ETV Bharat / state

তালিকাৰ পৰা নাম কটা গ'ল মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ

"আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱস" উপলক্ষে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত কৰিব বিভিন্ন কাৰ্যসূচী ৷ এই অনুষ্ঠানত দুৰ্নীতি বিৰোধী শূন্য সহনশীল বঁটা প্ৰদান কৰা হ'ব বহু ৰাজ্যৰ ভালে কেইগৰাকী ব্যক্তিক ৷ কিন্তু বঁটা নাপায় মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মই ৷

9 ডিচেম্বৰত পালন কৰা হ'ব "আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱস
তালিকাৰ পৰা নাম কটা গ'ল মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ
author img

By

Published : Dec 6, 2019, 6:38 PM IST

গুৱাহাটী,6 ডিচেম্বৰঃ সমগ্ৰ দেশতে 9 ডিচেম্বৰত পালন কৰা হ'ব "আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱস" ৷ তদুপলক্ষে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত কৰিব বিভিন্ন কাৰ্যসূচী ৷

এই অনুষ্ঠানত দুৰ্নীতি বিৰোধী শূন্য সহনশীল বঁটা প্ৰদান কৰা হ'ব বহু ৰাজ্যৰ কেইগৰাকী ব্যক্তিক ৷ কিন্তু বঁটা প্ৰদানৰ বাবে প্ৰস্তাৱিত নাম তালিকাৰ পৰা নাম কটা গ'ল অসম চৰকাৰৰ এগৰাকী মন্ত্ৰীৰ ৷ সেই মন্ত্ৰীগৰাকী হ'ল অসম চৰকাৰৰ সমাজ কল্যান বিভাগৰ মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম ৷

তালিকাৰ পৰা নাম কটা গ'ল মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্মৰ

উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰিব খোজা নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 ৰ সমৰ্থন জনোৱাৰ বাবেই সংগঠনটোৱে বঁটা নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মন্ত্ৰীগৰাকীক ৷ ইয়াৰ লগতে বিশিষ্ট ব্যক্তি হিচাপে আমন্ত্ৰণ জনোৱা কৃষিমন্ত্ৰী অতুল বৰাকো নাকচ কৰিছে উদ্যোক্তা সমিতিয়ে ৷ শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত অনুস্থিত এখন সংবাদমেলত এই কথা ঘোষণা কৰে সংগঠনটোৱে ৷ বঁটা প্ৰদান অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা সকলো সাংস্কৃতিক অনুষ্ঠানো বাতিল কৰিছে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে ৷

অহা 9 ডিচেম্বৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰিব দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে ৷ তাৰোপৰি 10 ডিচেম্বৰতো গণেশগুৰিত গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিব সংগঠনটোৰ সদস্যসকলে ৷

লগতে চাওকঃদ্বীপৰ বিলত ৰে’লৰ খুন্দাত আহত বন্য হস্তী

Intro:শূন্য সহনশীল বটা নিদিয়ে মন্ত্ৰী প্ৰমিলাৰানীক

Body:৯ ডিচেম্বৰত সমগ্ৰ দেশতে পালন কৰা হব "আন্তৰাষ্ট্ৰীয় দুৰ্নীতী বিৰোধী দিৱস" । সেই দিৱস উপলক্ষে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম নামৰ সংগঠনটোৱে কলাক্ষেত্ৰত পালন কৰিব বিভিন্ন কাৰ্যসূচী । এই অনুষ্ঠানতে ৰাজ্যৰ কেইবাগৰাকী লোকক তেওঁ লোকে প্ৰদান কৰিব দুৰ্নীতি বিৰোধী শূন্য সহনশীল বটা । এই বটা প্ৰাপকৰ ভিতৰত আছিল অসম চৰকাৰৰ মন্ত্ৰী প্ৰমিলাৰানী ব্ৰহ্ম । কিন্তু শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপনৰ কোনো ধৰণৰ বিৰোধিতা মন্ত্ৰী গৰাকীয়ে নকৰাত তেওঁৰ নাম নাকচ সংগঠনটোৱে । লগতে বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ কৰা মন্তী অতুল বৰাকো নাকচ কৰিছে তেওঁ লোকে । লগতে বিধেয়কৰ বিৰোধিতা কৰি সকলো সাংস্কৃতিক অনুষ্ঠান বাতিল কৰে সংগঠনটোৱে । শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল আয়োজন কৰি এই কথা ঘোষণা কৰে সংগঠনটোৱে । সেই দিনটোতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এক জোৰ সমদল উলিয়াব ।ইয়াৰ উপৰিও ১০ ডিচেম্বৰত গনেশগুৰিত গন বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিব সংগঠনটোৰ সদস্যই ।

Conclusion:লিপিকা ডেকা, গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.