ETV Bharat / state

আজমল ফাউণ্ডেচনলৈ সন্ত্ৰাসবাদী সংগঠনৰ ধনঃ সত্যতা প্ৰমাণৰ প্ৰত্যাহ্বান অসম জমিয়তৰ

আজমল ফাউণ্ডেচন আৰু মাৰ্কাজুল মা আৰিফ নামৰ স্বেচ্ছাসেৱী সংস্থা দুটা ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱাৰ অভিযোগ অসম ৰাজ্যিক জমিয়তৰ । মঙলবাৰে গুৱাহাটীৰ গাড়ীগাঁও দাৰুল উলুম মাদ্ৰাছাত এক সংবাদমেল সম্বোধন কৰি এই অভিযোগ উত্থাপন কৰে জমিয়তৰ নেতৃত্বই ।

আজমল ফাউণ্ডেচনলৈ সন্ত্ৰাসবাদী সংগঠনৰ ধনঃ সত্যতা প্ৰমাণৰ প্ৰত্যাহ্বান অসম জমিয়তৰ
আজমল ফাউণ্ডেচনলৈ সন্ত্ৰাসবাদী সংগঠনৰ ধনঃ সত্যতা প্ৰমাণৰ প্ৰত্যাহ্বান অসম জমিয়তৰ
author img

By

Published : Dec 15, 2020, 9:47 PM IST

Updated : Dec 15, 2020, 10:53 PM IST

গুৱাহাটী, ১৫ ডিচেম্বৰ: আজমল ফাউণ্ডেচনলৈ বিদেশী সংস্থাৰ ধন অহা আৰু মাদ্ৰাছা বন্ধ কৰা সন্দৰ্ভত মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম ৰাজ্যিক জমিয়তে । সন্ত্ৰাসবাদী সংগঠনৰে জড়িত থকা বিদেশী সংস্থাৰ পৰা ধন লাভ কৰাৰ অভিযোগক প্ৰত্যাখ্যান কৰে অসম ৰাজ্যিক জমিয়তৰ সাধাৰণ সম্পাদক হাফিজ বছিৰ আহমেদ কাছিমীয়ে । এই অভিযোগৰ সত্যতা প্ৰমাণ কৰিবলৈ প্ৰত্যাহ্বান জনায় অসম ৰাজ্যিক জমিয়ত উলেমাৰ সাধাৰণ সম্পাদকগৰাকীয়ে ।

আজমল ফাউণ্ডেচনলৈ সন্ত্ৰাসবাদী সংগঠনৰ ধনঃ সত্যতা প্ৰমাণৰ প্ৰত্যাহ্বান অসম জমিয়তৰ

লগতে আজমল ফাউণ্ডেচন আৰু মাৰ্কাজুল মা আৰিফ নামৰ স্বেচ্ছাসেৱী সংস্থা দুটা ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱা বুলি অভিযোগ তোলে জমিয়ত নেতৃত্বই । সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ ভাৱমূৰ্তিত কলংক সানিবলৈ এনে ষড়যন্ত্ৰ চলিছে বুলি মন্তব্য কৰে অসম জমিয়তৰ সাধাৰণ সম্পাদক হাফিজ বছিৰ আহমেদ কাছিমীয়ে । কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাৰ কথা ৰাজহুৱা কৰাৰ দিনাই ৰাজনৈতিক লাভালাভৰ বাবে স্বেচ্ছাসেৱী সংস্থা দুটাৰ বিৰুদ্ধে একাংশ নেতাই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বুলি মন্তব্য কৰে সাধাৰণ সম্পাদকগৰাকীয়ে ।

আনহাতে, মাদ্ৰাছা বন্ধ সন্দৰ্ভত শীঘ্ৰেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় চৰকাৰক জমিয়তৰ এটা প্ৰতিনিধি দলে সাক্ষাৎ কৰিব বুলিও মন্তব্য কৰে । মাদ্ৰাছা বন্ধ নকৰিবলৈ চৰকাৰক আহ্বান জনাব এই প্ৰতিনিধিৰ দলটোৱে । তেওঁলোকৰ মতে, এই মাদ্ৰাছাসমূহত অধ্যয়ন কৰি বহু ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতি অৰ্জন কৰি আহিছে আৰু সমাজৰ বহু সন্মানজনক তথা উন্নয়নমূলক কামত নিজকে নিয়োজিত কৰাৰ সুযোগ লাভ কৰিছে । শৈক্ষিক ক্ষেত্ৰত সফলতা লাভ কৰিছে বহু শিক্ষাৰ্থীয়ে । সেয়ে, অসম ৰাজ্যিক জমিয়তে চৰকাৰৰ মাদ্ৰাছা বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে বুলিও প্ৰকাশ কৰে জমিয়তৰ নেতৃত্বই ।

লগতে পঢ়ক:কাৰ্বি আংলঙৰ খটখটীত ৫০ কেজি গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ

Last Updated : Dec 15, 2020, 10:53 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.