গুৱাহাটী,২১ অক্টোবৰ:মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অতিৰিক্ত মুখ্য সচিবৰ দায়িত্ব অৰ্পণ কৰা হৈছে ভাৰতীয় প্ৰশাসনিক বিষয়া পৱন বৰঠাকুৰক। সঞ্জয় লোহিয়াৰ স্থানত ন্যস্ত কৰা হৈছে বৰ্তমান সংস্কাৰ আৰু উন্নয়ন বিভাগ,সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব তথা অসম প্ৰশাসনীয় ন্যায়াধিকৰণৰ অধ্যক্ষ পৱন বৰঠাকুৰক। ৰাজ্যৰ কৰ্মচাৰী বিভাগে এক অধিসূচনা জাৰি কৰি ভাৰতীয় প্ৰশাসনিক বিষয়াগৰাকীক দায়িত্ব অৰ্পণ কৰে।
অহা ২২ অক্টোবৰত সঞ্জয় লোহিয়াই বিদায় লোৱাৰ পিছতে অতিৰিক্ত মুখ্য সচিবৰ দায়িত্বভাৰ গ্ৰহণ কৰিব অসম মেঘালয় কেডাৰৰ বিষয়া পৱন বৰঠাকুৰে। শীঘ্ৰে মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ কাম-কাজ চোৱা-চিতা কৰিব ভাৰতীয় প্ৰশাসনিক বিষয়গৰাকীয়ে। আনহাতে,অসম প্ৰশাসনীয় ন্যায়াধিকৰণৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে মনিন্দৰ সিঙক। মনিন্দৰ সিঙে সম্প্ৰতি গুৱাহাটী উন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব আৰু নতুন দিল্লীস্থিত অসম ভৱনৰ আবাসিক আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
লগতে পঢ়ক:ক’ভিড-19 পৰীক্ষাৰ তথ্য সন্দৰ্ভত CuRED ৱেবচাইট মুকলি কেন্দ্ৰৰ