ETV Bharat / state

বৰ্ষাপাৰাত ভাৰত-অষ্ট্ৰেলিয়া টি-২০ মেচ; পথ নিৰ্দেশনা জাৰি মহানগৰ যান-বাহন আৰক্ষীৰ - traffic directions in guwahati

মঙলবাৰে বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ তৃতীয়খন টি-২০ মেচ । মেচৰ পূৰ্বে জাৰি কৰা হৈছে মহানগৰীৰ কিছু পথ-নিৰ্দেশনা । পথ নিৰ্দেশনা সন্দৰ্ভত যান-বাহন আৰক্ষী আৰু অসম ক্ৰিকেট সন্থাৰ যুটীয়া সংবাদমেল ।

India Australia t20 match in guwahati
বৰ্ষাপাৰাত ভাৰত বনাম অষ্ট্ৰেলিয়া টি২০ মেচৰ পথ নিৰ্দেশনা জাৰি
author img

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 8:31 PM IST

গুৱাহাটীত ভাৰত-অষ্ট্ৰেলিয়া মেচৰ পূৰ্বে পথ নিৰ্দেশনা জাৰি

গুৱাহাটী, ২৭ নৱেম্বৰ : দুখন মেচত জয়েৰে মনোবল তুংগত থকা ভাৰতীয় যুৱ ক্ৰিকেট দলটোৱে মঙলবাৰে গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত শৃংখলা দখলৰ লক্ষ্যৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব । আনহাতে, ভাৰত বনাম অষ্ট্ৰেলিয়াৰ মাজৰ চলিত টি২০ শৃংখলাৰ তৃতীয়খন টি২০ মেচৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে অসম ক্ৰিকেট সন্থা । ইতিমধ্যে ষ্টেডিয়ামৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে । তাৰ উপৰি মঙলবাৰে অনুষ্ঠিত হ'বলগীয়া মেচখন সূচাৰুৰূপে পৰিচালনাৰ বাবে ষ্টেডিয়ামৰ ভিতৰে-বাহিৰে গ্ৰহণ কৰা হৈছে বিশেষ ব্যৱস্থা ।

মেচখনৰ সময়ত ষ্টেডিয়ামলৈ আহিবলগা দৰ্শক তথা সাধাৰণ লোকৰ যাতায়াতত যাতে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় তাৰ বাবে নিৰ্ধাৰণ কৰা হৈছে বিশেষ পথ নিৰ্দেশনা । মহানগৰ যান-বাহন আৰক্ষীয়ে অসম ক্ৰিকেট সন্থাৰ সহযোগত এই পথ নিৰ্দেশনা জাৰি কৰিছে । মেচখনৰ সময়ছোৱাত মহানগৰীৰ কোনটো পথেৰে কোনফালে যাব পাৰিব, কোনটো পথত ন'-এন্ট্ৰী থাকিব, কোনটো পথ ৱান-ৱে' হ'ব আৰু পাৰ্কিঙৰ সুবিধা ক'ত থাকিব আদিৰ নিৰ্দেশনা সন্দৰ্ভত যান-বাহন আৰক্ষী আৰু অসম ক্ৰিকেট সন্থাই এক যুটীয়া সংবাদমেল সম্বোধন কৰে ।

সেই অনুসৰি, মেচৰ দিনা মহানগৰীৰ ভিতৰৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত মালবাহী বাহনৰ চলাচল নিষিদ্ধ থাকিব । তিনিচকীয়া বাহনৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব এই নিৰ্দেশনা । ২৭ নবেম্বৰৰ দিনৰ ১২ বজাৰ পৰা ২৮ নৱেম্বৰৰ নিশা ১২ বজালৈ বলৱৎ‍ থাকিব এই নিৰ্দেশনা । আনহাতে, এ কে আজাদ ৰোড, এ কে দেৱ ৰোডতো বাহাল থাকিব এই নিৰ্দেশনা । ইয়াৰ উপৰি ২৭ নবেম্বৰত এ কে আজাদ ৰোড ৱান-ৱে’কৰা হ'ব ।

লগতে বৰ্ষাপাৰা তিনিআলিৰ পৰা ধীৰেনপাৰা তিনিআলিলৈ ৱান-ৱে’ঘোষণা কৰা হৈছে । চাইকেল ফেক্টৰী হৈ লখৰা চাৰিআলি অভিমুখে যাব পাৰিব বাহনসমূহ । যিসকল লোকৰ কাৰ পাছ আছে তেওঁলোকৰ বাদে আন কোনো বাহন লখৰা চাৰিআলিৰে প্রৱেশ কৰিবলৈ দিয়া নহ'ব । কাৰ পাছ নথকা বাহন বৰ্ষাপাৰা তিনিআলিৰে প্রৱেশ কৰিব নোৱাৰিব । অৱশ্যে স্কুলবাছ, আপদকালীন বিভাগৰ বাহন, অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰ ক্ষেত্রত নাথাকিব কোনো বাধা ।

লগতে পঢ়ক :শৃংখলাৰ তৃতীয়খন টি-20 খেলৰ বাবে গুৱাহাটীত উপস্থিত ভাৰত-অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.