ETV Bharat / state

আন্তঃৰাষ্ট্ৰীয় শৰীৰ চৰ্চাবিদ দেৱজিত গগৈৰ অকাল বিয়োগ - মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

প্ৰাক্তন মিষ্টাৰ অসম তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শৰীৰ চৰ্চাবিদ, প্ৰশিক্ষক দেৱজিত গগৈৰ দেহাৱসান ৷ ক'ভিডত আক্ৰান্ত হৈ দেওবাৰে সন্ধিয়া গুড হেলথ হাস্পতালত প্ৰশিক্ষক দেৱজিত গগৈৰ মৃত্যু ঘটে ৷ বিশিষ্ট শৰীৰ চৰ্চাবিদ গৰাকীৰ অকাল বিয়োগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰে ।

আন্তঃৰাষ্ট্ৰীয় শৰীৰ চৰ্চাবিদ দেৱজিত গগৈৰ অকাল বিয়োগ

author img

By

Published : May 17, 2021, 6:53 AM IST

গুৱাহাটী,17 মে': প্ৰাক্তন মিষ্টাৰ অসম তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ শৰীৰ চৰ্চাবিদ, প্ৰশিক্ষক দেৱজিত গগৈৰ দেহাৱসান । ক'ভিডত আক্ৰান্ত হৈ প্ৰশিক্ষক দেৱজিত গগৈৰ মৃত্যু ঘটে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৭ বছৰ । কৰ'ণাত আক্ৰান্ত হৈ শৰীৰ চৰ্চাবিদ গগৈ গুৱাহাটী মহানগৰীৰ গুড হেলথ হাস্পতালত চিকিৎসাধীন হৈ আছিল । অৱশেষত দেওবাৰে সন্ধিয়া চিকিৎসাধীন অৱস্থাতে গুড হেলথ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে দেৱজিৎ গগৈয়ে ।

উল্লেখ্য যে, বিশিষ্ট শৰীৰ চৰ্চাবিদ গৰাকীৰ অকাল বিয়োগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে । বিশিষ্ট শৰীৰ চৰ্চাবিদ তথা প্ৰশিক্ষক গৰাকীৰ মৃত্যু অসমৰ ক্ৰীড়াজগতৰ এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

লগতে পঢ়ক: উত্তৰ গুৱাহাটীত নতুন ক’ভিড নীতি উলংঘা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.