ETV Bharat / state

উৰুকাৰ দিনাই 24 ঘণ্টীয়া অন্দোলনত নামিব কৃষক মুক্তি সংগ্ৰাম সমিটি - APSC কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ সময়ত বহু বিজেপিৰ কৰ্মীয়ে দান-বৰঙণি দিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিক

অখিল গগৈৰ মুক্তিৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি সংবাদমেল ৷ সংবাদমেলৰ জড়িয়তে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি অনিল বড়োৰ ৷

KMSS press meet on the demand of release of Akhil Gogoi
অখিল গগৈৰ মুক্তিৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি সংবাদমেল
author img

By

Published : Jan 5, 2020, 2:15 PM IST

গুৱাহাটী,5 জানুৱাৰী: নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে জোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে NIA ৰ বিশেষ গোচৰত গ্ৰেপ্তাৰ হোৱা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ মুক্তিৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি সংবাদমেল ৷ দেওবাৰে গান্ধীবস্তি স্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত সংবাদমেল সম্বোধন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি অনিল বড়োৱে ৷ সংবাদমেল যোগে অখিল গগৈক অতি শীঘ্ৰে মুকলি নকৰিলে তীব্ৰ আন্দোলনৰ ভাবুকি সংগঠনটোৰ কাৰ্যকৰী সভাপতি গৰাকীৰ ৷

অখিল গগৈৰ মুক্তিৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি সংবাদমেল

সংবাদমেলত অনিল বড়োৰ স্পষ্ট মত, আন্দোলন তীব্ৰতৰ হোৱাৰ বাবেই NIA ৰ দলে ভুৱা তথ্যৰে মাওবাদী সজাইছে অখিল গগৈক ৷ লগতে দলৰ সাধাৰণ সম্পাদক ধৈৰ্য্য কোঁৱৰ আৰু বিতু সোণোৱালক গ্ৰেপ্তাৰ কৰি প্ৰতিবাদ স্থবিৰ কৰাৰ ষড়ষন্ত্ৰ কৰিছে চৰকাৰে ৷

উল্লেখ্য যে, সংবাদমেলৰ জড়িয়তে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক প্ৰত্যাহ্বান জনাই অনিল বড়োৱে মন্তব্য কৰে যে যদি অখিল গগৈ মাওবাদী হয় তেনেহলে তথ্য সহ প্ৰমাণ কৰক ৷ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই কয় যে, তেঁও কোৱাৰ দৰে যদি সঁচাকৈ আন্দোলনৰ সময়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কোনো সদস্যই হিংসাত্মক ঘটনাত জড়িত থকাৰ ভিডিঅ' আছে তেন্তে সেইয়া সোনকালে ৰাজহুৱা কৰক ৷ ইয়াৰ উপৰিও কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি অনিল বড়োৱে ৰঞ্জিত দাসে প্ৰদান কৰা এখন দগা পাল্লা প্ৰদৰ্শন কৰি প্ৰশ্ন কৰে যে, যদি যদি কৃষক মুক্তি মাওবাদী সংগঠন হয় তেন্তে কংগ্ৰেছৰ দিনত বিজেপিয়ে কিয় দিছিল আৰ্থিক সাহাৰ্য ? 2011-12 চনত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ কৰি থকাৰ সময়ত সূলভ মূল্যত শাক-পাচলি যোগান ধৰাৰ পদক্ষেপক আদৰণি জনাই কিয় প্ৰদান কৰিছিল এই দগাপাল্লা ? লগতে APSC কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ সময়ত কিয় বহু বিজেপিৰ কৰ্মীয়ে দান-বৰঙণি দিছিল বুলি প্ৰশ্ন কৰি অনিল বড়োৱে কয় যে প্ৰয়োজন হ'লে আমি দান বৰঙণি প্ৰদান কৰা সকলৰ তালিকাও প্ৰকাশ কৰিব পাৰিম ৷

