ETV Bharat / state

Minister Pijush Hazarika : আন্তঃৰাষ্ট্ৰীয় অভাৰডোজ সজাগতা দিৱস উপলক্ষে বিশেষ অনুষ্ঠান - মন্ত্ৰী পীযুষ হাজৰীকা

গুৱাহাটীৰ নেৰিমত ৰাজ্যিক মাদক দ্ৰব্য বিৰোধী আৰু নিবাৰণী পৰিষদৰ উদ্যোগত আয়োজিত আন্তঃৰাষ্ট্ৰীয় অভাৰডোজ সজাগতা দিৱস ৷ অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷

International Overdose Awareness Day Programme
নেৰিমত বিশেষ অনুষ্ঠান
author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 10:45 PM IST

আন্তঃৰাষ্ট্ৰীয় অভাৰডোজ সজাগতা দিৱস

গুৱাহাটী, 31 আগষ্ট : অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই বৃহস্পতিবাৰে গুৱাহাটীৰ North Eastern Regional Institute Of Management চমুকৈ নেৰিমত ৰাজ্যিক মাদক দ্ৰব্য বিৰোধী আৰু নিবাৰণি পৰিষদৰ উদ্যোগত আয়োজিত International Overdose Awareness Day ৰ অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে ৷ অনুষ্ঠানত বক্তব্য প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বিভিন্ন দেশত অত্যাধিক ড্ৰাগছ লোৱাৰ ফলত কেনেদৰে বহুসংখ্যক লোকে মৃত্যুমুখত পৰিব লগা হয় সেই বিষয়ে আলোকপাত কৰে ৷

মন্ত্ৰীগৰাকীয়ে বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনৰ উদ্ধৃতি দি কয় যে 2019 চনত বিশ্বৰ প্ৰায় 6 লাখ মানুহে 'ড্ৰাগচ অভাৰডোজ'ৰ বাবে মৃত্যুক সাৱটিব লগাত পৰিছিল ৷ মাথো আমেৰিকা যুক্তৰাষ্ট্ৰতে প্ৰতি বছৰে এক লাখৰো অধিক মানুহ ড্ৰাগছৰ অভাৰডোজত মৃত্যু হয় বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷ ভাৰতৰ ক্ষেত্ৰত যদিও প্ৰতিবেদন অনুসৰি 2017-19 চনৰ সময়খিনিত 2300 মানুহ ড্ৰাগছৰ কবলত পৰি মৃত্যু হৈছে বুলি কোৱা হয় কিন্তু প্ৰকৃততে এই সংখ্যা বহু বেছি বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷ ভাৰতত বহু পৰিয়ালে তেওঁলোকৰ সদস্য এগৰাকীয়ে ড্ৰাগছ লয় বুলি প্ৰকাশ কৰিব নোখোজে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ড্ৰাগছৰ 'অভাৰডোজ'ৰ বাবে সমাজৰ এজন ব্যক্তিৰো মৃত্যু হোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক ৷

ড্ৰাগছৰ ব্যৱহাৰে সমাজত হতাশাগ্ৰস্ত এচাম ব্যক্তিৰ জন্ম দিয়ে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিগত 2021 বৰ্ষত ভাৰতত প্ৰায় 10,000 গৰাকী ব্যক্তিয়ে ড্ৰাগছ আৰু মাদক দ্ৰব্যৰ আসক্তিত পৰি আত্মহত্যা কৰিছিল বুলি সন্দেহ কৰা হৈছে ৷ মন্ত্ৰীগৰাকীয়ে আৰু কয় যে আমি মানুহক ড্ৰাগছৰ আসক্তিৰ পৰা আঁতৰি থাকিবৰ বাবে সজাগ আৰু শিক্ষিত কৰি তুলিব লাগিব ৷ মন্ত্ৰীগৰাকীয়ে কয় যে আমি সকলোৱে সামাজিক দায়বদ্ধতাৰে কাম কৰিলে আৰু পৰিয়াল তথা লগৰবোৰৰ বিষয়ে চিন্তা কৰি কাম কৰিলে সমাজত ড্ৰাগচৰ আসক্তৰ সংখ্যা কমি যাব ৷

আজিৰ অনুষ্ঠানত উপস্থিত থকা নেৰিমৰ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকক পিতৃ-মাতৃয়ে অশেষ কষ্ট কৰি চহৰ অঞ্চলত অধ্যয়নৰ বাবে পঠিয়ায় যদিও এচামে বেয়া কামত লিপ্ত হৈ সমাজত অশান্তিৰ সৃষ্টি কৰে ৷ এই ক্ষেত্ৰত শৈক্ষিক প্ৰতিষ্ঠানসমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক প্ৰয়োজনসাপেক্ষে বিশেষ পৰামৰ্শ প্ৰদানৰ ব্যৱস্থা কৰিব লাগে বুলি তেওঁ উল্লেখ কৰে ৷ আনহাতে অভিভাৱকসকলেও নিজৰ ল'ৰা-ছোৱালীয়ে ক'ত কেনেদৰে টকা খৰচ কৰে সেই বিষয়ে সজাগ দৃষ্টি ৰাখিব লাগে বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য আগবঢ়ায় ৷

লগতে পঢ়ক : Important meeting of BJP allies : 2 ছেপ্তেম্বৰত তিনিচুকীয়াত বিজেপি মিত্ৰজোঁটৰ গুৰুত্বপূৰ্ণ বৈঠক; উপস্থিত থাকিব মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.