ETV Bharat / state

এইবাৰ মুখ্যমন্ত্ৰীক উভতি ধৰিলে একালৰ সতীৰ্থ জগদীশ ভূঞাই

author img

By

Published : Dec 22, 2019, 12:55 PM IST

দুয়োজনে একেলগে একেটা সময়তে একেখন পাঠশালাতে আৰম্ভ কৰিছিল জাতীয়তাবাদৰ আদিপাঠ গ্ৰহণৰ শিক্ষা । কিন্তু সময়ৰ পাকচক্ৰত আজি দুয়ো দুটা বিপৰীত মেৰুত । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সদ্য বিজেপিত্যাগী প্ৰাক্তন আছু নেতা, প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞা । এটা সময়ত সোণোৱাল আৰু ভূঞাৰ সৱল নেতৃত্বতে পৰিচালিত হৈছিল সদৌ অসম ছাত্ৰ সন্থা ।

JAGDISH BHUYAN REPLAY TO CM
এইবাৰ মুখ্যমন্ত্ৰীক উভতি ধৰিলে একালৰ সতীৰ্থ জগদীশ ভূঞাই

গুৱাহাটী, ২২ ডিচেম্বৰঃ মুখ্যমন্ত্ৰীৰ শেহতীয়া স্থিতিত ভীষণ অতিষ্ট জগদীশ ভূঞা । ইতিমধ্যে তেওঁ বিজেপিৰ পৰা পদত্যাগ কৰাৰ লগতে অসম পেট্ৰ'কেমিকেল লিমিটেডৰ অধ্যক্ষৰ পদো ত্যাগ কৰিছে । আনহাতে মুখ্যমন্ত্ৰীয়ে অলপতে এখন সংবাদমেলত কৰা মন্তব্যৰ পিছত এইবাৰ ভূঞাই উভতি ধৰিছে মুখ্যমন্ত্ৰীক । ভূঞাৰ প্ৰশ্ন - মুখ্যমন্ত্ৰী মহোদয়, আপুনি আৰু মই একেলগে একে সময়ত একেখন পাঠশালাতে জাতীয়তাবাদৰ আদিপাঠ গ্ৰহণ কৰিছিলো । মই নাজানো, সেই পাঠ আপুনিয়েই ভুলকৈ বুজিলে নে মই ভুলকৈ বুজিলো ।

এইবাৰ মুখ্যমন্ত্ৰীক উভতি ধৰিলে একালৰ সতীৰ্থ জগদীশ ভূঞাই

ভূঞাই আৰু কয় যে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে যে এই আইনখনৰ জৰিয়তে নগন্য সংখ্যক বিদেশীয়েহে নাগৰিকত্ব পাব । এই নগন্য সংখ্যাটো তেওঁ কেনেকৈ জানিলে ? তেওঁ যেতিয়া আই এম ডি টি গোচৰৰ শপতনামা দাখিল কৰিছিল, তাত উল্লেখ কৰিছিল যে বৰ্তমানেও বাংলাদেশৰ পৰা প্ৰৱজন অব্যাহত আছে । তেন্তে কোনটো তথ্য সত্য বুলিও প্ৰশ্ন তোলে জগদীশ ভূঞাই ।

Intro:গুৱাহাটী, ২২ ডিচেম্বৰঃ দুয়োজনে একেলগে একেটা সময়তে একেখন পাঠশালাতে আৰম্ভ কৰিছিল জাতীয়তাবাদৰ আদিপাঠ গ্ৰহণৰ শিক্ষা । কিন্তু সময়ৰ পাকচক্ৰত আজি দুয়ো দুটা বিপৰীত মেৰুত । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সদ্য বিজেপিত্যাগী প্ৰাক্তন আছু নেতা, প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞা । এটা সময়ত সোণোৱাল আৰু ভূঞাৰ সৱল নেতৃত্বতে পৰিচালিত হৈছিল সদৌ অসম ছাত্ৰ সন্থা । Body:মুখ্যমন্ত্ৰীৰ শেহতীয়া স্থিতিত ভীষণ অতিষ্ট জগদীশ ভূঞা । ইতিমধ্যে তেওঁ বিজেপিৰ পৰা পদত্যাগ কৰাৰ লগতে অসম পেট্ৰ'কেমিকেল লিমিটেডৰ অধ্যক্ষৰ পদো ত্যাগ কৰিছে । আনহাতে মুখ্যমন্ত্ৰীয়ে অলপতে এখন সংবাদমেলত কৰা মন্তব্যৰ পিছত এইবাৰ ভূঞাই উভতি ধৰিছে মুখ্যমন্ত্ৰীক । ভূঞাৰ প্ৰশ্ন - মুখ্যমন্ত্ৰী মহোদয়, আপুনি আৰু মই একেলগে একে সময়ত একেখন পাঠশালাতে জাতীয়তাবাদৰ আদিপাঠ গ্ৰহণ কৰিছিলো । মই নাজানো, সেই পাঠ আপুনিয়েই ভুলকৈ বুজিলে নে মই ভুলকৈ বুজিলো ।Conclusion:ভূঞাই আৰু কয় যে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে যে এই আইনখনৰ জৰিয়তে নগন্য সংখ্যক বিদেশীয়েহে নাগৰিকত্ব পাব । এই নগন্য সংখ্যাটো তেওঁ কেনেকৈ জানিলে ? তেওঁ যেতিয়া আই এম ডি টি গোচৰৰ শপতনামা দাখিল কৰিছিল, তাত উল্লেখ কৰিছিল যে বৰ্তমানেও বাংলাদেশৰ পৰা প্ৰৱজন অব্যাহত আছে । তেন্তে কোনটো তথ্য সত্য বুলিও প্ৰশ্ন তোলে জগদীশ ভূঞাই ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.