KMSS press meet on the demand of release of Akhil Gogoi
ৰঞ্জীত দাসে কৃষক মুক্তি সংগ্ৰাম সমিতিক প্ৰদান কৰা দগাপাল্লা

ইমানেই নহয়, কৃষক মুক্তি মৰিবলৈ জন্ম হোৱা নাই বুলি মন্তব্য কৰি অনিল বড়োৱে কয় কৰে যে, ৰাইজৰ লগত থাকি ৰাইজৰ আৱেগ অনুভুতিক সন্মান জনাই এই সংগঠনটোৱে সদায় আন্দোলন চলাই যাব ৷ লগতে নাগৰিকত্ব সংশোধনী আইন বিৰোধী এই আন্দোলন দীঘলীয়া হ'ব বুলি মন্তব্য কৰি অনিল বড়োৱে চৰকাৰক সকীয়াই দিয়ে যে, কোনো ষড়ষন্ত্ৰই এই আন্দোলনক স্তব্ধ কৰিব নোৱাৰে ৷ উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা আৰু কৃষক নেতা অখিল গগৈক মুক্তিৰ দাবীত 14 জানুৱাৰীৰ উৰুকা দিনটোত দিনৰ 11 বজাৰ পৰা 12 জানুৱাৰীৰ দিনৰ 11 বজালৈকে 24 ঘণ্টীয়া আন্দোলন কৰিব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷

Intro:
বৰপেটা, ৫ জানুৱাৰীঃ
বৰপেটা ; জনসমাজত যি পৰিচিত সত্ৰনগৰী হিচাপে ৷ বৰপেটাৰ জনসমাজক একত্ৰিত, সংগঠিত, সু-শৃংখলিত কৰি ৰাখিছে এটা অনুষ্ঠানে ৷ সেয়া বৰপেটা সত্ৰ ৷ বৰপেটাৰ জনসমাজত সত্ৰখনৰ আছে বিশাল, গভীৰ প্ৰভাৱ ৷ সত্ৰখনক বাদ দি কোনো কথাই ভাবিব নোৱাৰে বৰপেটাৰ প্ৰতিজন লোকে ৷ বৰপেটাৰ জনজীৱনত সত্ৰখনৰ প্ৰভাৱ অনন্য, অপৰিসীম ৷ Body:সূৰ্যোদয়ৰ মুহূৰ্তৰ পৰা পাটীত পৰালৈকে বৰপেটাৰ লোকসমাজক নিয়ন্ত্ৰিত, পৰিচালিত কৰি আহিছে বৰপেটা সত্ৰই ৷
ব্ৰহ্মমূহুৰ্তত সত্ৰৰ নিয়মীয়া কামকাজ আৰু পৰৱৰ্তী নৈমিত্তিক প্ৰসংগৰে আৰম্ভ হয় বৰপেটাৰ সমাজ জীৱন ৷ সত্ৰৰ ঘাই দেউৰীয়ে পুৱা অক্ষয় বন্তিত তেল শলিতা আগবঢ়াই সত্ৰৰ প্ৰয়োজনীয় কাম কাজত ব্যস্ত হৈ পৰে ৷ তাৰপিচতে গুৰুআসনৰ সন্মুখত নৈত্য প্ৰসংগ অনুষ্ঠিত হয় ৷ বৰপেটা সত্ৰৰ এক বিশেষ বৈশিষ্ঠও এইক্ষেত্ৰত মনকৰিবলগীয়া ৷ বৰপেটা সত্ৰত মহিলাক দিয়া হয় প্ৰাধান্য ৷ সত্ৰৰ কীৰ্তনঘৰৰ কাঠিত মহিলাসকলেই প্ৰথমে প্ৰসংগত ভাগ লয় ৷ মহিলাসকলে প্ৰসংগ সামৰাৰ পিচতেই সত্ৰৰ ভকতসকলে প্ৰসংগ আৰম্ভ কৰে ৷ ব্ৰহ্মমূহুৰ্তৰ পৰা নিশালৈকে চৈধ্য প্ৰসংগত ভাগ লয় সত্ৰৰ ভকত-বৈষ্ণৱে ৷ আনহাতে সত্ৰত অনুষ্ঠিত ভাগৱত পাঠ আৰু ব্যাখ্যাত নিতৌ অসংখ্যজনে ভাগ লৈ চিত্ত মন তৃপ্ত কৰে ৷ সত্ৰখনে বৰপেটাৰ সমাজজীৱনক অভিনৱধৰনে বান্ধি ৰাখিব পাৰিছে ৷ বৰপেটাবাসীৰ সকলো সুখ আৰু প্ৰাপ্তিৰ সৈতে সত্ৰখনৰ যেন এৰাবনোৱাৰা এক আত্মিক সম্পৰ্ক ৷ সুখতো অথবা দুখতো প্ৰতিজন বৰপেটাৰ লোক দৌৰি আহে সত্ৰখনলৈ ৷ আনহাতে গুৰু দুজনাৰ তিথি উৎসৱ আদিতো বৰপেটাৰ লোকসকল উবুৰি খাই পৰে ৷

