নিউজ ডেস্ক, 4 মে’: ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে মহামাৰীকাল কৰ’ণাৰ সংহাৰ ৷ দিনক দিনে বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ ক’ভিড মহামাৰীৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পৰিৱেশ বন মন্ত্ৰালয় আৰু জলবায়ু পৰিৱৰ্তন বিভাগ, ভাৰত চৰকাৰে (ministry of enviroment forest and climate change wildife dividion,govt. of india) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

সোমবাৰে পৰিৱেশ বন মন্ত্ৰালয় আৰু জলবায়ু পৰিৱৰ্তন বিভাগে এক জাননীৰ জৰিয়তে এই কথা সদৰি কৰিছে ৷
পৰ্যটকৰ বা দৰ্শনাৰ্থীৰ পৰা বন্য জীৱ-জন্তুলৈ মহামাৰী কাল কৰ’ণা যাতে সংক্ৰমিত নহয়, তাৰ বাবে পৰিৱেশ বন মন্ত্ৰালয় আৰু জলবায়ু পৰিৱৰ্তন বিভাগে গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷
লগতে পঢ়ক: ভয়াৱহ দুৰ্যোগৰ দিশে অসমৰ চাহ উদ্যোগ