ETV Bharat / state

Transport Enforcement Dept Drive against Vehicle : গুৱাহাটীত জব্দ ২৪ খন বাহন - কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ অভিযান

গুৱাহাটী মহানগৰীত চিটি বাছ, মেজিক আদিত যাত্ৰীৰ পৰা অধিক ভাড়া আদায় কৰা আৰু বে-আইনীভাৱে অধিক যাত্ৰী কঢ়িয়াই চলাচল কৰা সম্পৰ্কত কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগৰ অভিযান ৷ বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলা পৰিবহন (এনফৰ্চমেণ্ট) বিভাগে (Kamrup Metro District Transport Department) জব্দ কৰে ২৪ খন বাহন আৰু ৰুজু কৰে মুঠ ৩৫ টা গোচৰ ৷

Transport Enforcement Dept Drive against Vehicle
গুৱাহাটীত জব্দ ২৪ খন, ৰুজু ৩৫ টা গোচৰ
author img

By

Published : Nov 25, 2021, 8:55 PM IST

গুৱাহাটী, 25 নৱেম্বৰ : গুৱাহাটী মহানগৰীত পৰিবন বিভাগৰ অভিযান ৷ চিটি বাছ, মেজিক আদিত যাত্ৰীৰ পৰা অধিক ভাড়া আদায় কৰা আৰু বে-আইনীভাৱে অধিক যাত্ৰী কঢ়িয়াই চলাচল কৰা সম্পৰ্কত কামৰূপ মহানগৰ জিলা পৰিবহন (এনফৰ্চমেণ্ট) বিভাগ (Kamrup Metro District Transport Department)ৰ অব্যাহত আছে অভিযান ।

বৃহস্পতিবাৰে আকস্মিকভাৱে পুনৰ কামৰূপ মহানগৰ জিলা পৰিবহন (এনফৰ্চমেণ্ট) বিভাগ নামিল অভিযানত ৷ বৃহস্পতিবাৰে মহানগৰীৰ ছয়মাইল আৰু চানমাৰিত জিলা পৰিবহন (এনফৰ্চমেণ্ট) বিভাগে হঠাৎ যাত্ৰীৰ পৰা অধিক ভাড়া আদায় কৰি থকা চিটি বাছ আৰু যাত্ৰীবাহী বাহনৰ বিৰুদ্ধে চলাই এই অভিযান ।

এই অভিযানত জিলা পৰিবহন বিভাগে জব্দ কৰে ২৪ খন বাহন ৷ লগতে এই সংক্ৰান্তত অভিযানকাৰী দলটোৱে মুঠ ৩৫টা গোচৰো ৰুজু কৰে । ইপিনে কৰ আদায় নিদিয়াকৈ ৰাজপথত চলি থকা বাহনৰ বিৰুদ্ধে পহিলা ডিচেম্বৰৰ পৰা জিলা পৰিবহন (এনফৰ্চমেণ্ট) বিভাগৰ দ্বাৰা চলিব আন এক বিশেষ অভিযান ।

Transport Enforcement Dept Drive against Vehicle
গুৱাহাটীত জব্দ ২৪ খন, ৰুজু ৩৫ টা গোচৰ

সংবাদমাধ্যমৰ আগত এই কথা সদৰি কৰে জিলা পৰিবহন বিষয়া গৌতম দাসে (Kamrup DTO officer Gautam Das ) ৷ লগতে তেওঁ কয় যে, পথ-পৰিবহন বিভাগৰ যান-বাহনৰ গৰাকীসকলক বকেয়াসহ যাৱতীয় কৰ আদায় দিবলৈ সাতবাৰকৈ বান্ধি দিয়া হৈছিল সময়সীমা ৷ বিগত ৩১ অক্টোবৰত ইয়াৰ অন্তিম সময়সীমা উকলি গৈছিল ৷

কিন্তু পৰিতাপৰ বিষয় যে, অন্তিম সময়সীমা উকলি যোৱাৰ পাচতো বহুতেই পৰিবহণ বিভাগক কৰ আদায় দিয়া নাই । ফলত কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগৰ কাৰ্যালয়ে অবৈধভাৱে ৰাজপথত চলি থকা ব্যক্তিগত আৰু ৰাজহুৱা পৰিবহন সেৱাৰ যান-বাহনৰ বিৰুদ্ধে আগন্তুক ১ ডিচেম্বৰৰ পৰা অভিযান আৰম্ভ কৰিব ।

লগতে পঢ়ক : অধিক ভাড়া আদায় কৰা যাত্ৰীবাহী বাহনৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ অভিযান

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.