ETV Bharat / state

চিকিৎসাকৰ্মীৰ সুৰক্ষাৰ বাবে ইন্টিউবেশ্যন বক্স নিৰ্মাণ IITৰ ছাত্ৰৰ

author img

By

Published : May 1, 2020, 7:49 PM IST

গুৱাহাটী আই আই টিৰ বায়’ চাইঞ্চ বিভাগৰ শিক্ষাৰ্থীয়ে নিৰ্মাণ COVID-19ৰ চিকিৎসাৰ ক্ষেত্ৰত, চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলৰ সুৰক্ষাৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে ইন্টিউবেশ্যন বক্স ।

intubation box innovated by the students of iitg

গুৱাহাটী, 1 মে': সমগ্ৰ বিশ্বৰ লগতে অসমতো কৰ’ণা ৰোগ প্ৰতিৰোধৰ বাবে চৰকাৰ তথা বিভিন্ন সংস্থাই আৰম্ভ কৰিছে গৱেষণা । যাৰ পৰিপ্ৰেক্ষিতত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান গুৱাহাটী আই আই টিৰ বায়’ চাইঞ্চ বিভাগৰ শিক্ষাৰ্থী সকলে COVID-19ৰ চিকিৎসাৰ ক্ষেত্ৰত, চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলৰ সুৰক্ষাৰ বাবে নিৰ্মাণ কৰি উলিয়াইছে ইন্টিউবেশ্যন বক্স । বৰ্তমান এইমছ্কে ধৰি দেশৰ আগশাৰীৰ চিকিৎসালয় সমূহত পৰীক্ষামূলকভাৱে ব্যৱহাৰ কৰা হৈছে এই বক্স ।

চিকিৎসাকৰ্মীৰ সুৰক্ষাৰ বাবে ইন্টিউবেশ্যন বক্স নিৰ্মাণ আইআইটিৰ ছাত্ৰৰ

ভেন্টিলেটৰত ৰাখি ৰোগীক চিকিৎসা কৰাৰ সময়ত ই সহায়ক হয় বুলি জানিব পৰা গৈছে । ইন্টিউবেশ্যন বক্সৰ ভিতৰত ৰাখি চিকিৎসা আৰম্ভ কৰিলে কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ ভয় হ্ৰাস পায় । কিয়নো কাহ মাৰিলে অথবা বতাহত হাঁচিয়ালে ই বস্কৰ ভিতৰতে আবদ্ধ হয় । গুৱাহাটী আই আই টিৰ বায়’ চাইঞ্চ বিভাগৰ উমঙ্গ মাথুৰে জানিবলৈ দিয়া মতে, এই বাকচ সমূহ ১০০ শতাংশই সুৰক্ষিত । আন এগৰাকী গৱেষক মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ ৷ প্ৰতিষ্ঠানটোৰ 6 জনীয়া গৱেষকৰ দলটোৰ আন চাৰিজন সদস্য প্ৰতীক মনছা, ব্ৰিশাংক ভৰদ্বাজ, ভিগনেশ কুমাৰ শুবেটাংক পানবাৰে এই বক্সটো নিৰ্মাণ কৰি উলিয়াইছে বুলি জানিবলৈ দিয়ে আন এগৰাকী মেকানিকেল ইঞ্জিনিয়াৰিঙৰ গৱেষক ছাত্ৰ সঞ্চিত জুনজুনৱালাই । উল্লেখ্য যে, প্ৰতিটো বক্সৰ নামত ব্যয় হোৱা মূল্য 2000 টকা ।

লগতে পঢ়কঃ বিশ্বত কৰ'ণা ভাইৰাছৰ শেহতীয়া খবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.