ETV Bharat / state

কাঞ্চনজংঘা চাই লাভ কৰক 1 লাখ টকা! - সন্দিকৈ কলেজ

অসমৰ গল্ড ছবিগৃহত কাঞ্চনজংঘা চিনেমা দৰ্শন কৰা লোকসকলৰ মাজত লটাৰীৰ ব্যৱস্থা কৰিছে গল্ড ছবি গৃহই আৰু লটাৰীৰ যোগে এজন ভাগ্যবান দৰ্শক বিচাৰি 1 লাখ টকা পুৰস্কাৰ প্ৰদান কৰাৰ কথা জানিবলৈ দিলে কাঞ্চনজংঘা ছবিৰ প্ৰচাৰৰ মাজতে জুবিন গাৰ্গ আৰু গল্ড চিনেমাৰ স্বত্বাধিকাৰী ৰাজীৱ বৰাই

কাঞ্চনজংঘা চাই লাভ কৰক 1 লাখ টকা!
author img

By

Published : Sep 1, 2019, 11:36 PM IST

গুৱাহাটী, 1 চেপ্তেম্বৰঃ অপ্ৰতিৰোধ্য জুবিন গাৰ্গ । উজনিৰ পৰা নামনিলৈ একেৰাহে ঘূৰি ফুৰিছে জুবিন । সকলোলৈ মাথো এটাই অনুৰোধ জুবিনৰ, ৬ ছেপ্টেম্বৰত মুকলি হ'ব লগা কাঞ্চনজংঘা ছবি চাবলৈ আহিব লাগে দৰ্শক । প্ৰচাৰৰ মাজতে PAYTM ৰ সৈতে হোৱা চুক্তিৰ কথাও জনালে জুবিনে । অসমৰ যিকোনো চিনেমাগৃহত কাঞ্চনজংঘা চালে টিকটৰ মুঠ ধনৰ 50 টকা 'কেচবেক' পাব দৰ্শকে । লগতে অসমৰ গল্ড ছবিগৃহত কাঞ্চনজংঘা চিনেমা চোৱা দৰ্শকৰ মাজত লটাৰীৰ ব্যৱস্থা কৰিছে গল্ড ছবি গৃহই আৰু লটাৰীৰ যোগে এজন ভাগ্যবান দৰ্শক বিচাৰি 1 লাখ টকা পুৰস্কাৰ প্ৰদান কৰাৰ কথা জানিবলৈ দিয়ে জুবিন গাৰ্গ আৰু গল্ড চিনেমাৰ স্বত্বাধিকাৰী ৰাজীৱ বৰাই ।

কাঞ্চনজংঘা চাই লাভ কৰক 1 লাখ টকা!

আনহাতে, সন্দিকৈ কলেজতো কাঞ্চনজংঘা ছবিৰ প্ৰচাৰৰ বাবে উপস্থিত হ'ল জুবিন । এবাৰ দুবাৰ নহয় টকা শেষ নোহোৱালৈ কাঞ্চনজংঘা ছবি চাবলৈ যাব সন্দিকৈ ছোৱালী কলেজৰ ছাত্ৰীসকল । প্ৰিয় শিল্পী গৰাকীক ওচৰত পাই এনেদৰে মন্তব্য কৰে ছাত্ৰীসকলে ৷ আনহাতে সকলোকে কাঞ্চনজংঘা চাবলৈও অনুৰোধ কৰে ছাত্ৰী সকলে ।

Intro:অপ্ৰতিৰোধ্য জুবিন গাৰ্গ। উজনিৰ পৰা নামনিলৈ একেৰাহে ঘূৰি ফুৰিছে জুবিনে। সকলোলৈ মাথো এটাই অনুৰোধ জুবিনৰ। ৬ ছেপ্টেম্বৰত মুকলি হব লগা কাঞ্চনজঙ্ঘা ছবি দৰ্শনৰ বাবে আহিব লাগে। অসমীয়া ছবিলৈ যেন জোৱাৰ নমাই আনিব বিচাৰিছে জুবিনে ।

Body:উজনি অসম কাঞ্চনজঙ্ঘা প্ৰচাৰৰ কৰি আহি গুৱাহাটীত উপস্থিত হৈছে জুবিন গাৰ্গ। গুৱাহাটীৰ প্ৰথমেই খানাপাৰ পশু চিকিৎসা মহাবিদ্যালয়ত কাঞ্চনজঙ্ঘা ছবিৰ প্ৰচাৰ কৰিলে জুবিনে । প্ৰচাৰৰ মাজতে PAYtm ৰ সৈতে হোৱা চুক্তিৰ কথাও কলে জুবিন লগতে জুবিনৰ কাঞ্চনজঙ্ঘা ছবিৰ টিমে। অসমৰ যিকোনো চিনেমাগৃহত কাঞ্চনজঙ্ঘা চালে টিকটৰ অংশৰ 50 টকা দৰ্শকে ঘূৰাই পাব।লগতে অসমৰ গল্ড চিনেমা হলত কাঞ্চনজঙ্ঘা চিনেমা দৰ্শন কৰা লোকসকলৰ মাজত লটাৰীৰ ব্যৱস্থা কৰিছে গল্ড চিনেমা হলে আৰু লটাৰীৰ যোগে এজন ভাগ্যবান দৰ্শক বিচাৰি 1 লাখ টকা পুৰস্কাৰ প্ৰদান কৰাৰ কথা জানিবলৈ দিলে কাঞ্চনজঙ্ঘা ছবিৰ প্ৰচাৰৰ মাজতে জুবিন গাৰ্গ আৰু গল্ড চিনেমাৰ স্বত্বাধিকাৰী ৰাজীৱ বৰাই।

Conclusion:গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ পৰা কাঞ্চনজঙ্ঘা ছবিৰ প্ৰচাৰ আৰম্ভ কৰিছে অপ্ৰতিৰোধ্য জুবিনে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.