গুৱাহাটী,২ছেপ্টেম্বৰ: কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ মুক্তিৰ বাবে সংগঠনটোৱে ৰাইজৰ পৰা আৰ্থিক সহায় বিচাৰি জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে অসমৰ ৰাইজে। কৃষক নেতাজনৰ আইনী যুঁজৰ বাবে শিল্পী জুবিন গাৰ্গেও কলাগুৰু ফাউণ্ডেশ্যনৰ জৰিয়তে আগবঢ়াইছে ৫০হাজাৰ টকা। বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা কাৰাগাৰতে বন্দীত্বৰ জীৱন কটাবলগীয়া হৈছে অখিল গগৈয়ে । NIAৰ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত এতিয়াও জামিন লাভ কৰা নাই কৃষক নেতাগৰাকীয়ে।
![অখিল গগৈৰ আইনী সাহায্য পুঁজিলৈ ৫০হাজাৰ টকাৰ সাহায্য কলাগুৰু ফাউণ্ডেশ্যনৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-ghy-801-1september-kalagurufoundation-pic-as10003lipikadeka_01092020155936_0109f_1598956176_428.jpg)
আনহাতে অখিল গগৈক চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে কাৰাবন্দী কৰি ৰখাৰ অভিযোগ উত্থাপন কৰি আহিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে অন্যান্য দল-সংগঠনে। সেয়ে, অখিল গগৈক মুকলি আকাশৰ তললৈ আনিবলৈ আইনী যুঁজ দিবলৈ সাজু হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতি। আইনী যুঁজৰ বাবে পৰ্যাপ্ত ধনৰ অভাৱ হোৱাত যোৱা ১৩ আগষ্টৰ পৰা সংগঠনটোৱে ৰাইজৰ পৰা সাহায্য সংগ্ৰহ কৰি আহিছে । অসমৰ সাধাৰণ ৰাইজৰ লগতে শিল্পীসকলেও অখিল গগৈৰ আইনী সাহায্য পুঁজিলৈ সঁহাৰি আগবঢ়াইছে। মঙলবাৰে জুবিন গাৰ্গৰ কলাগুৰু ফাউণ্ডেশ্যনেও অখিল গগৈৰ আইনী সাহায্য পুঁজিলৈ ৫০হাজাৰ টকা আগবঢ়ায়।