গুৱাহাটী, ৩ জানুৱাৰী: বুধবাৰে পুৱতি নিশা দেৰগাঁৱত সংঘটিত হোৱা পথ দুর্ঘটনাটো অতি হৃদয়বিদাৰক ঘটনা হিচাপে ৰৈ যাব অসমবাসীৰ মনত । কয়লাভৰ্তি ট্ৰাক আৰু এখন আল্ট্ৰা বাহনৰ মুখামুখি সংঘর্ষৰ ফলত হোৱা দুখজনক ঘটনাটোত 12 গৰাকীকৈ লোকে প্ৰাণ হেৰুৱায়৷ এই ঘটনাত গভীৰ শোকপ্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৰাইজৰ দলে ।
অসমৰ বিভিন্ন ঠাইত ৰাষ্ট্ৰীয় ঘাইপথৰ দূৰাৱস্থাৰ বাবেই ৰাইজে জীয়াতু ভুগি অহাৰ পাছতো গা লৰা নাই ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ । চৰকাৰ আৰু NHAI-এ বিভিন্ন সময়ত টোলগেট সাঁজি বিভিন্ন কৰ-কাটল আদায় কৰিছে যদিও তাৰ তুলনাত ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ উন্নয়ন কৰিব পৰা নাই ।
এই প্ৰসংগত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয়, ‘‘এই ঘটনাৰ এক উচ্চ-পর্যায়ৰ তদন্ত হ'ব লাগে"। ফ'ৰলেন ৰাস্তা নির্মাণকাৰী প্ৰতিষ্ঠানৰ মইমতালিৰ বিৰুদ্ধে ৰাইজৰ দলে দীৰ্ঘদিন সদায় তীব্ৰ প্ৰতিবাদ কৰি আহিছে । যোৰহাট-ডিরুগড় সংযোগী পথটো আজি চাৰিটা বছৰেও সম্পূর্ণ কৰিব নোৱাৰিলে চৰকাৰে । পথৰ দুৰৱস্থাও এই দুৰ্ঘটনাৰ অন্য এক মূল কাৰণ বুলি অভিযোগ কৰে অখিল গগৈয়ে ৷
ব্যাপক হাৰত ৰাইজৰ পৰা টোল-টেক্স সংগ্ৰহ কৰাৰ পিছতো আজি অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ অৱস্থা ভয়ানক কিয় বুলি প্ৰশ্ন কৰে অখিল গগৈয়ে ৷ লগতে মাঘেৰিটাৰ পৰা কয়লাভৰ্তি ট্ৰাক আহি কেনেকৈ দেৰগাঁও পালেহি, কঢ়িয়াই অনা কয়লাসমূহ বৈধভাৱে কঢ়িয়াইছিল নে অবৈধভাৱে আনিছিল সেই ঘটনাৰো তদন্তৰ দাবী অখিল গগৈৰ ।
এই সকলো তদন্তৰ লগতে নিহতৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ আৰু আহত সকলক চৰকাৰীভাৱে উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে বুলি দাবী তোলে ৰাইজৰ দলে । অনাগত দিনবোৰত এনেকুৱা ভয়ংকৰ দুর্ঘটনা যাতে হ'ব নোৱাৰে তাৰ বাবেও বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাই অখিল গগৈয়ে ।
লগতে পঢ়ক: বছা-ভৰলোৱা গাঁৱত শোকাকুল পৰিৱেশ