গুৱাহাটী, ৬ জানুৱাৰী : চন্দ্ৰযান ১ আৰু চন্দ্ৰযান ২ অভিযানৰ আঁৰত থকা মুখ্য বিজ্ঞানী তথা সুযোগ্য অসম সন্তান ডঃ জিতেন্দ্ৰ নাথ গোস্বামী হঠাতে গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে । সম্প্ৰতি গুজৰাটৰ বাসিন্দা ডঃ গোস্বামীক ইতিমধ্যে আহমেদাবাদৰ এছ পি হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হয় । ডঃ গোস্বামীৰ ভাতৃ তথা অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে বুধবাৰে পুৱা ই টিভি ভাৰতক এই কথা জানিবলৈ দিয়ে ।
তেওঁ কয় যে, হৃদৰোগত আক্ৰান্ত ডঃ গোস্বামীৰ শৰীৰত অক্সিজেনৰ মাত্ৰাও যথেষ্ট পৰিমাণে হ্ৰাস পাইছে । সম্প্ৰতি আই চি ইউত চিকিৎসাধীন হৈ থকা বিশিষ্ট বিজ্ঞানীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা হঠাতে অৱনতি ঘটাত ইতিমধ্যে তেওঁৰ কনিষ্ঠ ভাতৃ অসমৰ পৰা গৈ আহমেদাবাদত উপস্থিত হৈছে আৰু হয়তো দুই এদিনতে তেওঁ নিজেও জ্যেষ্ঠ ভাতৃৰ স্বাস্থ্যৰ বুজ ল’বলৈ আহমেদাবাদলৈ যাব বুলি ইটিভি ভাৰতক জানিবলৈ দিয়ে বিধানসভাৰ অধ্যক্ষ গৰাকীয়ে । উল্লেখ্য যে, পদ্মশ্ৰী সন্মানেৰে বিভূষিত এইগৰাকী সুযোগ্য অসম সন্তানে কেৱল "চন্দ্ৰযান" অভিযানেই নহয়, এষ্ট্ৰ'ফিজিক্স আৰু ছ'লাৰ চিষ্টেমৰ অধ্যয়ন আৰু গৱেষণাৰে বিশ্বজোৰা খ্যাতি লাভ কৰিছে ।
লগতে পঢ়কঃ ক'ত আছে অমিতৰাজ ?