ETV Bharat / state

অম্বুবাচীত গীত পৰিৱেশন কৰিব কৈলাশ খেৰে - কামৰূপ মেট্ৰ'পলিটান

পূৰ্বতকৈ এইবাৰ হ্ৰাস কৰা হৈছে ভক্তৰ শিবিৰ। পাঁচটাৰ তুলনাত চাৰিটা শিবিৰ ঘোষণা কৰিছে জিলা প্ৰশাসনে । ফাঁচীবজাৰ, নাহৰবাৰী, পাণ্ডু, বৰিপাৰাত ভক্তৰ শিবিৰৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে ।

কৈলাশ খেৰৰ সুৰৰ যাদুৰে জীপাল হ'ব অম্বুবাচী মেলাৰ উদ্বোধনী অনুষ্ঠান
author img

By

Published : Jun 6, 2019, 7:05 PM IST

কামৰূপ মেট্ৰ'পলিটান,৬ জুনঃ শক্তিপীঠ মা কামাখ্যা ধামত ২২ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হ'বলগীয়া অম্বুবাচী মেলাকলৈ মহা আয়োজন। ইতিমধ্যে প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে জিলা প্ৰশাসনে । এইবাৰ অম্বুবাচী মেলাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব বলীউডৰ জনপ্ৰিয় কন্ঠশিল্পী কৈলাশ খেৰ । কণ্ঠশিল্পীগৰাকীয়ে অহাৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বুলি জানিবলৈ দিয়ে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে । ২২ তাৰিখে মহানগৰীৰ ভৰলুমুখ সোণাৰাম খেলপথাৰত অম্বুবাচীৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব ।

কৈলাশ খেৰৰ সুৰৰ যাদুৰে জীপাল হ'ব অম্বুবাচী মেলাৰ উদ্বোধনী অনুষ্ঠান

ইফালে পূৰ্বতকৈ এইবাৰ হ্ৰাস কৰা হৈছে ভক্তৰ শিবিৰ। পাঁচটাৰ তুলনাত চাৰিটা শিবিৰ ঘোষণা কৰিছে জিলা প্ৰশাসনে । ফাঁচীবজাৰ, নাহৰবাৰী, পাণ্ডু, বৰিপাৰাত ভক্তৰ শিবিৰৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে । ভক্তৰ বাবে খোৱা-বোৱাৰ উপৰিও বিনামূলীয়া বাছৰ ব্যৱস্থা থাকিব । কামাখ্যা ৰে'ল ষ্টেচনৰ শিবিৰ আঁতৰাই দিয়াৰ বাবে ফাঁচীবজাৰ পুৰণি জেইল ৰ'ডত ডাঙৰকৈ শিবিৰ পতা হৈছে । তাৰোপৰি পূৰ্বতকৈ এইবাৰ অধিক কটকটীয়া কৰা হ'ব নিৰাপত্তা ব্যৱস্থা । যাৱতীয় ব্যৱস্থাৰ বাবে সকলো বিভাগকে প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰিছে জিলা প্ৰশাসনে ।

Intro:
মা কামাখ্যা ধামত ২২ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হ'ব অম্বুবাচী মেলা। ইতিমধ্যেই প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে জিলা প্ৰশাসনে। এইবাৰঅম্বুবাচী মেলাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব বলীউডৰ জনপ্ৰিয় কন্ঠশিল্পী কৈলাশ খেৰ। কণ্ঠশিল্পীগৰাকীয়ে অহাৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে বুলি জানিবলৈ দিয়ে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে। ২২তাৰিখে মহানগৰীৰ ভৰলুমুখ সোণাৰাম খেলপথাৰত অম্বুবাচীৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব। ইফালে পূৰ্বতকৈ এইবাৰ হ্ৰাস কৰা হৈছে ভক্তৰ শিবিৰ। পাঁচটাৰ তুলনাত চাৰিটা শিবিৰ ঘোষণা কৰিছে জিলা প্ৰশাসনে। ফাচীবজাৰ, নাহৰবাৰী, পাণ্ডু, বৰিপাৰাত ভক্তৰ শিবিৰৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে। ভক্তৰ বাবে খোৱা বোৱাৰ উপৰিও বিনামূলীয়া বাছৰ ব্যৱস্থা থাকিব। কামাখ্যা ৰেল ষ্টেচনৰ শিবিৰ অতৰাই দিয়াৰ বাবে ফাচীবজাৰ পুৰণি জেল ৰোডত ডাঙৰকৈ শিবিৰ পতা হৈছে। তাৰোপৰি পূৰ্বতকৈ এইবাৰ অধিক কটকটীয়া কৰা হ'ব নিৰাপত্তা ব্যৱস্থা। যাৱতীয় ব্যৱস্থাৰ বাবে সকলো বিভাগকে প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰিছে জিলা প্ৰশাসনে। Body:Hirul Haque Conclusion:Guwahati
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.