ETV Bharat / state

JPP merged programme: আজি সন্ধিয়া বিজেপিত চামিল হ’ব দেউৰী আঞ্চলিক শক্তি জিম'চাঁয়া

author img

By

Published : Jan 3, 2023, 3:34 PM IST

Updated : Jan 3, 2023, 4:19 PM IST

অৱশেষত বিজেপিত চামিল হ'ব জিম'চাঁয়া পিপ'লছ পাৰ্টী (Jhimsaya Peoples Party)। বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত মঙলবাৰে সন্ধিয়া এই চামিলকৰণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে । দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ৭খন আসন লাভ কৰাৰ পিছতেই এই বিষয়টো চৰ্চালৈ আহিছিল ।

JPP will merged with BJP at Guwahati
জিমছায়া পিপ'লছ পাৰ্টী

গুৱাহাটী, 3 জানুৱাৰী : বিজেপিত বিলীন হ'ব অসমৰ আৰু এটা ক্ষুদ্ৰ আঞ্চলিক শক্তি ৷ এইবাৰ বিজেপিত চামিল হ'ব দেউৰী আঞ্চলিক শক্তি জিম'চাঁয়া পিপ'লছ পাৰ্টী (Jhimsaya Peoples Party)৷ বিজেপিৰ বশিষ্ঠস্থিত ৰাজ্যিক মুখ্য কাৰ্যালয়ত মঙলবাৰে সন্ধিয়া ৭.৩০ বজাত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত চামিল হ'ব জেপিপি (JPP will merged with BJP at Guwahati) ৷

বৰ্তমান দেউৰী স্বায়ত্তশাসিত পৰিষদৰ অন্যতম ৰাজনৈতিক দল তথা দেউৰী নিৰ্বাচনৰ পূৰ্বে দেউৰী সকলৰ অন্যতম কণ্ঠ ৰূপে পৰিগণিত হোৱা আঞ্চলিক দল জেপিপি ভাৰতীয় জনতা পাৰ্টিৰ সৈতে চামিল হ'ব (Deori Autonomous Council)। যোগদান কৰিব জেপিপিৰ সভাপতি মহেশ দেউৰীসহ আন নেতাসকলে (JPP president) ৷ মাত্ৰ চাৰি মাহৰ আগতে অনুষ্ঠিত দেউৰী পৰিষদীয় নিৰ্বাচনত পৰিষদৰ ২২খন আসনৰ ভিতৰত ১২খন আসনেৰে ক্ষমতা কাণে কাণ মাৰিহে অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হৈছিল বিজেপি আৰু ইয়াৰ মিত্ৰ অসম গণ পৰিষদে(AGP) ।

JPP will merged with BJP at Guwahati
দেউৰী স্বয়ত্তশাসিত পৰিষদ

উল্লেখ্য় যে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত দেউৰী সম্প্ৰদায়ৰ সৰু সংগঠন জিম'চাঁয়া পিপ'লছ পাৰ্টীয়ে (জে পি পি) ৭খন আসনৰে প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছিল ৷ এই নিৰ্বাচনত কংগ্ৰেছে দুখন আৰু এখন আসনত এজন নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰিছিল । পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি জে পি পিৰ নেতৃবৃন্দই আত্মসমৰ্পণ কৰি বিজেপিত চামিল হোৱাৰ ইংগিত দিছিল ৷ সেইদিনা মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল,"জেপিপিয়ে বিজেপি বিৰোধী আৰু কংগ্ৰেছ বিৰোধী ভূমিকা লৈ নিৰ্বাচন যুঁজিছিল । মোৰ সৈতে হোৱা বৈঠকৰ অন্তত দলৰ নেতাসকলে দেউৰী জনগোষ্ঠীৰ সামগ্ৰিক উন্নয়ন সুনিশ্চিত কৰাৰ স্বাৰ্থত বিজেপিক সমৰ্থন কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে ।" গুৱাহাটীত জেপিপি নেতাসকলৰ সৈতে হোৱা বৈঠকখনৰ অন্তত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই এই মন্তব্য কৰিছিল ।

আনহাতে, জেপিপিৰ সভাপতি মহেশ দেউৰীয়ে এই সন্দৰ্ভত মন্তব্য় কৰি কয়,"আমি বিজেপিৰ সৈতে হাত মিলাই ডিএচিত পৰৱৰ্তী চৰকাৰ গঠন কৰাৰ সিদ্ধান্ত লৈছো । জেপিপিয়ে দেউৰী জনসাধাৰণৰ বৃহত্তৰ মঙলবাৰে বিনাচৰ্তে সমৰ্থন আগবঢ়োৱাৰ সিদ্ধান্ত লৈছে । সেইদৰে ফলাফল ঘোষণাৰ দীৰ্ঘদিনৰ পিছত জেপিপিৰ সৈতে দেউৰী পৰিষদ গঠন কৰিছিল বিজেপিয়ে ৷ বাকী আছিল মাথো আনুষ্ঠানিকতাহে ৷ অৱশেষত জিপিপিয়ে আনুষ্ঠানিকভাৱে আজি যোগদান কৰিব বিজেপিত ৷ অৱশ্য়ে ড৹ হিমন্ত বিশ্ব শৰ্মা এই অনুষ্ঠানত উপস্থিতিত নাথাকে ৷ বিজেপিলৈ দলটোক আদৰিব ৰাজ্যিক সভাপতি ভৱেশ কলিতাইহে (State president of BJP) ।

লগতে পঢ়ক:Defence Minister at Arunachal pradesh: ২৮ টা আন্তঃগাঁথনি প্ৰকল্পৰ উদ্বোধন কৰিলে প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে

Last Updated : Jan 3, 2023, 4:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.