ETV Bharat / state

Assam Cabinet decisions: পূজাত চাহ শ্ৰমিকলৈ ২০ শতাংশ বোনাচ; দেৱালীত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ যোগ্য শিক্ষাৰ্থীক স্কুটী

author img

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 10:02 PM IST

Updated : Oct 2, 2023, 10:17 PM IST

১ অক্টোবৰৰ‌ পৰা কাৰ্যকৰী হোৱাকৈ অসমৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰা হৈছে ৷ সোমবাৰে গুৱাহাটীত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত ৷

Know the Key Decisions of Assam Cabinet
ৰাজ্যিক কেবিনেট বৈঠক

গুৱাহাটী, ২ অক্টোবৰ : অসমৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰা হৈছে ।‌ ১ অক্টোবৰৰ‌ পৰা কাৰ্যকৰী হোৱাকৈ অসমৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰা হৈছে ৷ সোমবাৰে গুৱাহাটীত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে ৷

কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহ সাংবাদিকৰ আগত সদৰী কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ২৩২ টকাৰ পৰা‌ ২৫০ টকালৈ বৃদ্ধি কৰা‌‌ হৈছে ৷ ইফালে অসমৰ বৰাক উপত্যকাৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ২১০ টকাৰ পৰা‌ ২২৮ টকালৈ বৃদ্ধি কৰা‌‌ হৈছে ৷

অৰ্থাৎ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ চাহ‌ শ্ৰমিকৰ দৈনিক মজুৰি ১৮ টকাকৈ বৃদ্ধি কৰা হৈছে ৷ ইফালে অসমৰ চাহ শ্ৰমিকসকলক ২০ শতাংশ হিচাপত পূজাৰ বোনাচ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ Assam Tea Corporation Limited ৰ অধীনত থকা চাহ বাগিচাৰ শ্ৰমিকসকলক অসম চৰকাৰে ২০ শতাংশ হিচাপত এই পূজাৰ বোনাচ দিব ৷

আনহাতে কেবিনেটত চাহ শ্ৰমিক অথবা আদিবাসীসকলৰ বাবে অসম চৰকাৰৰ চাকৰিত ৩ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ কিন্তু আৱেদন কৰা প্ৰাৰ্থীসকলে Non Creamy Layer Certificate জমা দিব লাগিব ৷ অহা ৭ অক্টোবৰত বিজ্ঞাপন জাৰি কৰিবলগীয়া অসম আৰক্ষীৰ পদৰ চাকৰিত এই সংৰক্ষণ প্ৰযোজ্য ‌হ’ব ৷

ইফালে অসমৰ‌ মৰাণ আৰু মটকসকলৰ বাবে এটাকৈ উপ আৰক্ষী অধীক্ষক (DSP) আৰু এটাকৈ দণ্ডাধীশ (Magistrate) ৰ চাকৰি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে ৷ উল্লেখ্য যে চৰকাৰী শিক্ষানুষ্ঠানৰ সপ্তম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে অধ্যয়ন কৰা আৰু পিছত ছেবাৰ অন্তৰ্গত বিদ্যালয়ত অধ্যয়ন সম্পন্ন কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে চিকিৎসা আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়ত পাঁচ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে ৷

আনহাতে, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৬০ শতাংশ নম্বৰ পোৱা ছাত্ৰী আৰু ৭৫ শতাংশ নম্বৰ পোৱা ছাত্ৰক অহা নৱেম্বৰত স্কুটী প্ৰদান কৰা হ'ব ৷ লগতে ৰাজ্যৰ ৰবীন্দ্ৰনাথ ঠাকুৰ‌‌ বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয় আৰু মাধৱদেৱে বিশ্ববিদ্যালয়ৰ অধীনত ১২-১৩ খনকৈ কলেজ Affiliation দিয়াৰ‌ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

আনহাতে কেবিনেটত বজালী বিধানসভা সমষ্টি এলেকাক সামৰি অহা ১১ অক্টোবৰৰ পৰা বজালী জিলা গঠন কৰাৰ সিদ্ধান্ত লোৱা হয় ৷

লগতে কেবিনেটত পৰীক্ষাত পৰীক্ষাৰ্থীয়ে অসৎ কৌশল অৱলম্বন কৰাৰ বিৰুদ্ধে এখন অধ্যাদেশ প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ সন্দৰ্ভত কেতবোৰ নিয়মৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

লগতে পঢ়ক : Minister Jayanta Malla Baruah: এইবাৰ ৰাজ্যত বাংলাদেশী বিচাৰি পাইছে জয়ন্ত মল্ল বৰুৱাই !

Last Updated : Oct 2, 2023, 10:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.