ETV Bharat / state

টিকটকেন্দ্ৰিক ৰাজনীতি: বহু সমষ্টিত বিজেপিৰ ভিতৰচৰাত আৰম্ভ হৈছে যুঁজ - সমষ্টি

কেইবাটাও সমষ্টিত বৰ্তমানৰ বিজেপি বিধায়ক মুখামুখি হ'বলগীয়া হৈছে তীব্ৰ প্ৰত্যাহ্বানৰ । কোনো বিৰোধী দল বা দলৰ বাহিৰা শক্তিৰ পৰা অহা নাই এই প্ৰত্যাহ্বন ৷ আহিছে দলৰ ভিতৰৰ পৰাই ।

টিকটকেন্দ্ৰিক ৰাজনীতি
টিকটকেন্দ্ৰিক ৰাজনীতি
author img

By

Published : Oct 28, 2020, 5:19 PM IST

গুৱাহাটী, ২৮ অক্টোবৰ: ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ টিকটক কেন্দ্ৰ কৰি এতিয়া বিজেপিৰ ভিতৰচৰাত একপ্ৰকাৰ যুঁজ আৰম্ভ হৈছে । কেইবাটাও সমষ্টিত বৰ্তমানৰ বিজেপি বিধায়ক মুখামুখি হ'বলগীয়া হৈছে তীব্ৰ প্ৰত্যাহ্বানৰ । এই প্ৰত্যাহ্বান কোনো বিৰোধী দল বা দলৰ বাহিৰা শক্তিৰ পৰা অহা নাই । আহিছে দলৰ ভিতৰৰ পৰাই । কিয়নো একাধিক সমষ্টিত এতিয়া বৰ্তমানৰ বিধায়ক সকলৰ উপৰিও টিকটৰ শক্তিশালী দাবীদাৰ ৰূপে থিয় দিছে কেইবাগৰাকীও প্ৰভাৱশালী বিজেপি নেতা ।

মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য
মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য
মূলতঃ চকুত পৰা ধৰণে এই যুঁজ আৰম্ভ হৈছে কেইবাটাও সমষ্টিত । সেই সমূহ সমষ্টিৰ ভিতৰত আছে শদিয়া, মাৰ্ঘেৰিটা, পূৱ গুৱাহাটী, নলবাৰী, বিহপুৰীয়া, দিছপুৰকে ধৰি কেইবাটাও সমষ্টি । পূৱ গুৱাহাটীত এইবাৰ বিপদঘন্টা বাজিছে স্থানীয় বিধায়ক তথা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ।
মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী

কিয়নো এইটো সমষ্টিৰ পৰা এইবাৰ শক্তিশালী দাবীদাৰ হিচাপে থিয় দিছে মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী । ইতিমধ্যে সমষ্টিটোত নিজাববীয়াকৈ কাম কাজো আৰম্ভ কৰিছে আইন উপদেষ্টা গৰাকীয়ে ।

ঠিক তেনেদৰে দিছপুৰ সমষ্টিৰ বৰ্তমানৰ বিজেপি বিধায়ক অতুল বৰাৰ প্ৰতিও আহিছে প্ৰত্যাহ্বান । কিয়নো, বিজেপিৰ দুই যুৱ নেতা ক্ৰমে জয়ন্ত দাস আৰু মৃগাংক বৰ্মণ এইবাৰ দিছপুৰৰ শক্তিশালী দাবীদাৰ ।

জয়ন্ত দাস
জয়ন্ত দাস

দুয়োজনেই সমষ্টিটোত বাহৰ পাতি আৰম্ভ কৰিছে ভোটাৰক আকৰ্ষিত কৰিব পৰাকৈ বিভিন্ন কামকাজ । তাৰ মাজতে এই বুলিও ৰাজনৈতিক মহলত চৰ্চা চলিছে যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজেই হয়তো এইবাৰ দিছপুৰৰ পৰা প্ৰতিদ্বন্দিতা কৰিব । গতিকে সাতে পাঁচে মিলি অতুল বৰাৰ বাবে এইবাৰ প্ৰত্যাহ্বান দূৰ কৰাটো যথেষ্ঠ কঠিন হ'ব ।

মৃগাংক বৰ্মণ
মৃগাংক বৰ্মণ

একেদৰে, বিহপুৰীয়াৰ বৰ্তমানৰ বিজেপি বিধায়ক দেৱানন্দ হাজৰিকাৰ বাবেও আহিছে নতুন বিপদ । কিয়নো, প্ৰথমে আছু, তাৰ পাচত কংগ্ৰেছত যোগ দিয়া ডঃ অমিয় ভূঞা এতিয়া বিজেপিৰ এজন প্ৰভাৱশালী নেতা । কেৱল প্ৰভাৱশালী নেতাই নহয়, বিহপুৰীয়া সমষ্টিৰ অন্যতম শক্তিশালী দাবীদাৰ হিচাপে থিয় দিছে ডঃ অমিয় ভূঞা ।

দেৱানন্দ হাজৰিকা
দেৱানন্দ হাজৰিকা
আনহাতে, নলবাৰী সমষ্টিৰ বৰ্তমানৰ বিধায়ক অশোক শৰ্মাৰ বৰঘৰত কঁপনিৰ সৃষ্টি কৰিছে "দাদা ব্ৰীগেড" ৰ অন্যতম নেতা জয়ন্তমল্ল বৰুৱাই । সমষ্টিটোৰ পৰা এইবাৰ জয়ন্তমল্ল বৰুৱা শক্তিশালী দাবীদাৰ হিচাপে থিয় দিছে । একেদৰে, বঙহৰ যুঁজ আৰম্ভ হৈছে মাৰ্ঘেৰিটা আৰু শদিয়া সমষ্টিতো । মাৰ্ঘেৰিটাৰ বৰ্তমানৰ বিধায়ক ভাস্কৰ শৰ্মাৰ ভেটি থৰকবৰক কৰি সমষ্টিটোত আত্মপ্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীৰ অতি ঘনিষ্ঠ বুলি পৰিচিত লক্ষ্য কোৱৰে । ইতিমধ্যে মাৰ্ঘেৰিটাত নিজাববীয়াকৈ কামকাজ আৰম্ভ কৰি দিছে এইগৰাকী যুৱ নেতাই ।
বলিন চেতিয়া
বলিন চেতিয়া

ইপিনে, কংগ্ৰেছ এৰি বিজেপিলৈ যোৱা "দাদা ব্ৰীগেড" ৰ আন এগৰাকী বিধায়ক বলিন চেতিয়াৰ বাবেও আহিছে ডাঙৰ প্ৰত্যাহ্বান । কিয়নো শদিয়া সমষ্টিত বলিন চেতিয়াক প্ৰত্যাহ্বান জনাই এইবাৰ বিজেপিৰ প্ৰাৰ্থিত্ব বিচাৰি শক্তিশালী ৰূপত থিয় দিছে জিলা বিজেপিৰ সভাপতি যুধিষ্ঠিৰ গগৈ । গতিকে স্বাভাৱিকতে চাবলগীয়া হৈ পৰিছে বিজেপিৰ আভ্যন্তৰত আৰম্ভ হোৱা এই বঙহৰ যুঁজখন ।

লগতে পঢ়ক: ওলোটাকৈ উৰিল বিজেপিৰ দলীয় পতাকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.