ETV Bharat / state

চীনৰ ৰাষ্ট্ৰপতি জীন পিঙক পৰজনমত "মানুহ" হৈ জন্ম ল’বলৈ ক'লে জাহ্নু বৰুৱাই - জাহ্নু বৰুৱাৰ প্ৰতিক্ৰিয়া

সুযোগ্য অসম সন্তান,আন্তৰ্জাতিক খ্যাতি সম্পন্ন ছবি পৰিচালক জাহ্নু বৰুৱাই মঙলবাৰে কৰ’ণা ভাইৰাছৰ প্ৰসংগত প্ৰকাশ কৰিছে এক তীব্ৰ কঠোৰ প্ৰতিক্ৰিয়া ।

Janhu baruah requested to the president of China to become man in his next birth
জাহ্নু বৰুৱাৰ প্ৰতিক্ৰিয়া
author img

By

Published : Mar 31, 2020, 5:03 PM IST

গুৱাহাটী,৩১ মাৰ্চঃ কিমান ক্ষোভ,খং,দুখবোধে হেঁচা মাৰি ধৰিলে এখন ৰাষ্ট্ৰৰ মুৰব্বীক এইদৰে হিয়া উজাৰি কোনোবাই গালি পাৰিব পাৰে ! তাকো এনে এখন দেশ যিখন বিশ্বৰ এখন অন্যতম শক্তিশালী দেশ ৰূপে পৰিচিত । চীনৰ ৰাষ্ট্ৰপতি জী জীন পিঙে কৰ’ণা ভাইৰাছ সন্দৰ্ভত যি ভূমিকা পালন কৰিলে সিয়ে বিশ্ববাসীক হতাশ আৰু ক্ষুব্ধ কৰি তুলিছে । ইয়াৰ মাজতে সুযোগ্য অসম সন্তান,আন্তৰ্জাতিক খ্যাতি সম্পন্ন ছবি পৰিচালক জাহ্নু বৰুৱাই মঙলবাৰে এই প্ৰসংগত প্ৰকাশ কৰিছে এক তীব্ৰ কঠোৰ প্ৰতিক্ৰিয়া ।

জাহ্নু বৰুৱাৰ প্ৰতিক্ৰিয়া

জীন পিঙক উদ্দেশ্যি জাহ্নু বৰুৱাই কয়-হে একনায়কত্ববাদী শাসক জীন পিং,আপুনি সমগ্ৰ বিশ্বৰ একচ্ছত্ৰী সম্ৰাট হোৱাৰ আশা পুহি ৰাখিছে । সেই কথা বিশ্ববাসীয়ে বুজি পায় । কিন্তু তাকে কৰিবলৈ যাওঁতে মাৰাত্মক কৰ’ণা ভাইৰাছক‌ লৈ আপুনি যি কাম কৰিলে সেয়া ধিক্কাৰৰ যোগ্য । আপুনি এই মহামাৰীৰ বিষয়ে আগতীয়াকৈ সকলো জানিয়ো কিন্ত বিশ্ববাসীক অৱগত নকৰিলে । যাৰ বাবে সমগ্ৰ বিশ্বত মৃত্যুৰ‌ কিৰিলি আৰম্ভ হ'ল ।অগণন লোকে প্ৰাণ হেৰুৱালে । মাননীয়,জীন পিং অহা জনমত আপুনি মানুহ হৈ অন্ততঃ জন্ম লওঁক । এয়ে আশা কৰিছো বুলি জাহ্নু বৰুৱাই আক্ষেপেৰে কয় ৷

লগতে চাওকঃ বৰপথাৰ আৰক্ষীৰ বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.