ৰোহিত শৰ্মাকে ধৰি 5 গৰাকী খেলুৱৈক প্ৰদান কৰা হ'ব 2020 বৰ্ষৰ খেল ৰত্ন বঁটা - 2020 বৰ্ষৰ খেল ৰত্ন বঁটা
ক্ৰিকেটাৰ ৰোহিত শৰ্মা, মল্লযুঁজাৰু ৱিনেশ ফোগাট, মহিলা হকী কেপ্তেইন ৰাণী ৰামপাল, টেবুল টেনিছ তাৰকা মণিকা বাত্ৰা, পেৰা-এথলীট মাৰিয়াপ্পান থাংগাভেলুক প্ৰদান কৰা হ'ব 2020 বৰ্ষৰ খেল ৰত্ন বঁটা ৷

খেল ৰত্ন
নিউজ ডেস্ক, 21 আগষ্ট: প্ৰথমবাৰলৈ একেলগে ৫ জনকৈ ক্ৰীড়াবিদক প্ৰদান কৰা হ'ব 'খেল ৰত্ন' বঁটা ৷ ক্ৰিকেটাৰ ৰোহিত শৰ্মা, মল্লযুঁজাৰু ৱিনেশ ফোগাট, মহিলা হকী কেপ্তেইন ৰাণী ৰামপাল, টেবুল টেনিছ তাৰকা মণিকা বাত্ৰা, পেৰা-এথলীট মাৰিয়াপ্পান থাংগাভেলুক প্ৰদান কৰা হ’ব এই বঁটা ৷ ২৯ আগষ্টত ৰাষ্ট্ৰীয় খেল দিৱসত খেলুৱৈ গৰাকীক প্ৰদান কৰা হ'ব খেলৰত্ন ৷
ভাৰতীয় ক্ৰিকেট দলত এই বঁটা পোৱা খেলুৱৈ সকলৰ ভিতৰত ৰোহিত শৰ্মা চতুৰ্থজন খেলুৱৈ ৷ ইয়াৰ পূৰ্বে ১৯৯৮ শচীন তেণ্ডুলকাৰ, ২০০৭ চনত এম.এছ ধোনী আৰু ২০১৮ চনত বিৰাট কোহলীয়ে লাভ কৰিছিল খেল ৰত্ন বঁটা ৷
লগতে পঢ়ক: IPL ২০২০: ডুবাইত উপস্থিত অসমৰ চাৰি খেলুৱৈ