গুৱাহাটী,15 ফেব্ৰুৱাৰীঃ শনিবাৰে কৃষক মুক্তিৰ কাৰাবন্দী নেতা অখিল গগৈ, ধৈৰ্য্য কোঁৱৰ আৰু বিতু সোণোৱালক কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় । আদালত চৌহদত অখিল গগৈয়ে কা বিৰোধী আন্দোলন সবল নোহোৱা বুলি প্ৰকাশ কৰে । লগতে চৰকাৰক বাধ্য কৰাব পৰা আন্দোলন হোৱা উচিত বুলি আক্ষেপেৰে কয় ৷ নেতা তিনিজনক অসম আৰক্ষীৰ অপৰাধ শাখাই নিজৰ জিম্মাত বিচাৰে যদিও আদালতে এই অনুৰোধ অগ্ৰাহ্য কৰে । তাৰ পৰিৱৰ্তে প্ৰয়োজনত নেতাকেইজনক কাৰাগাৰতে জেৰা কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে ।
লগতে চাওকঃছাত্ৰ আত্মহত্যাক লৈ উত্তপ্ত নগাঁও, এক প্ৰতিবেদন......