ETV Bharat / state

SI Junmoni Rabha Death: মোক মুখ্যমন্ত্ৰীৰ সহায় নালাগে- জোনমণিৰ মাতৃ

"মোৰ এতিয়া বহুত দুখ ৷ মোৰ ছোৱালীও হেৰাই গ’ল, ল’ৰাটোও হেৰাই গ’ল। মুখ্যমন্ত্ৰী মোৰ ঘৰত অহা বুলি এটা বাতৰি পাইছিলো। কিন্তু মোৰ ঘৰত মুখ্যমন্ত্ৰী এতিয়ালৈ অহা নাই।"- SI জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰকৃত তদন্ত বিচাৰি মাতৃৰ সংবাদমেল ৷

author img

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 2:28 PM IST

SI Junmoni Rabha Death
"জোণমনি ৰাভাৰ মৃত্যুৰ প্ৰকৃত ন্যায়ৰ আশা দেখা নাই..."- মাতৃ

গুৱাহাটী, ২৬ অক্টোবৰ: "জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ প্ৰকৃত ন্যায়ৰ আশা দেখা নাই..." নিজ কন্যাৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত SI জোনমণি ৰাভাৰ বাসগৃহত বৃহস্পতিবাৰে তেওঁৰ মাতৃয়ে এক সংবাদমেল সম্বোধন কৰে।

সংবাদমেলখনত জোনমণিৰ মাতৃয়ে খেদ প্ৰকাশ কৰি কয়, "মোৰ এতিয়া বহুত দুখ ৷ মোৰ ছোৱালীও হেৰাই গ’ল, ল’ৰাটোও হেৰাই গ’ল। মুখ্যমন্ত্ৰী মোৰ ঘৰত অহা বুলি এটা বাতৰি পাইছিলো। কিন্তু মোৰ ঘৰত মুখ্যমন্ত্ৰী এতিয়ালৈ অহা নাই। মোৰ লগত মুখ্যমন্ত্ৰীৰ কোনো ধৰণৰ যোগযোগে হোৱা নাই। মুখ্যমন্ত্ৰী মোৰ লগত অহা বুলি ক’লে ৰাইজে ভাবিব যে মই মুখ্যমন্ত্ৰীৰ লগত মিলি গৈছো ! গতিকে এয়া সম্পূৰ্ণ মিছা কথা। মোৰ দুয়োটা সন্তান মৰি গ’ল মুখ্যমন্ত্ৰীয়ে মোকো মাৰি নিয়ক। মোৰ কোনো নাই, গতিকে মই জীয়াই থকাৰো ইচ্ছা নাই।"

দুৰ্ভগীয়া মাতৃগৰাকীয়ে লগতে কয়, "মোক মুখ্যমন্ত্ৰীৰ পৰা কোনো ধৰণৰ সহায় নালাগে। যেতিয়া মই তেওঁৰ পৰা সহায় পাব লাগিছিল তেতিয়াই নাপালো। এতিয়া মোৰ লগত কোনো নাই, মোৰ সকলো শেষ হোৱাৰ পাচত মুখ্যমন্ত্ৰীৰ সহায় মই কি কৰিম? অসমৰ ৰাইজে মোক সহায় কৰিছে সেয়াই মোৰ বাবে যথেষ্ট। মই অসমৰ ৰাইজৰ লগত আছো, মোক মুখ্যমন্ত্ৰীৰ সহায় নালাগে।"

আনহাতে জোনমণিৰ মৃত্যুৰ আঠমাহৰ পিচত বিগত কিছুদিন পূৰ্বে জোনমণিৰ মোবাইল ফোনটো উদ্ধাৰ হোৱাৰ সম্পৰ্কে ৰাভাৰ মাতৃয়ে কয়, "জোনমণিৰ মৃত্যুৰ ইমান দিন পিছত গাড়ীত মোবাইল পাইছে। ইয়াত কি ৰহস্য আছে সেয়া ৰাইজে বুজিছে। কিন্ত আমি ন্যায় পাব লাগে, অসমৰ ৰাইজে ন্যায় বিচাৰে। মোবাইল পালে যদিও বৰ্তমানেও জোনমণিৰ পাৰ্চটো পাবলৈ বাকী আছে। পাৰ্চটোত জোনমনিৰ সকলো নথি-পত্ৰ আছিল। DGP ফাণ্ডৰ পৰা মোক ৫০ হাজাৰ টকা দিছিল ছোৱালীজনী মৃত্যুৰ পাচত। ৫০ হাজাৰ টকাৰে কি কৰিম মই। মোৰ পৰা পুলিচে কাঢ়ি নিয়া পইচাই ঘূৰাই নিদিলে। হাঁহ কুকুৰা বিক্ৰী কৰি গোটোৱা পইচা ডেৰ লাখ টকা মোক আজিও ঘূৰাই নিদিলে। মোক এতিয়া ন্যায় লাগে। আভাজ্যোতি ৰাভা আৰু লীনা দলে মোৰ ছোৱালীজনীক কি কৰিলে তেওঁলোকে জানিব। তেওঁলোকক ভালকৈ সোধা পোছা কৰিলেই সকলো কথা ওলাই পৰিব।"

উল্লেখযোগ্য যে চলিত বৰ্ষৰ ১মে’ তাৰিখে এক পথ দুৰ্ঘটনাত ৰহস্যজনকভাৱে মৃত্যু হৈছিল SI জোনমণি ৰাভাৰ। তাৰ পিচতে এই সমগ্ৰ ঘটনাত সেই সময়ৰ নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেৰ নাম সাঙোৰ খাই পৰিছিল।

লগতে পঢ়ক: Junmoni Rabha's brother passes away: জোনমণিৰ পৰিয়ালক সকলো ধৰণৰ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.