ETV Bharat / state

সাংবাদিক মনোজ কুমাৰ ডেকালৈ আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী বঁটা - সাংবাদিক মনোজ কুমাৰ ডেকালৈ আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী বঁটা

আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱসৰ দিনাই ইটিভি ভাৰতৰ গুৱাহাটীৰ সাংবাদিক মনোজ কুমাৰ ডেকালৈ আগবঢ়োৱা হয় আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী বঁটা-২০২১ সন্মান(International Anti Corruption Award) । বৃহস্পতিবাৰে মহানগৰীৰ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত আয়োজন কৰা বঁটা প্ৰদান অনুষ্ঠানত সাংবাদিকগৰাকীক প্ৰদান কৰা এই বঁটা ৷

international anti corruption award to ETV Bharat Journalist Manoj Kumar Deka
সাংবাদিক মনোজ কুমাৰ ডেকালৈ আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী বঁটা
author img

By

Published : Dec 9, 2021, 10:21 PM IST

গুৱাহাটী, ৯ ডিচেম্বৰ : দুৰ্নীতিৰ কৰালগ্রাসে সমাজৰ সকলো ক্ষেত্ৰতে প্ৰভাৱাম্বিত কৰে । দুৰ্নীতিক সমূলাঞ্চে নিৰ্মূল কৰিব পাৰিলেহে এখন দেশ তথা এখন সমাজ প্ৰগতিৰ বাটেৰে আগুৱাব পাৰে । সেয়ে এখন সুস্থ আৰু নিকা সমাজ গঢ় দিবলৈ হ’লে দুৰ্নীতিক প্ৰতিৰোধ কৰিবই লাগিব । দুৰ্নীতিৰ বিৰুদ্ধে জনসাধাৰণক সজাগ আৰু সচেতন কৰাৰ উদ্দেশ্য বৃহস্পতিবাৰে বিশ্বৰ লগতে দেশজুৰি পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱস(International Anti Corruption Day 2021 ) ৷

international anti corruption award to ETV Bharat Journalist Manoj Kumar Deka
সাংবাদিক মনোজ কুমাৰ ডেকালৈ আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী বঁটা

আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱসৰ দিনাই ইটিভি ভাৰতৰ গুৱাহাটীৰ সাংবাদিক মনোজ কুমাৰ ডেকালৈ আগবঢ়োৱা হয় আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী বঁটা-২০২১ সন্মান(International Anti Corruption Award) । বৃহস্পতিবাৰে মহানগৰীৰ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত আয়োজন কৰা বঁটা প্ৰদান অনুষ্ঠানত সাংবাদিকগৰাকীক প্ৰদান কৰা এই বঁটা ৷ এই বঁটাৰ লগত আছে এখন প্ৰশস্তি পত্ৰ, এটা স্মাৰক, এখন শৰাই, এখন চেলেং চাদৰ, ফুলাম গামোচা আৰু উপহাৰৰ টোপোলা ।

আন্তঃৰাষ্ট্ৰীয় দুৰ্নীতি বিৰোধী দিৱসৰ লগত সংগতি ৰাখি দুর্নীতি বিৰোধী যুৱ-শক্তি অসমৰ উদ্যোগত মহানগৰীৰ জিলা পুথিভঁৰালত আয়োজিত অনুষ্ঠানত সাংবাদিকগৰাকীলৈ প্ৰদান কৰা হয় এই সন্মান ৷ দুর্নীতি বিৰোধী যুৱ-শক্তিৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ধৰ্মকান্ত গগৈৰ সভাপতিত্বত দিনৰ ১বজাৰ পৰা অনুষ্ঠিত মুকলি সভাত উপস্থিত থাকে বিশিষ্ঠ লেখক অঞ্জন জ্যোতি চৌধুৰী, দ্বিতীয় অসম আৰক্ষী বেটেলিয়নৰ অধিনায়ক মুকুল শইকীয়াকে প্ৰমুখ্য কৰি বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও বিশিষ্ঠ ব্যক্তি ৷ এই অনুষ্ঠানতে বিভিন্ন ক্ষেত্ৰৰ ৪৩জন ব্যক্তিক এই সন্মান প্ৰদান কৰা হয় ।

লগতে পঢ়ক : Land Grabbing Allegation: গৌৰৱ গগৈয়ে ক’লে, ৰাজ্যৰ ভিতৰতে মাটি দখলৰ শীৰ্ষত হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়াল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.