লক্ষ্যনীয়ভাৱে আধুনিকতাৰ বতাহে বৰপেটাৰ সমাজ জীৱনকো খুন্দিয়াইছে যদিও আজিও পিছে বৰপেটাৰ সমাজ জীৱনক আধুনিকতাৰ বতাহে আঘাত হানিব পৰা নাই ৷ স্থুল আধুনিকতাত উটি ভাহি যোৱা নাই বৰপেটাৰ সত্ৰীয়া সমাজ ৷ যিমানেই ওখ খাপৰ বিষয়া নহওক কিয় সত্ৰীয়া পৰম্পৰা আৰু বংশৰা অনুসৰি প্ৰতিজন লোকেই সত্ৰৰ নৈমিত্তিক প্ৰসংগ সমুহত ভাগ লোৱাত কেতিয়াও অৱহেলা নকৰে ৷ আনহাতে নতুন প্ৰজন্ময়ো সত্ৰীয়া কৃষ্টি সংস্কৃতিক নিজৰ বুলি হৃদয়েৰে আকোৱালি লৈ সত্ৰীয়া পৰম্পৰাৰ সৈতে নিজকে জৰিত কৰি আহিছে ৷
বৰপেটাৰ সত্ৰীয়া সমাজৰ সৈতে বৰপেটাৰ লোক কৃষ্টি, লোক পৰম্পৰা আৰু লোক শিল্পসমুহ অংগাংগীভাৱে জৰিত হৈ আছে ৷ সত্ৰৰ গুৰু আসন নিৰ্মাণ , সত্ৰৰ নামঘৰৰ দুৱাৰ, জালনা, বেৰ আদিত বিবিধ ধৰ্মীয় আখ্যান সম্বলিত চিত্ৰ অংকনৰ শিল্পৰ সৈতে এতিয়াও বৰপেটাৰ বহু লোক জৰিত হৈ আছে ৷ ৰাজ্যৰ নামঘৰ সমুহৰ বাবে প্ৰয়োজনীয় গুৰু আসন আৰু আন কাঠৰ সামগ্ৰী বৰপেটাৰ শিল্পীয়ে নিৰ্মাণ কৰি আহিছে ৷ এনেদৰেই যুগে যুগে বৰপেটা সত্ৰ আৰু সত্ৰৰ লোকপৰম্পৰাই বৰপেটাৰ লোকসমাজক সমৃদ্ধ কৰি আহিছে ৷

Conclusion:বাইটঃ বশিষ্ঠ শৰ্মা, বুঢ়া সত্ৰীয়া বৰপেটা সত্ৰ ৷

বাইটঃ মনোজ কুমাৰ দাস, সংগীত নাটক বঁটা প্ৰাপক যুৱ শিল্পী ৷

--- বাপকন দাস, বৰপেটা ৷

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.