ETV Bharat / state

নিৰাপত্তাৰ নামত কি চলিছে শক্তিপীঠ কামাখ্যাত ! - অসম নিউজ

সমাগত অম্বুবাচী মেলা । মেলাৰ সময়ত লাখ-লাখ ভক্তৰ সমাগম ঘটিব মা কামাখ্যা ধামত । কিন্তু এনে সময়ত আৰক্ষী প্ৰশাসনৰ হাতত তথ্য থকাৰ পাচতো নিৰাপত্তাৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই মহানগৰ প্ৰশাসনে

নিৰাপত্তাৰ নামত কি চলিছে শক্তিপীঠ কামাখ্যাত !
author img

By

Published : May 17, 2019, 5:47 PM IST

Updated : May 17, 2019, 6:05 PM IST

গুৱাহাটী, 17 মে' : সন্ত্ৰাসবাদী সংগঠনৰ লক্ষ্য হৈ পৰিছে নেকি গুৱাহাটী মহানগৰী ! 15 মে' ত মহানগৰীৰ জু-ৰোডত হোৱা ভয়ংকৰ বিস্ফোৰণৰ পাচতে শংকিত হৈ পৰিছে সচেতন ৰাইজ ৷ মহানগৰীৰ অন্যতম তীৰ্থস্থান শক্তিপীঠ কামাখ্যা ধামলৈও ভাবুকি অহাৰ আশংকা ব্যক্ত কৰা হৈছে ।

আনহাতে, সমাগত অম্বুবাচী মেলা । মেলাৰ সময়ত লাখ-লাখ ভক্তৰ সমাগম ঘটিব মা কামাখ্যা ধামত । কিন্তু এনে সময়ত আৰক্ষী প্ৰশাসনৰ হাতত তথ্য থকাৰ পাচতো নিৰাপত্তাৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই মহানগৰ প্ৰশাসনে । বৰ্তমানো কামাখ্যাৰ প্ৰৱেশদ্বাৰসমূহত নাই পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা । কেৱল মূল প্ৰৱেশ পথত মেটেল ডিটেক্টৰ আৰু দুই এজন নিৰাপত্তাৰক্ষী নিয়োগ কৰি দায়িত্ব সামৰিছে আৰক্ষী-প্ৰশাসনে । মন্দিৰ চৌহদৰ পশ্চিমত থকা প্ৰৱেশদ্বাৰতো নাই বিশেষ কোনো ব্যৱস্থা । কেৱল এগৰাকী মহিলা গাৰ্ড নিয়োগ কৰা হৈছে এই প্ৰৱেশদ্বাৰত । মুঠৰ ওপৰত শক্তিপীঠ কামাখ্যাত এতিয়া ধোৱাংবাং নিৰাপত্তা ব্যৱস্থা ।

Intro:জু ৰোডত আলফা স্বাধীনৰ ভয়ংকৰ বিস্ফোৰণ আৰু আই এছ আই এছৰ ভাবুকি। এতিয়া সন্ত্ৰাসবাদী সংগঠনৰ লক্ষ্য হৈ পৰিছে গুৱাহাটী মহানগৰী। মহানগৰীৰ অন্যতম তীৰ্থস্থান শক্তিপীঠ কামাখ্যা ধামলৈও ভাবুকি অহাৰ আশংকা ব্যক্ত কৰা হৈছে। সমাগম অম্বুবাচী মেলা। লাখ-লাখ ভক্ত সমাগম ঘটিব মা কামাখ্যা ধামত। কিন্তু এনে সময়ত আৰক্ষী প্ৰশাসনৰ হাতত তথ্য থকাৰ পাছতো নিৰাপত্তাৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই। বৰ্তমানো কামাখ্যাৰ প্ৰৱেশদ্বাৰসমূহত নাই পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা। কেৱল মূল প্ৰৱেশ পথত মেটেল ডিটেক্টৰ আৰু দুই এজন নিৰাপত্তাৰক্ষী নিয়োগ কৰি দায়িত্ব সামৰিছে আৰক্ষী-প্ৰশাসনে। মন্দিৰ চৌহদৰ পশ্চিমত থকা প্ৰৱেশদ্বাৰতো নাই বিশেষ কোনো ব্যৱস্থা। কেৱল এগৰাকী মহিলা গাৰ্ড নিয়োগ কৰা হৈছে এই প্ৰৱেশদ্বাৰত। মুঠৰ ওপৰত শক্তিপীঠ কামাখ্যাত ধোৱাংবাং নিৰাপত্তা ব্যৱস্থা।Body:Hirul Haque Conclusion:Guwahati
Last Updated : May 17, 2019, 6:05 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.