ETV Bharat / state

Radhakishan Damani in Guwahati: গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণথলী পৰিদৰ্শন - পাণবজাৰৰ পুৰণি মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়

বৃহস্পতিবাৰে দিছপুৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) উপস্থিতিত অসম চৰকাৰ আৰু ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্ট প্ৰাইভেট লিমিটেডৰ মাজত দ্বিতীয়খন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শৈক্ষিক আন্তঃগাঠনি নিৰ্মাণত সহযোগিতা বিষয়ক এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হয় ৷

Investor Radhakrishnan Damani visited construction of 2nd medical college in Guwahati
গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণথলী পৰিদৰ্শন
author img

By

Published : Nov 4, 2022, 8:58 PM IST

গুৱাহাটী, ৪ নৱেম্বৰ: অসমত চিকিৎসা শিক্ষাৰ আন্তঃগাঠনি বিকশিত কৰাত ৰাজ্য চৰকাৰক সহযোগিতা আগবঢ়োৱা দেশৰ অগ্ৰণী বিনিয়োগকাৰী গোষ্ঠী মুম্বাইৰ ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্ট প্ৰাইভেট লিমিটেডৰ অধ্যক্ষ ৰাধাকৃষ্ণন ডামানীয়ে (Radhakishan Damani in Guwahati) শুকুৰবাৰে ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা তথা গৱেষণা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ (Minister Keshab Mahanta) সৈতে দ্বিতীয়খন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ (2nd medical college in Guwahati) নিৰ্মাণথলী পৰিদৰ্শন কৰে ।

Investor Radhakrishnan Damani visited construction of 2nd medical college in Guwahati
গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণথলী পৰিদৰ্শন

বৃহস্পতিবাৰে দিছপুৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) উপস্থিতিত অসম চৰকাৰ আৰু ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্ট প্ৰাইভেট লিমিটেডৰ মাজত দ্বিতীয়খন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শৈক্ষিক আন্তঃগাঠনি নিৰ্মাণত সহযোগিতা বিষয়ক এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হয় ৷

ইয়াৰ পাছতে স্বাস্থ্যমন্ত্ৰী মহন্তই দুপৰীয়া দেশৰ আগশাৰীৰ বিনিয়োগকাৰী গোষ্ঠীটোৰ অধ্যক্ষগৰাকীৰ সৈতে কালাপাহাৰস্থিত চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণস্থলীত উপস্থিত হৈ প্ৰাৰম্ভিক নিৰ্মাণকাৰ্যৰ আভাস লয় ৷ লগতে নিৰ্মাণ প্ৰকল্পৰ সবিশেষ বুজ লয় স্বাস্থ্যমন্ত্ৰীগৰাকীৰ লগতে গোষ্ঠীটোৰ অধ্যক্ষগৰাকীয়ে ৷

উল্লেখ্য যে, ৰাজ্য চৰকাৰে কালাপাহাৰৰ পুৰণি যক্ষ্মাৰোগ চিকিৎসালয়ৰ বিশাল ভূমিত স্থাপন কৰিবলৈ লোৱা গুৱাহাটীৰ এই দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ শৈক্ষিক আৰু প্ৰশাসনিক ভৱনৰ লগতে শিক্ষাৰ্থী আৱাসসহ চিকিৎসা মহাবিদ্যালয়খনৰ মূল চৌহদটোৰ নিৰ্মাণ কাৰ্যৰ ইতিমধ্যে আৰম্ভণি কৰা হৈছে ।

এই পৰিদৰ্শনৰ সময়ত স্বাস্থ্যমন্ত্ৰী আৰু শীৰ্ষ বিনিয়োগকাৰীগৰাকীৰ সৈতে উপস্থিত থাকে ৰাজ্যৰ চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মন, চিকিৎসা শিক্ষা তথা গৱেষণা বিভাগৰ অতিৰিক্ত সচিব মানস নাথ আৰু মুম্বাইৰ ডামানী ফাউণ্ডেচনৰ মুখ্য ন্যাসৰক্ষী তথা ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্ট প্ৰাইভেট লিমিটেডৰ অন্যতম সঞ্চালক মধুচন্দাক ডামানী ৷

