গুৱাহাটী, ২২ জুলাই : ক্ৰৱেচিয়াৰ ঝাগ্ৰেব বিশ্ববিদ্যালয় আৰু যোৰহাটৰ নৰ্থ ইষ্ট ৰিনিউৱেবল এনাৰ্জী ৰিছাৰ্চ লেবৰ (এনইআৰইআৰএল) যৌথ উদ্যোগত গুৱাহাটীত শনিবাৰৰে পৰা আৰম্ভ হৈছে এখন আন্তঃৰাষ্ট্ৰীয় জলবায়ু পৰিবৰ্তন সন্মিলন । খানাপাৰাৰ অসম প্ৰশাসনিক পদাধিকাৰীৰ মহাবিদ্যালয়ত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত ‘ইণ্টাৰনেছনেল ছামিট অন ৰিনিউৱেবল এনাৰ্জী : ক্লাইমেট চেঞ্জ ছামিট-২০২৩’ ৰ দ্বিতীয়খন সন্মিলন শনিবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৰাজ্যৰ বিজ্ঞান-প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ।
ক্ৰৱেচিয়াৰ আগশাৰীৰ জলবায়ু পৰিবৰ্তন বিশেষজ্ঞদ্বয় তথা ঝাগ্ৰেব বিশ্ববিদ্যালয়ৰ কৃষি বিভাগৰ ‘ডীন অব ফেকাল্টী’ প্ৰফেছাৰ ইভিকা কিছিক আৰু ‘ভাইচ ডীন অব ফেকাল্টী’ প্ৰফেছাৰ ক্ৰিষ্টিনা ক্লিয়াককে ধৰি কেইবাগৰাকী আন্তঃৰাষ্ট্ৰীয় গৱেষক-জলবায়ু কৰ্মীৰ উপৰি দেশৰ বিভিন্ন ৰাজ্যৰ জলবায়ু পৰিৱৰ্তন বিষয়ক গৱেষক, পৰিৱেশকৰ্মী, উদ্যমী আদিয়ে এই সন্মিলনত অংশ গ্ৰহণ কৰিছে ।
সন্মিলনখন উদ্বোধন কৰি দিয়া ভাষণত ৰাজ্যৰ বিজ্ঞান-প্ৰযুক্তি আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কয় যে সমগ্ৰ বিশ্বই আজি জলবায়ু পৰিৱৰ্তনে অনা বাস্তৱ পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ বাধ্য হৈছে । অত্যন্ত অস্বাভাৱিক তথা প্ৰতিকূল বতৰে সৃষ্টি কৰা পৰিস্থিতি, সাগৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি আৰু ব্যাপক হাৰত হোৱা জৈৱ-বৈচিত্ৰ বিলুপ্তিৰ ঘটনা প্ৰবাহে এই কথাই সকিয়াই দিছে যে জলবায়ু পৰিৱৰ্তনৰ বাস্তৱিক সংকটে আমাৰ অৰ্থনীতি, স্বাস্থ্য আৰু সামাজ জীৱনকে ধৰি মানৱ জীৱনৰ প্ৰতিটো দিশতে ক্ষতিকাৰক প্ৰভাৱ পেলাইছে ।
সেয়ে এতিয়া সমগ্ৰ বিশ্বই সন্মিলিত ভাৱে জলবায়ু পৰিবৰ্তনৰ সংকটৰ পৰা পৰিত্ৰাণৰ বাবে প্ৰণালীবদ্ধ তথা আন্তৰিক প্ৰচেষ্টা চলোৱাটো অতি জৰুৰী হৈ পৰিছে বুলি তেওঁ কয় ।
সেউজ প্ৰকৃতি তথা অফুৰন্ত জৈৱ-বৈচিত্ৰৰে ভৰপুৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈও জলবায়ু পৰিৱৰ্তনে গুৰুতৰ ভাবুকি-প্ৰত্যাহ্বান কঢ়িয়াই অনাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ গুৱাহাটীত এনেধৰণৰ আন্তঃৰাষ্ট্ৰীয় জলবায়ু পৰিবৰ্তন বিষয়ক সন্মিলন আয়োজনৰ বাবে ক্ৰৱেচিয়াৰ শীৰ্ষস্থানীয় বিশ্ববিদ্যালয়খনৰ শলাগ লয় ।
