰোগৰ পৰা বাছি থাকিব পাৰি এই সন্দৰ্ভত জনালে শিশুৰোগ বিশেষজ্ঞ ডাঃ চামিউল এ. হুছেইনে ।

know everything about the disease scrub typhus symptoms and precautions
স্ক্ৰাব টাইফাছ ৰোগৰ লক্ষণ
author img

By ETV Bharat Assamese Team

Published : Jan 19, 2024, 1:59 PM IST

স্ক্ৰাব টাইফাছ ৰোগৰ লক্ষণ

গুৱাহাটী, 19 জানুৱাৰী : স্ক্ৰাব টাইফাছ এবিধ জ্বৰ । এই জ্বৰ সাধাৰণ জ্বৰতকৈ ভয়াৱহ । শিশুৰ ক্ষেত্ৰত এই ৰোগ বেছিকৈ হোৱা দেখা যায় । অসমত এই ৰোগত আক্ৰান্তৰ সংখ্যা কম যদিও, চুবুৰীয়া ৰাজ্য মেঘালয়ত লোক এই ৰোগত বেছিকৈ আক্ৰান্ত হোৱা দেখা যায় । যদিহে কোনো শিশুৰ দীৰ্ঘদিন ধৰি জ্বৰ হৈ আছে বা পৰীক্ষাসমূহ কৰাৰ পাচতো জ্বৰৰ কাৰণ জানিব পৰা হোৱা নাই তেনেক্ষেত্ৰত চিকিৎসকসকলে স্ক্ৰাব টাইফাছৰ পৰীক্ষা কৰিবলৈ দিয়ে ।

এলাইজা পৰীক্ষা কৰাত যদি পজিটিভ ওলাই তেন্তে স্ক্ৰাব টাইফাছ ৰোগত আক্ৰান্ত হোৱা বুলি জানিব পৰা যায় । এই ৰোগ বিধ এবিধ বেক্টেৰিয়াৰ দ্বাৰা হয় । এই বেক্টেৰিয়াটোৰ নাম হৈছে Orientia tsutsugamushi ৷ এইটো এটা ৰিকেটচিয়া হয় । এবিধ সৰু পতংগ । এই পতংগ বিধে যদিহে কোনো লোকক কামোৰে, তেন্তে কামোৰাৰ ১০ দিন মানৰ ভিতৰত ব্যক্তিগৰাকী জ্বৰত আক্ৰান্ত হয় । শৰীৰৰ যিটো অংশত এই পোক বিধে কামোৰে এই অংশত এটা কলা দাগ পৰি যায় ।

আনহাতে, এই জ্বৰ হ’লে জ্বৰৰ লগতে অত্যন্ত গাৰ বিষ, মূৰৰ কামোৰণি হোৱা দেখা যায় । ইয়াৰোপৰি ডায়েৰীয়া, বমি আদিও হ’ব পাৰে । এইসমূহ লক্ষণ দেখাৰ লগে লগে তাৎক্ষণিকভাৱে চিকিৎসা কৰাটো প্ৰয়োজন । শিশুৰোগ বিশেষজ্ঞ ডাঃ চামিউল এ. হুছেইনে জানিবলৈ দিয়া অনুসৰি এই ৰোগৰ বৰ্তমানলৈ কোনো ভেকচিন ওলোৱা নাই । সেয়ে এনেক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰাটো অত্যন্ত প্ৰয়োজন ।

সেয়ে পাহাৰীয়া অঞ্চল, বিশেষকৈ মেঘালয়লৈ গ’লে সকলোৱে বিশেষ সাৱধানতা অৱলম্বন কৰা উচিত । এনে ঠাইলৈ লৈ গ’লে শিশুকসকলক সদায় দীঘল হাতৰ কাপোৰ পিন্ধাই নিব লাগে । কেৱল সাৱধানতা অৱলম্বনৰেহে এই ৰোগৰ পৰা বাছি থাকিব পাৰি ।

লগতে পঢ়ক : সুৰা ত্যাগ কৰিলে লিভাৰৰ কি হয় কেতিয়াবা ভাবি চাইছেনে?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.