গুৱাহাটী, 31 অক্টোবৰঃ " মহাত্মা গান্ধী আৰু চৰ্দাৰ বল্লভ ভাই পেটেল কংগ্ৰেছৰ নেতা আছিল , কিন্তু এতিয়া বিজেপিয়ে নেতা দুগৰাকীক হাইজেক কৰিব বিচাৰিছে ৷ " প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ মৃত্যু বাৰ্ষিকীৰ লগতে চৰ্দাৰ বল্লভ ভাই পেটেলৰ 144 সংখ্যক জন্ম জয়ন্তী উপলক্ষে ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷
অনুষ্ঠানত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ আৰু বহু সংখ্যক কংগ্ৰেছ কৰ্মীয়ে নেতা দুগৰাকীক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷ আনহাতে অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰাজীৱ ভৱনত এখন আলোচনা সভা অনুষ্ঠিত হয় ৷ সভাত নেতা দুগৰাকীৰ জীৱন আৰু কৰ্মশৈলীৰ ওপৰত বিতংভাৱে আলোচনা কৰে দলটোৱে ৷
উল্লেখ্যযোগ্য যে, সদ্য সমাপ্ত চাৰি সমষ্টিৰ উপ নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰাজয়ৰ অংশীদাৰ তৃণমূল কৰ্মীৰ পৰা সভাপতিলৈকে বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ৷ ইয়াৰোপৰি তৰুণ গগৈ কংগ্ৰেছৰ পৰামৰ্শদাতা আৰু তেওঁৰ পৰামৰ্শ মতে কংগ্ৰেছে কাম কৰি যাব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে সভাপতিগৰাকীয়ে ৷