ETV Bharat / state

শেষৰজন সদস্য জীয়াই থকালৈকে কোনােপধ্যে 'কা’ মানি লােৱা নহ'ব : বিতু সোণোৱাল - কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ‘কা’ বলবৎ কৰিম বুলি কৰা ঘোষণা সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিক্ৰিয়া । অসমীয়া জাতিয়ে কোনোপধ্যেই ‘কা’মানি নলয় বুলি তীব্ৰ হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ (KMSS reaction on home minister comment regarding CAA)৷

kmss-reaction-on-home-minister-comment-regarding-caa
কোনো কাৰণতে 'কা' মানি লোৱা নহ'ব : কৃষক মুক্তি সংগ্ৰাম সমিতি
author img

By

Published : May 6, 2022, 10:41 PM IST

গুৱাহাটী,৬ মে' : কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে পশ্চিমবংগৰ এখন সভাত ‘কা’ বলবৎ কৰিম বুলি কৰা ঘোষণাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন । আৰম্ভণিৰ পৰাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি অহা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কেন্দ্ৰীয় গৃহমন্ত্রীৰ ঘােষণাৰ তীব্র বিৰােধিতা কৰিছে (KMSS reaction on home minister comment regarding CAA)।

এই সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিতু সােণোৱালে (KMSS General Secretary Bitu Sonowal) কয় যে, অসাংবিধানিক, সাম্প্রদায়িক, অগণতান্ত্রিক আৰু অসম চুক্তি বিৰােধী নাগৰিকত্ব সংশােধনী আইন কোনােপধ্যে মানি লােৱা নহ'ব । কেন্দ্ৰৰ বিজেপি চৰকাৰে নাগৰিকত্ব সংশােধনী আইনৰ জৰিয়তে ১ কোটি ৯০ লাখ হিন্দু বাংলাদেশী অসমত জাপি দিবলৈ বিচাৰিছে ।

২০১৯ চনৰ ডিচেম্বৰ মাহত অসমৰ সর্বস্তৰৰ জনতাই ইয়াৰ বিৰােধিতা কৰি ৰাজপথ উত্তাল কৰি তুলিছিল । ২০১৯ চনৰ ১০, ১১ আৰু ১২ ডিচেম্বৰত অসমৰ ৰাজপথত ‘কা’ৰ বিৰুদ্ধে এক গণবিদ্ৰোহৰ সূচনা হৈছিল । বিজেপি চৰকাৰে এই সর্বস্তৰৰ প্রতিবাদক বিভিন্ন দমনমূলক নীতিৰে ষড়যন্ত্র কৰি ‘কা’ অসমৰ ওপৰত জাপি দিলে । বিজেপি চৰকাৰে কৃষক মুক্তি সংগ্রাম সমিতিৰ নেতা-কর্মীক কাৰাগাৰলৈ নিক্ষেপ কৰিলে । কৃষক মুক্তি সংগ্রাম সমিতিৰ বহু নেতাৰ ওপৰত ইউএপিএৰ দৰে ক'লা আইন জাপি দিয়া হ'ল ।

কোনো কাৰণতে 'কা' মানি লোৱা নহ'ব : কৃষক মুক্তি সংগ্ৰাম সমিতি

তাৰােপৰি সন্ত্রাসবাদীৰ ওপৰত তদন্ত কৰিবলৈ গঠন হােৱা এনআইএৰ দৰে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ তদন্তৰ জৰিয়তে কৃষক মুক্তি সংগ্রাম সমিতিক নিঃশেষ কৰাৰ ষড়যন্ত্র লিপ্ত হ'ল । তাৰ পিছতাে কৃষক মুক্তি সংগ্রাম সমিতিৰ সংগ্ৰামক বিজেপি চৰকাৰে স্তব্ধ কৰিব নােৱাৰিলে বুলি তেওঁ কয় ।

লগতে তেওঁ কয় যে, যদি অমিত শ্বাহ আৰু হিমন্ত বিশ্ব শৰ্মাই এইবাৰ কা’ বলবৎ কৰি আইনত পৰিণত কৰিবলৈ বিচাৰে তেতিয়াহ'লে কৃষক মুক্তি সংগ্রাম সমিতিয়ে অসমৰ সৰ্বস্তৰৰ জনতাক লগত লৈ ‘কা’ৰ বিৰুদ্ধে পুনৰ ৰাজপথত সংগ্রাম কৰিবলৈ বাধ্য থাকিব । অসমীয়া জাতিয়ে কোনােপধ্যে ‘কা’ মানি নলয় । কৃষক মুক্তি সংগ্রাম সমিতিৰ শেষৰজন সদস্য জীয়াই থকালৈকে কোনােপধ্যে 'কা’ মানি লােৱা নহ'ব ।

লগতে পঢ়ক : চেক নকল কৰি কোনে সৰকালে দিছপুৰ মহাবিদ্যালয়ৰ একাউন্টৰ ৭৬ লাখ টকা ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.