ETV Bharat / state

পত্নী সন্তানক লগত লৈ কে এল অ’ৰ সাধাৰণ সম্পাদকৰ আত্মসমৰ্পন

author img

By

Published : Aug 19, 2022, 8:50 AM IST

আত্মসমৰ্পন কৰিলে কমতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যনৰ সাধাৰণ সম্পাদক কৈলাস কোচ(KLO general secretary Kailash Koch) ওৰফে কেশৱ বৰ্মনে ৷ বৃহস্পতিবাৰে লগত পত্নী-সন্তানক লৈ পশ্চিমবংগ আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে বিদ্ৰোহী নেতাগৰাকীয়ে ৷

KLO general secretary Kailash Koch
পত্নী সন্তানক লগত লৈ আত্মসমৰ্পন কৰিলে কে এল অ’ৰ সাধাৰণ সম্পাদকে

নিউজ ডেস্ক, 19 আগষ্ট: অৱশেষত আত্মসমৰ্পন কৰিলে বিদ্ৰোহী সংগঠন কমতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যনৰ সাধাৰণ সম্পাদক কৈলাস কোচে ৷ বৃহস্পতিবাৰে অস্ত্ৰসহ পত্নী-সন্তানক লগত লৈ কলকতা আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে বিদ্ৰোহী নেতাগৰাকীয়ে (KLO general secretary Kailash Koch)৷ পশ্চিমবংগ আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চ (এছটিএফ) ইউনিটৰ সন্মুখত আত্মসমৰ্পণ কৰে কে এল অ’ৰ সাধাৰণ সম্পাদক কৈলাশ কোচ আৰু পত্নী স্বপ্না কোচে (KLO member Swapna Koch)৷ ইয়াৰে পাছতে পশ্চিমবংগৰ আৰক্ষী সঞ্চালক প্ৰধান মনোজ মালৱিয়াই এই সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে ৷

উল্লেখ্য যে, ২০১৩ চনৰ জানুৱাৰী মাহৰ পৰা কে এল অ’ৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা কৈলাশ কোচৰ আলফা(স্বা)কে ধৰি কেইবাটাও বিদ্ৰোহী সংগঠনৰ সৈতেও ঘনিষ্ঠ সম্পৰ্ক আছিল । কোচৰ বিৰুদ্ধে পশ্চিমবংগত চাৰিটা গোচৰ আৰু অসমত বহুকেইটা গোচৰ ৰুজু হৈ আছিল । আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে ২০০৮-২০১২ চনৰ ভিতৰত পশ্চিমবংগৰ কোচবিহাৰ আৰু মালদা জিলাৰ লগতে অসমৰ কেইবাখনো জিলাত তেওঁৰ নেতৃত্বত কেইবাটাও হিংসাত্মক কাৰ্যকলাপৰ লগতে অপহৰণ আৰু ধন দাবীৰ ঘটনা সংঘটিত হৈছিল ৷

আনহাতে কৈলাস কোচৰ পত্নী স্বপ্না কোচে কে এল অ’ত(Kamtapur Liberation Organisation) যোগদান কৰি ২০১১-২০১২ চনত ম্যানমাৰত সামৰিক-গেৰিলা প্ৰশিক্ষণ গ্ৰহণ কৰিছিল । ২০১৩ চনত ইম্ফলত আছাম ৰাইফলছে স্বপ্না কোচক আটক কৰি এবছৰৰ বাবে ডিটেনশ্যন কেম্পতো ৰাখিছিল ।

গুৰুত্বপূৰ্ণ কথা যে, স্বাধীনতা দিৱসৰ পূৰ্বে কে এল অ’ৰ সেনাধ্যক্ষ জীৱন সিংহই(KLO chief Jiban Sinha) মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ এক অডিঅ’ বাৰ্তা প্ৰৰণ কৰিছিল ৷ উক্ত অডিঅ’ বাৰ্তাটোৰ জৰিয়তে সিংহই চৰকাৰৰ সৈতে শান্তি আলোচনাৰ বাবে থকা আগ্ৰহৰ কথা জানিবলৈ দিছিল ৷ ইয়াৰ পাছতে মুখ্যমন্ত্ৰী ড৹ শৰ্মায়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যে কে এল অ’ৰ সেনাধ্যক্ষগৰাকীৰ সৈতে তেওৰ প্ৰায়েই কথা-বতৰা চলি থাকে ৷ শান্তি আলোচনাৰ বাবে জীৱন সিংহৰ থকা আগ্ৰহৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰকীয়ে আদৰণি জনাইছিল বিদ্ৰোহী সংগঠনটোক ৷

ৰাজ্য চৰকাৰ আৰু বিদ্ৰোহী সংগঠন কে এল অ’ৰ মাজত এনে এক ইতিবাচক ইংগিতে স্থান লোৱাৰ সময়তে বৃহস্পতিবাৰে সংগঠনটোৰ সাধাৰণ সম্পাদক কৈলাস কোচ আৰু পত্নী স্বপ্না কোচে আত্মসমপৰ্পন কৰা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে ৷

লগতে পঢ়ক: দিলীপ শইকীয়াৰ মতে ৰাজ্যৰ 99 শতাংশ লোকে সমৰ্থন নকৰে কা বিৰোধী আন্দোলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.