ETV Bharat / state

Batadrava police station arson: বটদ্ৰৱা থানাকাণ্ড সন্দৰ্ভত এছ পি লীনা দলেক জবাবদিহি তদন্ত কমিটীৰ - এছ আই জোনমণি ৰাভা

এছ আই জোনমণি ৰাভাৰ মৃত্যু বিতৰ্কত সাঙোৰ খাই চি বি আইৰ জেৰাৰ সন্মুখীন হোৱা এছ পি লীনা দলে এইবাৰ জবাবদিহি হ'ল বটদ্ৰৱা কাণ্ডৰ এজনীয়া তদন্ত কমিটীৰ ওচৰত । আৰক্ষীৰ জিম্মাত যুৱকৰ মৃত্যু, আৰক্ষী থানা জ্বলাই দিয়া আৰু প্ৰতিশোধত অভিযুক্ত ঘৰত বুলড’জাৰ চলোৱা ঘটনাৰ তদন্ত আৰম্ভ কৰিলে কমিটীয়ে ।

inquiry committee held SP Leena Doley
Batadrava police station arson case
author img

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 8:09 PM IST

বটদ্ৰৱা থানাকাণ্ড সন্দৰ্ভত তদন্ত কমিটীৰ ওচৰত জবাবদিহি এছ পি লীনা দলে

নগাঁও, 12 অক্টোবৰ: এটাৰ পিছত যেন আন এটা বিপদৰ সন্মুখীন হৈছে এছ পি লীনা দলে । সম্প্ৰতি ৰাজ্যজুৰি চৰ্চিত হৈছে আৰক্ষী বিষয়া লীনা দলে । এগৰাকী আৰক্ষী বিষয়াৰ মৃত্যুৰ বিতৰ্কত সাঙোৰ খোৱাৰ পিচতেই নগাঁৱৰ পৰা হাইলাকান্দি জিলালৈ আৰক্ষী অধীক্ষক হিচাপেই বদলি হোৱা লীনা দলে এইবাৰ জবাবদিহি হ'ল বটদ্ৰৱাকাণ্ডৰ এজনীয়া তদন্ত কমিটীৰ ওচৰত ।

২০২২ চনৰ ২১ মে'ত সংঘটিত হৈছিল এই ভয়ংকৰ কাণ্ড ৷ বটদ্ৰৱাৰ শালনাবড়িৰ ছফিকুল ইছলাম নামৰ এগৰাকী মৎস্য ব্যৱসায়ীৰ আৰক্ষীৰ জিম্মাতে মৃত্যু হোৱাৰ পিছত এইদৰে উত্তেজিত হৈ পৰিছিল একাংশ লোক । আৰক্ষী থানাত আক্ৰমণ কৰাই নহয়, জ্বলাই দিয়া হৈছিল বটদ্ৰৱা থানা । আৰক্ষী থানা জ্বলি সম্পূৰ্ণৰূপে ভস্মীভূত হৈ পৰিছিল । জ্বলি ছাঁই হৈছিল আৰক্ষীৰ অস্ত্ৰ ভাণ্ডাৰো ।

এইগৰাকী এ পি এছ বিষয়া নগাঁও জিলাৰ আৰক্ষী অধীক্ষক হৈ থকা সময়তে একাংশ আক্ৰমণকাৰীৰ পৰা ৰক্ষা পৰা নাছিল বটদ্ৰৱা থানা ৷ আৰক্ষী থানাকে সুৰক্ষা দিব নোৱাৰা নগাঁও আৰক্ষীয়ে উৰহৰ খং ভগা ধাৰিত তুলি পিচদিনাই বুলড’জাৰ চলাই ভাঙি লণ্ড-ভণ্ড কৰিছিল মৃত্যু হোৱা ছফিকুল ইছলামৰ লগতে আত্মীয়ৰ বাসগৃহ ।

কেৱল এয়াই নহয় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আচিকুল ইছলাম নামৰ এজন অভিযুক্তৰো মৃত্যু হৈছিল লীনা দলে নেতৃত্বাধীন নগাঁও আৰক্ষীৰ জিম্মাত । সমগ্ৰ ঘটনাক লৈ কিছুদিন পূৰ্বে উচ্চ ন্যায়ালয়ৰ ভৰ্ৎসনাৰ সন্মুখীন হৈছিল সেই সময়ৰ নগাঁও আৰক্ষীৰ বিষয়াসকল ।

ইপিনে বটদ্ৰৱাকাণ্ডক লৈ ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব অবিনাশ পি দাস জোশীক দায়িত্ব দিয়া হয় তদন্তৰ । সেই মৰ্মে এজনীয়া তদন্ত কমিটীৰ নিৰ্দেশ মতে বৃহস্পতিবাৰে অতিৰিক্ত মুখ্য সচিবৰ ওচৰত হাজিৰ হয় টীম লীনা দলে । এছ আই জোনমণি ৰাভাৰ মৃত্যু বিতৰ্কত সাঙোৰ খাই শনিবাৰে নগাঁও আৱৰ্ত ভৱনত চি বি আইৰ জেৰাৰ সন্মুখীন হোৱাৰ পিছত বৃহস্পতিবাৰে বটদ্ৰৱাকাণ্ডৰ তদন্ত কমিটীৰ ওচৰত জবাব দিবলগীয়া হয় লীনা দলেয়ে ।কেউফালে বিপদে যেন আগুৰি ধৰিছে এছ পি লীনা দলেক ৷

লগতে পঢ়ক: SI Junmoni Rabha: তদন্তৰ জাল চপাই আনিছে চিবিআয়ে; উঠিব নেকি ৰৌ-বৰালি ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.