গুৱাহাটী, ১৮ ফেব্ৰুৱাৰী: দেশৰ অন্যতম ধর্মীয় আৰু সামাজিক সংগঠন হিচাপে জামাত ই ইছলামী হিন্দৰ মহিলা শাখাই 'সুদৃঢ় পৰিয়াল, সুদৃঢ় সমাজ' শীর্ষক এক ৰাষ্ট্রজুৰি অভিযান পালনৰ কাৰ্যসূচী হাতত লৈছে । ১৯ ফেব্ৰুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ এই দহদিনীয়া অভিযান দেশজুৰি পালন কৰা হ’ব । বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি এই কথা ব্যক্ত কৰে সংগঠনটোৱে ।
সাংবাদিকৰ আগত প্ৰকাশ কৰা অনুসৰি, ইতিমধ্যে তেওঁলোকে এই অভিযান পালনৰ ব্যাপক প্রস্তুতি আৰম্ভ কৰিছে আৰু সমগ্ৰ দেশৰ লগতে অসমতো অভিযান সফল কৰিবলৈ বিভিন্নধৰণৰ কাৰ্যসূচীও হাতত লৈছে । ইতিমধ্যে এই অভিযানৰ প্ৰাথমিক কাৰ্যসূচী হিচাপে সংগঠনটোৰ সদস্য-কর্মী আৰু সমর্থকসকলৰ মাজত ৪০ টাৰো অধিক প্রশ্ন সন্নিবিষ্ট এক আবেদন পত্র পূৰণৰ জৰিয়তে পৰিয়ালৰ দাম্পত্য জীৱন আৰু পৰিয়ালৰ সাম্প্রতিক অৱস্থা সন্দৰ্ভত এক সমীক্ষা চলোৱা হৈছে । তদুপৰি, সংগঠনটোৰ বাহিৰেও একাংশ লোকৰ মাজত এই সমীক্ষা চলোৱা হৈছে । যি সমীক্ষাৰ জৰিয়তে স্বামী-স্ত্রীৰ মাজত সম্পর্ক, পাৰস্পৰিক বুজাবুজি, পিতৃ-মাতৃ আৰু সন্তানৰ মাজত সু-সম্পর্ক, সন্তানৰ সু-চৰিত্ৰ গঠনত পিতৃ-মাতৃৰ গুৰুত্ব, পৰিয়ালৰ সদস্যসকলৰ মাজত এজনে আনজনৰ ওপৰত থকা অধিকাৰ-দায়িত্ব আৰু কৰ্তব্য সন্দৰ্ভত এক বাস্তৱ প্রতিচ্ছবি সমাজৰ আগত দাঙি ধৰি তাৰ নেতিবাচক দিশসমূহৰ পর্যলোচনা কৰি ইয়াৰ প্ৰতিকাৰৰ ব্যৱস্থা কৰাটোৱেই হৈছে এই অভিযানৰ মূল লক্ষ্য উদ্দেশ্য ।
এই উদ্দেশ্যে অভিযানৰ সময়ত সংগঠনটোৱে বিভিন্নধৰণৰ সভা-সমিতি অনুষ্ঠিত কৰিবলৈ কাৰ্যসূচী লৈছে । ব্যক্তিগত সাক্ষাৎকাৰ, সামূহিক সাক্ষাৎকাৰ, পোষ্টাৰ, ফোলডাৰ, লিফলেট পুস্তিকা ইত্যাদি ৰাইজৰ মাজত বিতৰণ কৰা হ’ব । সমাজত পাৰিবাৰিক হিংসা, স্বামী-স্ত্রীৰ মাজত মনোমালিন্য, বৃদ্ধ পিতৃ-মাতৃক অৱজ্ঞা-দুর্ব্যৱহাৰ, সন্তানৰ পথভ্রষ্টতা, বিবাহৰ প্রতি লোকৰ অনিহা, ধর্ষণ, ব্যভিচাৰ বৃদ্ধি ইত্যাদি কি ঘটিছে ইয়াৰ অন্তৰালত থকা কাৰণবোৰ পর্যালোচনা কৰাটো সময়ৰ দাবী । কাৰণ, আদর্শ দেশ এখন গঢ়িবলৈ হ’লে আদর্শ পৰিয়াল গঠন কৰিবই লাগিব । আদর্শ পৰিয়াল গঠন হ’লেহে আদর্শ সমাজ গঠন হ’ব আৰু যেতিয়া আদর্শ পৰিয়াল আৰু সমাজ গঠন হৈ যাব তেতিয়াহে আদর্শ বা শান্তিপূর্ণ দেশ এখনৰ আশা কৰিব পাৰি বুলি সংবাদমেলত সংগঠনটোৰ নেতৃবৰ্গই মন্তব্য কৰে ।
আনহাতে, জামাত ই ইছলামী হিন্দৰ মহিলা শাখাই এখন আদর্শ দেশ গঠনৰ বাবে প্ৰথমে আদর্শ তথা সুস্থ পৰিয়াল আৰু সুস্থ সমাজ গঠনৰ বাবে এই ব্যতিক্রমধর্মী অভিযান হাতত লৈছে । জাতি-ধর্ম নির্বিশেষে সকলোৰে ওচৰত এই অভিযানৰ বার্তা প্রেৰণ কৰিবলৈ সংগঠনটোৰ পুৰুষ-মহিলা সকলো সদস্য-কর্মী, সমর্থকে প্ৰচাৰত নামিব বুলিও লগতে মন্তব্য কৰে অভিযানটিৰ অসম শাখাৰ মুখ্য আহ্বায়িকা জাহিদা বাতুলে ।
লগতে পঢ়ক:গৰু,কয়লা ছিণ্ডিকেটেৰে সৰ্বানন্দ সোণোৱালে চলাইছে চৰকাৰ: ভূপেশ বাঘেল