ETV Bharat / state

গুৱাহাটীত জনসংখ্যা ফাউণ্ডেচনৰ সংবাদমেল - মন কী বাত

গুৱাহাটী প্ৰেছ ক্লাৱত জনসংখ্যা সমাধান ফাউণ্ডেচনৰ পূৰ্বোত্তৰ ক্ষেত্ৰই অসম প্ৰান্তৰ কাৰ্যকৰ্তাৰ সহযোগত এখন সংবাদমেলৰ আয়োজন কৰে ৷ সংবাদমেল পৰিচালনা কৰে সংস্থাৰ অসম প্ৰান্তৰ উপাধ্যক্ষা তথা বিশিষ্ট সমাজকৰ্মী জাহ্নৱী গোস্বামীয়ে ।

jansankhya-samadhan-foundation-press-meet-in-ghy
গুৱাহাটীত জনসংখ্যা ফাউণ্ডেচনৰ সংবাদমেল
author img

By

Published : Dec 23, 2020, 10:50 PM IST

গুৱাহাটী, 23 ডিচেম্বৰ : বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত জনসংখ্যা সমাধান ফাউণ্ডেচনৰ পূৰ্বোত্তৰ ক্ষেত্ৰই অসম প্ৰান্তৰ কাৰ্যকৰ্তাৰ সহযোগত এখন সংবাদমেলৰ আয়োজন কৰে ৷ সংবাদমেল পৰিচালনা কৰে সংস্থাৰ অসম প্ৰান্তৰ উপাধ্যক্ষা তথা বিশিষ্ট সমাজকৰ্মী জাহ্নৱী গোস্বামীয়ে ।

গুৱাহাটীত জনসংখ্যা ফাউণ্ডেচনৰ সংবাদমেল

অসমৰ বিখ্যাত অভিনেত্ৰী আইমী বৰুৱাই ফাউণ্ডেচনৰ দ্বাৰা চলাই থকা এই অভিযানত গুৱাহাটী প্ৰেছ ক্লাৱত মুখ্য অতিথি ৰূপে উপস্থিত থাকি প্ৰধানমন্ত্ৰীৰ 'মন কি বাত' লৈ ফোন কৰি শক্তিশালী ভাৰত ৰাষ্ট্ৰ গঠনৰ বাবে জনসংখ্যা বিস্ফোৰণ ৰোধ কৰিবলৈ অতি শীঘ্ৰে জনসংখ্যা বিস্ফোৰণ নিয়ন্ত্ৰণ কঠোৰ আইন প্ৰণয়ন কৰিবলৈ আহ্বান জনায় ৷ লগতে, 'মন কী বাত' কাৰ্যক্ৰমৰ ট'ল ফ্ৰী নম্বৰ ১৮০০১১৭৮০০ ত ফোন কৰি ভাৰত চৰকাৰক বৰ্ধিত জনসংখ্যা ৰোধ কৰাৰ বাবে এখন কঠোৰ আইন প্ৰণয়ন কৰিবলৈ অনুৰোধ জনায় ।

লগতে পঢ়ক : গমাৰিগুৰি ব্লক কংগ্ৰেছৰ কাৰ্যালয় ছীল

একেখন মঞ্চৰ পৰা এই আইনলৈ সমৰ্থন জনাই কালাপাহাৰ ক'ভিড হাস্পাতালৰ অতিৰিক্ত অধীক্ষক ডাঃ ৰক্তিম তামুলীয়ে । লগতে, তেখেতে বৰ্ধিত জনসংখ্যাই সমাজত কিদৰে প্ৰভাৱ পেলাইছে তাৰ আতঁ ধৰি চিকিৎসা জনিত প্ৰতিৰোধী ব্যৱস্থা সম্পৰ্কে বাখ্যা আগবঢ়ায় ।

সংবাদমেলত জনসংখ্যা সমাধান ফাউণ্ডেচনৰ অসম প্ৰান্তৰ সংগঠন মন্ত্ৰী ঈপ্সিতা বৰুৱাই ইতিমধ্যে জনসংখ্যা সমাধান ফাউণ্ডেচনৰ চ’চিয়েল মিডিয়াৰ কাৰ্যকর্তা সকলে 'মন কী বাত'ৰ বাবে ইতিমধ্যে এক বিশেষ প্রচাৰ ব্যৱস্থা লোৱাৰ বিষয়ে ব্যাখ্যা কৰি অসমৰ সকলোকে এই অভিযানত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰৰ প্ৰতি নিজৰ দায়িত্ব পালনৰ আহ্বান জনায় ।

লগতে পঢ়ক : আস্থা ভোটত জয়ী হোৱাৰ দাবী বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ

একে অনুস্থানতে উত্তৰ-পূৰ্বাঞ্চলৰ ক্ষেত্ৰৰ প্ৰচাৰ সচিব প্ৰসেনজিৎ দেৱে জনসংখ্যা সমাধান ফাউণ্ডেচনৰ ৱেবচাইট www.jsfnortheastindia.org পৰা চলাই থকা গণ স্বাক্ষৰ অভিযানৰ বিষয়ে উল্লেখ কৰি গুৱাহাটী প্ৰেছ ক্লাৱত সকলোৰে পৰা এখন জনসংখ্যা বিস্ফোৰণ কঠোৰ নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰিবলৈ স্বাক্ষৰ সংগ্ৰহ কৰে । স্বাক্ষৰ অভিযানত জনসংখ্যা সমাধান ফাউণ্ডেচনৰ অসম প্ৰান্তৰ সাধাৰণ সম্পাদক অনিৰ্বাণ গোস্বামী, যুৱ শক্তিৰ অধ্যক্ষ লাকী গগৈ, সংগঠন মন্ত্ৰী ত্ৰিনয়ন কোচ উপস্থিত থাকি সহায় কৰে ৷ জনসংখ্যা সমাধান ফাউণ্ডেচনৰ ৰাষ্ট্ৰীয় মুখ্য সংৰক্ষক তথা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক ডঃ ইন্দ্ৰেশ কুমাৰ, ৰাষ্ট্ৰীয় অধ্যক্ষ অনিল চৌধুৰীৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰৰ অধ্যক্ষ শৈলেন্দ্ৰ পাণ্ডেৰ প্ৰতি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক : RTI কৰ্মী দুলাল বৰাক খুমটাই আৰক্ষী চকীত জেৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.