ETV Bharat / state

Clarification of Jatin Bora: চাইবাৰ শাখাত গোচৰ তৰা সন্দৰ্ভত যতীন বৰাৰ স্পষ্টীকৰণ

ৰাঘৱৰ অপপ্ৰচাৰ চলোৱাসকলৰ বিৰুদ্ধে গোচৰ তৰা প্ৰসংগত ওলোৱা খবৰ সন্দৰ্ভত স্পষ্টীকৰণ যতীন বৰাৰ । সামাজিক মাধ্যমত প'ষ্ট কৰি জনালে অভিনেতা যতীন বৰাই । ট্ৰ'ল কৰাৰ বাবে চাইবাৰ শাখাত দিয়া নাই গোচৰ । ফটো, ভিডিঅ' এডিট কৰি বিকৃত কৰাসকলৰ বিৰুদ্ধেহে ৰুজু কৰা হৈছে গোচৰ ।

author img

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 8:05 PM IST

Jatin Bora's clarification on filing of cases in cyber branch
চাইবাৰ শাখাত গোচৰ তৰা সন্দৰ্ভত যতীন বৰাৰ স্পষ্টীকৰণ

গুৱাহাটী,৯ নৱেম্বৰ: ৰাঘৱক লৈ অপপ্ৰচাৰ চলোৱাসকলৰ বিৰুদ্ধে গোচৰ তৰাৰ সন্দৰ্ভত যতীন বৰাৰ স্পষ্টীকৰণ । ট্ৰ'ল কৰাৰ বাবে চাইবাৰ শাখাত দিয়া নাই গোচৰ । ফটো, ভিডিঅ' এডিট কৰি বিকৃত কৰাসকলৰ বিৰুদ্ধেহে ৰুজু কৰা হৈছে গোচৰ । সামাজিক মাধ্যম যোগে স্পষ্টীকৰণ যতীন বৰাৰ । এটা ফেচবুক প'ষ্টযোগে অভিনেতাগৰাকীয়ে জনাই যে সামাজিক মাধ্যমত ৰাঘৱকলৈ ট্ৰ'ল কৰা বাবে চাইবাৰ শাখাত গোচৰ দিয়া হোৱা নাই ৰাঘৱৰ প্ৰযোজক তথা যতীন বৰা তথা নৱনীতা শৰ্মা বৰাই ।

Clarification of Jatin Bora
যতীন বৰাৰ স্পষ্টীকৰণ

যতীন বৰাৰ ফটো, ভিডিঅ' এডিট কৰি বিকৃত কৰাসকলৰ বিৰুদ্ধেহে ৰুজু কৰা হৈছে গোচৰ । লগতে সামাজিক মাধ্যমযোগে এক দুষ্ট চক্ৰই গ্ৰুপ খুলি ৰাঘৱৰ ছবিখন চাবলৈ যিসকল ইচ্ছুক তেওঁলোকক গ্রুপত যোগদান কৰিবলৈ আহ্বান জনোৱা বুলি এক তথ্য লাভ কৰাৰ কথা উল্লেখ কৰে বৰাই আৰু সেয়ে গোচৰ ৰুজু কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে । সামাজিক মাধ্যমযোগে কিছুসময় পূৰ্বে প'ষ্ট কৰি যতীন বৰাই এইদৰে উল্লেখ কৰে,

"সমূহ অসমবাসী ৰাইজক শ্ৰদ্ধা জনাই মই যতীন বৰাই জনাব বিচাৰো যে আপোনালোকে পোৱা খবৰ অনুসৰি কোনো ব্যক্তি বিশেষৰ বিপৰীতে বা ট্ৰ’ল কৰাৰ বাবে ক্ৰাইম ব্ৰাঞ্চত গোচৰ দিয়া হোৱা নাই ৷ চিন্তনীয় বিষয় এয়াই যে ৰাঘৱৰ অৰ্থনৈতিক ক্ষতিৰ বাবেই হওক বা মোক হেয় প্ৰতিপন্ন কৰিবৰ বাবেই হওক বিগত সময়ত মোৰ ফটো নাইবা ভিডিঅ edit কৰি বিকৃত কৰাৰ লগতে দুদিনমানৰ আগতে এটা social media platform ত এক দুষ্ট চক্ৰই গ্ৰুপ খুলিছে আৰু আহ্বান জনাই লিখিছে যে ৰাঘৱ চাবলৈ যিসকল ইচ্ছুক তেওঁলোকে এই group ত join হওক ৷ যিটো আমাৰ ছবিজগতৰ বাবে ক্ষতিকাৰক ৷ এই ঘটনাবোৰ আগতেও সংঘটিত হৈ আহিছে যদিও অসমীয়া ছবি উদ্যোগটোৰ কথা চিন্তা কৰি সেই দুষ্ট চক্ৰৰ ইচ্ছাকৃত এনে edited photo , video আৰু অপপ্ৰচাৰৰ আহ্বানৰ কাৰণ জনাটো আমাৰ দৰকাৰ বুলি অনুভৱ কৰো আৰু তাৰ বিচাৰ হোৱাটো কামনা কৰোঁ ৷ আনফালে ৰাঘৱ চিনেমাখন এতিয়াও হলত চলি আছে আৰু দৰ্শকে চোৱাৰ পিছত মনৰ ভাৱখিনিও জনাইছে ৷ এই সময়ত এনে photo,video আৰু Group বনাই link share কৰা ঘটনাটো শুভলক্ষণ নহয় বুলি চিন্তা কৰি আৰক্ষীক অৱগত কৰিছিলোঁ ৷ কিন্তু কোনো ব্যক্তি বিশেষৰ নাম তেওঁলোকক দিয়া হোৱা নাই নাইবা ট্ৰ’ল কৰাৰ প্ৰসংগও অহা নাই বুলি আপোনালোকক অৱগত কৰিলোঁ ৷ আপোনালোকৰ সকলো প্ৰকাৰৰ দিহা-পৰামৰ্শ মোৰ বাবে কাম্য ৷'

উল্লেখযোগ্য যে, ৰাঘৱৰ প্ৰযোজক যতীন বৰা আৰু নৱনীতা শৰ্মা বৰাই দিয়া গোচৰৰ ভিত্তিত ১৩/২৩ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে। ইয়াৰ পিছতে গোচৰৰ ভিত্তিত ধীৰু গগৈ নামৰ এজন লোকক সোধ-পোচৰ বাবে মতা হৈছিল অসম আৰক্ষীৰ চাইবাৰ শাখাৰ কাৰ্যালয়লৈ ।

লগতে পঢ়ক: Propaganda against Raghav: ৰাঘৱৰ অপপ্ৰচাৰ চলোৱাসকলৰ বিৰুদ্ধে গোচৰ ৰুজু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.