জলবায়ু পৰিবৰ্তন প্ৰতিৰোধৰ বিশ্বজনীন প্ৰয়াসত ভাৰতৰো সক্ৰিয় অংশ গ্ৰহণ সুনিশ্চিত কৰি আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ ওচৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া প্ৰতিশ্ৰুতি পূৰণৰ দিশত অসমেও ইতিমধ্যে কাৰ্যব্যৱস্থা গ্ৰহণ কৰা বুলি তেওঁ দোহাৰে । ভাষণত তেওঁ কয় যে অসমত জলবায়ু পৰিৱৰ্তনৰ সমস্যাৰে মোকাবিলাৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে কেতবোৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ।
ইয়াৰ অংশ হিচাপে বিগত বৰ্ষৰ জুলাইত অসম কেবিনেটে প্ৰথমবাৰলৈ ‘অসম ৰাজ্যিক নবীকৰণযোগ্য শক্তি নীতি’ গ্ৰহণ কৰি ৰাজ্যখনত নবীকৰণযোগ্য শক্তি উৎসৰ পৰা শক্তি উৎপাদনত বিশেষ গুৰুত্ব আৰোপ কৰিছে । ৰাজ্যৰ মুকলি হৈ পৰি থকা চৰকাৰী মাটিত ১০০০ মেগাৱাটৰ ‘মুখ্যমন্ত্ৰীৰ সৌৰশক্তি প্ৰকল্প’ৰ নিৰ্মাণৰ ব্যৱস্থা কৰাৰ লগতে আগন্তুক পাঁচ বছৰত অসমে ১২০০ মেগাৱাট নবীকৰণযোগ্য শক্তি উৎপাদনৰ লক্ষ্য স্থিৰ কৰা বুলি তেওঁ সদৰি কৰে ।
উদ্বোধনী অনুষ্ঠানত ক্ৰৱেচিয়াৰ শীৰ্ষস্থানীয় জলবায়ু পৰিবৰ্তন বিষয়ক বিজ্ঞানীদ্বয় প্ৰফেছাৰ কিছিক আৰু প্ৰফেছাৰ ক্লিয়াকৰ লগতে ৰাজ্য চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ সচিবলয়া মাদুৰী, নৰ্থ ইষ্ট ৰিনিউৱেবল এনাৰ্জী ৰিছাৰ্চ লেবৰ সঞ্চালক প্ৰকাশ কুমাৰ সিং, অসম প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ অধ্যক্ষ ড৹ অৰূপ মিশ্ৰ, অৰুণাচল প্ৰদেশ ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ সঞ্চালক অধ্যাপক পিনাকেশ্বৰ মহন্ত, বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ জ্যেষ্ঠ বিজ্ঞানী অধ্যাপক ভি প্ৰকাশ আৰু নতুন দিল্লীৰ নৰ্থ ইষ্ট চেন্টাৰ ফৰ টেকন’লজী এপ্লিকেচন এণ্ড ৰিছাৰ্চৰ সঞ্চালক প্ৰধান ড৹ অৰুণ কুমাৰ শৰ্মা উপস্থিত আছিল ।
এই তিনিদিনীয়া সন্মিলনৰ আলোচনা সত্ৰসমূহত নৱীকৰণযোগ্য শক্তিকে ধৰি প্ৰাকৃতিক সম্পদৰাজিৰ সঠিক ব্যৱহাৰেৰে মানৱ জাতিৰ বাবে বহনক্ষম, ন্যায়সংগত আৰু উন্নত ভৱিষ্যত সুনিশ্চিত কৰাৰ দিশত প্ৰয়োজনীয় কাৰ্যব্যৱস্থা তথা ৰণকৌশলৰ বিষয়ে বিশেষজ্ঞসকলৰ মাজত আলোচনা কৰা হ’ব । উল্লেখ্য যে নবীকৰণযোগ্য শক্তি আৰু জলবায়ু পৰিবৰ্তন বিষয়ক এই আন্ত:ৰাষ্ট্ৰীয় সন্মিলনৰ এই বছৰৰ প্ৰথমখন সন্মিলন ক্ৰৱেচিয়াৰ ৰাজধানী ঝাগ্ৰেবত ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল ।
লগতে পঢ়ক : Rojgar mela: গুৱাহাটীৰ ৰোজগাৰ মেলাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল