ETV Bharat / state

জমিয়ত উলেমাৰ ইতিহাস সমৃদ্ধ গ্ৰন্থ উন্মোচন

author img

By

Published : Nov 20, 2020, 10:48 PM IST

শুকুৰবাৰে মহানগৰীৰ সাহিত্য সভা ভৱনৰ নেহা আগৰৱালা সোঁৱৰণী সভাকক্ষত জমিয়ত উলেমা-ই-হিন্দৰ শতবৰ্ষ উপলক্ষে মৌলানা ফজলুল কৰিম কাছিমীয়ে সংগঠনটোৰ ইতিহাস তথ্য সম্বলিত ‘ঐতিহাসিক প্ৰেক্ষাপট-২’ গ্ৰন্থখন উন্মোচন কৰে ৷

as_ghy_jamiyat_book_release_img_AS10028
জমিয়ত উলেমাৰ ইতিহাস সমৃদ্ধ গ্ৰন্থ উন্মোচন

গুৱাহাটী,20 নৱেম্বৰ : জমিয়ত উলেমা-ই-হিন্দৰ শতবৰ্ষ উপলক্ষে মৌলানা ফজলুল কৰিম কাছিমীয়ে সংগঠনটোৰ ইতিহাস তথ্য সম্বলিত ‘ঐতিহাসিক প্ৰেক্ষাপট-২’ গ্ৰন্থখন শুকুৰবাৰে আনুষ্ঠানিকভাৱে উন্মোচন কৰে ৷ মহানগৰীৰ সাহিত্য সভা ভৱনৰ নেহা আগৰৱালা সোঁৱৰণী সভাকক্ষত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত লেখকগৰাকীৰ জমিয়ত উলেমা-ই-হিন্দৰ ইতিহাস সম্বলিত এই গ্ৰন্থখন দুটা খণ্ডত উন্মোচন কৰা হয় ৷

ঐতিহাসিক প্ৰেক্ষাপট-1ৰ,দাৰুল উলুম দেওবন্দ আৰু জমিয়ত উলেমা-ই-হিন্দৰ বিষয়ে বিস্তৃত লিখাৰ লগতে লেখকগৰাকীয়ে ঐতিহাসিক প্ৰেক্ষাপট-2,অসমৰ মুছলমান আৰু ৰাজ্যিক জমিয়ত উলেমাৰ সম্পৰ্কে লিখিছে ৷ এই গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে ধুবুৰীৰ সাংসদ তথা ৰাজ্যিক জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি বদৰুদ্দিন আজমল,বিধায়ক তথা সংগঠনটোৰ সাধাৰণ সম্পাদক হাফিজ ৰছিদ আহমেদ কাছিমী,বিশিষ্ট লেখক মুকুট শৰ্মা,বিধায়ক আমিনুল ইছলাম আৰু সংগঠনটোৰ অতিৰিক্ত সাধাৰণ সম্পাদক মৌলানা আব্দুল কাদিৰ কাছিমীয়ে ৷

লগতে পঢ়ক:বিপিএফ-বিজেপিৰ কাজিয়া গিৰীয়েক ঘৈণীয়েকৰ কাজিয়াঃ নৱ শৰণীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.