কালাপাহাৰৰ চিকিৎসা মহাবিদ্যালয়খনৰ মূল চৌহদ প্ৰত্যক্ষ কৰাৰ পাছতে স্বাস্থ্যমন্ত্ৰী মহন্ত আৰু ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্ট প্ৰাইভেট লিমিটেডৰ (Bright Star Investments Private Limited) মূৰব্বীগৰাকীয়ে পাণবজাৰৰ পুৰণি মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় চৌহদত উপস্থিত হৈ এই চিকিৎসা মহাবিদ্যালয়ৰে সংলগ্ন ১০০খন বিচনাযুক্ত চিকিৎসালয়ৰ নিৰ্মাণথলীও নিৰীক্ষণ কৰে ।

মহানগৰীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ অন্যতম অংশ এই চিকিৎসালয়ক ছুপাৰস্পেচিয়েলিটি সেৱাৰে সমৃদ্ধ চিকিৎসালয়ৰূপে নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে । ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্ট প্ৰাইভেট লিমিটেডৰ মূৰব্বী ডামানীয়ে কালাপাহাৰ আৰু পাণবজাৰৰ পুৰণি মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় চৌহদৰ দুয়োটা নিৰ্মাণথলীতে চিকিৎসা শিক্ষা সঞ্চালক আৰু চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠান এল এণ্ড টিৰ প্ৰকল্প তত্বাৱধায়কৰ সৈতেও মতবিনিময় কৰে ।

উল্লেখ্য যে, ৰাজ্যত চিকিৎসা শিক্ষাৰ আন্তঃগাঠনি সৱলীকৰণৰ বাবে অসম চৰকাৰে অব্যাহত ৰখা প্ৰয়াসলৈ মহত্বপূৰ্ণ সহযোগিতাৰে ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্ট প্ৰাইভেট লিমিটেডে দ্বিতীয়খন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ শৈক্ষিক ভৱন আৰু শিক্ষাৰ্থী আৱাসসহ আন্তঃগাঠনি বিকশিত কৰিবলৈ কৰ্পোৰেট সামাজিক দ্বায়বদ্ধতা আঁচনিৰ অধীনত ৰাজ্য চৰকাৰলৈ ১৫০ কোটি টকাৰ পুঁজি আগবঢ়াইছে ।

ইফালে স্বাস্থ্যমন্ত্ৰী মহন্তই সন্ধিয়া মহানগৰীৰ ভিভান্তাত ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্ট প্ৰাইভেট লিমিটেডৰ মূৰব্বী ডামানী আৰু ডামানী ফাউণ্ডেচনৰ মুখ্য ন্যাসৰক্ষী মধুচন্দাক ডামানীৰ সৈতে এখন চাহমেলতো মিলিত হয় । ৰাজ্যৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব সিদ্ধাৰ্থ সিং, শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ ধ্ৰুৱজ্যোতি বৰা, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মন, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ অতিৰিক্ত সচিব মানস নাথ এই চাহমেলত উপস্থিত থাকে ৷

লগতে স্বাস্থ্য সেৱা সঞ্চালক (পৰিয়াল কল্যাণ) কমলজিৎ তালুকদাৰ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্য, জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাৰ লগতে স্বাস্থ্য আৰু চিকিৎসা শিক্ষা বিভাগৰ জ্যেষ্ঠ বিষয়াসকলেও ভাগ লোৱা এই চাহমেলত দ্বিতীয়খন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়কে ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহত শৈক্ষিক আন্তঃগাঠনিৰ বিকাশৰ ক্ষেত্ৰত ব্যক্তিগত খণ্ডৰ সহযোগিতাৰ সম্ভাৱনাৰ বিষয়ে শীৰ্ষ বিনিয়োগকাৰীগৰাকীৰে চৰ্চা কৰা হয় ।

লগতে পঢ়ক: Assam Govt new liquor policy: চৰকাৰৰ ইচ্ছাত গাঁৱে-নগৰে উভৈনদী হ’ব ৰঙীণ পানীটুপি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.