ETV Bharat / state

ড্ৰ'ন ব্যৱহাৰৰ জৰিয়তে অধিক শক্তিশালী হ'ব বন্যপ্ৰাণীৰ সুৰক্ষা ব্যৱস্থা - এন্টি ডিপ্ৰিডেশ্যন কুইক ৰেচপন্স বাহন

বন বিভাগৰ নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰাৰ বাবে দিবা- নৈশ নিৰীক্ষণ ড্ৰ’ন তথা এন্টি ডিপ্ৰিডেশ্যন ৰেচপন্স বাহন উদ্ধোধন কৰিলে মুখ্যমন্ত্ৰীয়ে ৷ অসমৰ সেউজ আৱৰণ তথা ইয়াৰ বিৰল প্ৰাকৃতিক সম্পদ,জৈৱ- বৈচিত্ৰ্য তথা জীৱকূল আৰু পক্ষীকূলৰ সুৰক্ষাৰ দিশত ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰিছে মুখ্যমন্ত্ৰীয়ে ৷

KAZIRANGA DRONE SECURITY
ৰাজ্য চৰকাৰৰ বন বিভাগৰ নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ
author img

By

Published : Jul 25, 2020, 9:35 AM IST

নিউজ ডেস্ক, 25 জুলাইঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে 24 জুলাইত জনতা ভৱনস্থিত সভাগৃহত বনবিভাগৰ নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰাৰ বাবে দিবা-নৈশ ড্ৰ’ন ,বন্যপ্ৰাণী আৰু মানুহৰ সংঘাতৰ নিৰাময়ত সহায়ক হোৱাকৈ এন্টি ডিপ্ৰিডেশ্যন কুইক ৰেচপন্স বাহন আনুষ্ঠানিক ভাবে উদ্ধোধন কৰে ৷ ইয়াৰ জৰিয়তে আমাৰ বনাঞ্চলৰ আকাশমাৰ্গৰ পৰা নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰি চোৰাং চিকাৰী তথা অবৈধ কাৰ্যকলাপ ৰোধ কৰাত বিশেষ ভাৱে সহায় কৰিব ৷ আনহাতে এই দিবা-নৈশ ড্ৰ’ন জৰিয়তে অসমৰ গাঁৱে-ভূঞে সংঘটিত হৈ থকা হাতী আৰু মানুহৰ সংঘাত নিৰাময় দিশত বিশেষ ভাবে বন বিভাগক সহায় কৰিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ৷

KAZIRANGA DRONE SECURITY
ৰাজ্য চৰকাৰৰ বন বিভাগৰ নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ

মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰদান কৰি কয় যে, একবিংশ শতিকাত তথ্য আৰু প্ৰযুক্তিৰ যুগ ৷ এই তথ্য-পযুক্তিৰ জৰিয়তে বন বিভাগক অধিক শক্তিশালী কৰাৰ বাবে ৰাজ্যৰ বন বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যাতে ইয়াৰ জৰিয়তে বন্যপ্ৰাণী সংৰক্ষণ তথা চোৰাং চিকাৰীৰ কাৰ্যকলাপ ৰোধ কৰিব পৰা যায় ৷ একেখন সভাতে মুখ্যমন্ত্ৰীয়ে কাছাৰ-কৰিমগঞ্জ জিলাক সামৰি থকা বৰাইল বনাঞ্চলৰ বাবে ফৰেষ্ট ডিভিজন এটা স্থাপন কৰাৰ বাবে বন মন্ত্ৰী গৰাকীক নিৰ্দেশ দিয়ে ৷ আনহাতে দিহিং-পাটকাই বন্য প্ৰাণী অভয়াৰণ্যক ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে উন্নীত কৰা আৰু পবা সংৰক্ষিত বনাঞ্চলক অভয়াৰণ্যলৈ উন্নীত কৰাৰ বাবেও ৰাজ্য চৰকাৰে যাবতীয় পদক্ষেপ গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ৷

উক্ত সভাখনত বন বিভাগৰ মুখ্য বন সংৰক্ষক এ এম সিঙ ৰাজ্য চৰকাৰ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য , মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হষীকেশ গোস্বামী, আইন উপদেষ্টা শান্তনু ভৰালী, বনবিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, মুখ্য বন্যপ্ৰাণী সংপালক এম কে যোদৱ প্ৰমুখ্যে বন বিভাগৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে ৷

লগতে পঢ়কঃ আৰক্ষীৰ জালত হত্যাকাৰীঃ পৰিত্যক্ত অৱস্থাত উদ্ধাৰ চুইফট ডিজায়াৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.