গুৱাহাটী,২৪ এপ্ৰিল: প্ৰথম বাৰৰ বাবে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন(GMC Election)ত প্ৰাৰ্থীত্ব আগবঢ়াই এখন আসন দখল কৰিবলৈ সক্ষম হোৱাত উৎফুল্লিত হৈ পৰিছে অসম জাতীয় পৰিষদ (AJP win a seat in GMC election)। অসম জাতীয় পৰিষদৰ ১ নং ৱাৰ্ডৰ পৰা বিজয় সাব্যস্ত কৰে হুকুম চান্ আলি বক্সিবে । অসম গণ পৰিষদৰ প্ৰাৰ্থী গৰাকীক হৰুৱাই জয় লাভ কৰে বক্সিবে । মুঠ৪৬০০ ভোট লাভ কৰি বিজয় সাব্যস্ত কৰে প্ৰাৰ্থীগৰাকীয়ে । ইয়াৰ বিপৰীতে অসম গণ পৰিষদৰ প্ৰাৰ্থী গৰাকীয়ে লাভ কৰিছে ৪৩৩৪ টা ভোট ।
তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে এই জয় গণতন্ত্ৰ আৰু ধৰ্ম নিৰপেক্ষতাৰ জয় । গুৱাহাটী পৌৰ নিগমৰ ১ নং ৱাৰ্ডৰ পৰাই অসমীয়া আইৰ সন্তানৰ বাবে মাত মাতি যাম এয়া মোৰ দৃঢ় প্ৰতিজ্ঞা । মহানগৰবাসী বিগত ৬০ টা দশক বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ জীয়াতু ভুগি আহিছে । এই সমস্যা সমূহ সমাধানৰ প্ৰয়াস কৰিম ।
অসম জাতীয় পৰিষদৰ এগৰাকী সৈনিক হিচাপে গুৱাহাটীৰ পৰা অসমবাসীলে বাৰ্তা প্ৰেৰণ কৰিম । অসম জাতীয় পৰিষদে অসমীয়া জাতিৰ বাবে নিষ্ঠা আৰু একতাৰে শংকৰ আজানৰ মিলন ভূমিৰ ঐক্য ৰক্ষা কৰি যাম বুলি মন্তব্য কৰে । তেখেতক দলৰ কাৰ্যালয়ত উষ্ম আদৰণি জনাই অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই । লগতে সকলো বিজয়ী প্ৰাৰ্থীক অভিনন্দন জনায় ।
প্ৰথম বাৰ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত এগৰাকী প্ৰাৰ্থী জয়ী হোৱাক লৈ আনন্দিত । এই নিৰ্বাচনৰ ফলাফলে আগন্তুক দিনত দলটোক আগুৱাই যোৱাত সহায় কৰিব বুলি মন্তব্য কৰি কয় যে সিংহৰ এটা শিয়ালৰ জাক জাক । আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ লগতে লোকসভা নিৰ্বাচনক লৈ আশাবাদী দলটো । উল্লেখ্য যে অসম জাতীয় পৰিষদে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ২৫ গৰাকী প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল ।
অতি গুৰুত্বপূৰ্ণ কথা যে দেওবাৰে ঘোষণা কৰা নিৰ্বাচনৰ ফলাফল অনুযায়ী গুৱাহাটী পৌৰ নিগমৰ ৬০ টা ৱাৰ্ডৰ ভিতৰৰ ৫৮ টা ৱাৰ্ডতে বি জে পি আৰু মিত্ৰ দল অগপই দখল কৰে । ইয়াৰে ৫২ টা ৱাৰ্ডত বি জে পি(BJP win 52 seat in GMC elections) আৰু ৬ টাত ৱাৰ্ডত অগপ দলৰ প্ৰাথীয়ে বিজয় সাব্যস্ত কৰিছে ।
কংগ্ৰেছে ৬০ টা ৱাৰ্ডৰ ৫৪ টা ৱাৰ্ডত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল যদিও এখনো আসন লাভ কৰিব নোৱাৰিলে । ইপিনে প্ৰথমবাৰৰ বাবে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা অজাপ আৰু আপে এটাকৈ ৱাৰ্ড দখল কৰি অসমৰ ৰাজনীতিত এক নতুন ইংগিত প্ৰদান কৰিছে ।
লগতে পঢ়ক: পৌৰ নিগমৰ এখন আসন দখল কৰা আম আদমি পাৰ্টীৰ দৃ্ষ্টি এতিয়া পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত