ETV Bharat / state

জিতেন্দ্ৰ সিঙৰ প্ৰতিবেদনে পাখি কাটিব নেকি ৰিপুন বৰাৰ ! - ৰিপুন বৰা

তত্বাৱধায়কৰ দায়িত্ব লোৱাৰ পাছত অসমলৈ প্ৰথমবাৰলৈ আহি জিতেন্দ্ৰ সিঙে যি তিতা অভিজ্ঞতাৰ সন্মুখীন হ'ল, সিয়ে এতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ বাবে বিপদ মাতি অনাৰ অতিক্ৰম হৈছে । প্ৰদেশ কংগ্ৰেছৰে এক শীৰ্ষ সুত্ৰই প্ৰকাশ কৰা মতে, ইতিমধ্যে কংগ্ৰেছ হাইকামাণ্ডৰ হাতত জিতেন্দ্ৰ সিঙে দাখিল কৰিছে অসমত দলৰ সাংগঠনিক অৱস্থা সম্পৰ্কীয় এক প্ৰতিবেদন ।

জিতেন্দ্ৰ সিঙৰ প্ৰতিবেদনে পাখি কাটিব নেকি ৰিপুন বৰাৰ !

author img

By

Published : Dec 24, 2020, 4:58 PM IST

গুৱাহাটী, ২৪ ডিচেম্বৰ: প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ আসনত থাকিও একপ্ৰকাৰ ক্ষমতাহীন হোৱাৰ দিশে আগবাঢ়িছে ৰিপুন বৰা । অনস্বীকাৰ্য যে অসমত কংগ্ৰেছ দল ইটোৰ পিছত সিটোকৈ বিপৰ্যয়ৰ মুখামুখি হ'বলগীয়া হৈছে । ইজনৰ পিছত সিজনকৈ নেতা-বিধায়ক বিজেপিমুখী হ'বলৈ আৰম্ভ কৰিছে । সদ্যসমাপ্ত দুখনকৈ পৰিষদীয় নিৰ্বাচনতো কংগ্ৰেছৰ ফলাফল শোচনীয় । তেনেক্ষেত্ৰত কি ৰাজনৈতিক কৌশলেৰে আগন্তুক বিধানসভা নিৰ্বাচনত এই দলটো অৱতীৰ্ণ হ'ব সেয়াহে এতিয়া ডাঙৰ প্ৰশ্ন । ইপিনে প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়কৰ দায়িত্ব লৈয়েই নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং মুখামুখি হ'বলগীয়া হৈছে বহু তিক্ত অভিজ্ঞতাৰ ।

সেয়েহে, তত্বাৱধায়কৰ দায়িত্ব লোৱাৰ পাছত অসমলৈ প্ৰথমবাৰলৈ আহি জিতেন্দ্ৰ সিঙে যি তিতা অভিজ্ঞতাৰ সন্মুখীন হ'ল সিয়ে এতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ বাবে বিপদ মাতি অনাৰ অতিক্ৰম হৈছে । ই টিভি ভাৰতৰ সাংবাদিকৰ আগত প্ৰদেশ কংগ্ৰেছৰে এক শীৰ্ষ সুত্ৰই প্ৰকাশ কৰা মতে, ইতিমধ্যে কংগ্ৰেছ হাইকামাণ্ডৰ হাতত জিতেন্দ্ৰ সিঙে দাখিল কৰিছে অসমত দলৰ সাংগঠনিক অৱস্থা সম্পৰ্কীয় এক প্ৰতিবেদন । সেই প্ৰতিবেদনত দিয়া হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ । সেই অনুসৰি অসমক চাৰিটা মণ্ডলত ভাগ কৰি প্ৰতিটো মণ্ডলৰ দায়িত্ব একোজনকৈ জ্যেষ্ঠ নেতাক অৰ্পণ কৰাৰ পৰামৰ্শ দিয়া হৈছে । সেই চাৰিজন জ্যেষ্ঠ নেতাই হ'ব চাৰিটা মণ্ডলৰ নিৰ্বাচন সম্পৰ্কীয় সকলো সিদ্ধান্ত গ্ৰহণ কৰাৰ অধিকাৰী । উজনি অসম, নামনি অসম, মধ্য অসম আৰু বৰাক উপত্যকা নামেৰে প্ৰস্তাৱিত চাৰিটা মণ্ডলৰ দায়িত্ববাহী নেতা চাৰিজনেই হ'ব নিজা নিজা মণ্ডলত সবাটোকৈ শক্তিশালী । যদি এয়াই হয় তেন্তে আগন্তক সময়ত দলৰ সভাপতি হৈও কোনো ধৰণৰ ক্ষমতা নাথাকিব ৰিপুণ বৰাৰ । ইপিনে, অসমত এ আই ইউ ডি এফৰ সৈতে কংগ্ৰেছে মিত্ৰতা কৰি ২০২১ ৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পোষকতা কৰা নাই জিতেন্দ্ৰ সিঙে । তেওঁ ইতিমধ্যে দাখিল কৰা প্ৰতিবেদনত কংগ্ৰেছে এ আই ইউ ডি এফৰে মিত্ৰতা কৰাৰ পৰিৱৰ্তে নিজৰ সাংগঠনিক স্থিতি মজবুত কৰাতহে গুৰুত্ব দিয়া উচিত বুলি উল্লেখ কৰিছে । মন কৰিবলগীয়া যে, সভাপতি ৰিপুন বৰাই প্ৰথমৰে পৰাই এ আই ইউ ডি এফৰে মিত্ৰতা কৰা বিষয়টোত জোৰ দি আহিছে ।

লগতে পঢ়ক: কৰিমগঞ্জত বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত অংশ ল'ব মন্ত্ৰী হিমন্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.