গুৱাহাটী,13 জুলাইঃ পৰিত্যক্ত অৱস্থাত জালুকবাৰীস্থিত অত্যাধুনিক হজ ভৱন ৷ ভৱনটো নিৰ্মাণত সংঘটিত হৈছে এক বিয়াগোম কেলেংকাৰী । ইতিমধ্যেই ভিজিলেঞ্চ আৰু এন্টি কৰাপচনে চলাইছে দুৰ্নীতিৰ তদন্ত । এক প্ৰতিবেদন........
পৰিত্যক্ত অৱস্থাত অত্যাধুনিক হজ ভৱন - assam news
কোটি কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা জালুকবাৰীৰ হজ ভৱনৰ দুৰ্নীতিৰ শীঘ্ৰে তদন্ত কৰি ভৱনটো হজ যাত্ৰীৰ বাবে মুকলি কৰিবলৈ আহ্বান ইছলামধৰ্মালম্বী লোকসকলৰ
পৰিতক্ত অৱস্থাত অত্যাধুনিক হজ ভৱন
গুৱাহাটী,13 জুলাইঃ পৰিত্যক্ত অৱস্থাত জালুকবাৰীস্থিত অত্যাধুনিক হজ ভৱন ৷ ভৱনটো নিৰ্মাণত সংঘটিত হৈছে এক বিয়াগোম কেলেংকাৰী । ইতিমধ্যেই ভিজিলেঞ্চ আৰু এন্টি কৰাপচনে চলাইছে দুৰ্নীতিৰ তদন্ত । এক প্ৰতিবেদন........
Intro:জালুকবাৰীত নিৰ্মাণ কৰা অত্যাধুনিক হজ ভৱন এতিয়া পৰিতক্ত অৱস্থাত। ভৱনটো নিৰ্মাণত সংঘটিত হৈছে এক বিয়াগোম কেলেংকাৰী। ইতিমধ্যেই ভিজিলেঞ্চ আৰু এন্টি কৰাপচনে চলাই এই দুৰ্নীতিৰ তদন্ত। কিয়নো কোনো ডিপিআৰ প্ৰস্তুত নকৰাকৈয়ে নিৰ্মাণ কৰা হৈছে হজ ভৱন। তাৰোপৰি হজ ভৱনৰ উপযোগীকৈ উক্ত স্থানত নাই পৰ্যাপ্ত সা-সুবিধা। এইসমূহ দিশ পৰ্যবেক্ষণ নকৰাকৈ কেনেদৰে হজ ভৱনটো নিৰ্মাণ কৰা হ'ল তাৰ ক্ষেত্ৰতো তদন্ত অব্যাহত আছে। জানিব পৰা মতে এতিয়ালৈ গড়কাপ্তানি বিভাগে চৰকাৰক হস্তান্তৰ কৰা নাই হজ ভৱনটো। ইফালে ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যত অত্যাধুনিক হজ ভৱন আছে যদিও অসমত নাই হজ যাত্ৰীসকলৰ বাবে কোনো হজ ভৱন। যাৰ পৰিপ্ৰেক্ষিতত ইছলামপুৰৰ হাজী মুছাফিৰখানাতে অস্থায়ীভাৱে চলি আছে হজ কমিটিৰ কাম কাজ। বিভিন্ন সময়ত উত্তৰ-পূৱ হজ সমন্বয়ক সমিতিৰ অধ্যক্ষ তথা জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানে হজ ভৱন নিৰ্মাণৰ বাবে চৰকাৰক আহ্বান জনাই আহিছিল। আনহাতে কোটি কোটি টকা ব্যয় সাপেক্ষেৰে নিৰ্মাণ কৰা জালুকবাৰীৰ এই হজ ভৱনৰ দুৰ্নীতিৰ অতিশীঘ্ৰে তদন্ত কৰি ভৱনটো হজ যাত্ৰীৰ বাবে মুকলি কৰাটো বিচাৰিছে মুছলমান সমাজে।Body:Hirul Haque Conclusion:Guwahati