ETV Bharat / state

Assam Assembly: সদন ত্যাগ বিৰোধী বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ - Pradhan Mantri Awas Yojana

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ প্ৰসংগক লৈ উত্তপ্ত সদন । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ ক্ষেত্রত বৰপেটা, ধুবুৰী আৰু মানকাছাৰ জিলাক বঞ্চিত কৰাৰ অভিযোগ জাকিৰ হুছেইন শিকদাৰৰ । সংখ্যালঘু এলেকাৰ ক্ষেত্ৰত কৰা বৈষম্যৰ বাবে ত্যাগ কৰিলে সদন (INC MLA Zakir Hussain Sikdar quit the assembly today)।

Assam Assembly
সদন ত্যাগ বিৰোধী বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ
author img

By

Published : Mar 29, 2022, 4:12 PM IST

গুৱাহাটী, ২৯ মাৰ্চ: সংখ্যালঘু বুলি মুখ বন্ধ কৰাৰ অভিযোগ তুলি মঙলবাৰে সদন ত্যাগ কৰে বিধায়ক জাকিৰ হুছেইন শিকদাৰে (INC MLA Zakir Hussain Sikdar quit the assembly today)। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি পুৱাৰ ভাগৰ প্ৰশ্নকালীন ঘণ্টাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ(Pradhan Mantri Awas Yojana) প্ৰসংগক লৈ মন্ত্ৰী ৰণজিত কুমাৰ দাসে সদনত উত্তৰ দি আছিল । সেই সময়তে প্ৰসংগটোক কেন্দ্ৰ কৰি প্ৰশ্ন উত্থাপন কৰিছিল কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ।

তেওঁ কয় যে, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ ক্ষেত্ৰত বৰপেটা, ধুবুৰী আৰু মানকাছাৰ জিলাক বঞ্চিত কৰা হৈছে । ১২ লাখ নতুন ঘৰৰ ক্ষেত্ৰত জিলাকেইখনক জিঅ' টেগ নকৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে বুলি অভিযোগ কৰি তেওঁ মন্ত্ৰীৰ পৰা ইয়াৰ উত্তৰ বিচাৰে । ইয়াকে কেন্দ্ৰ কৰি সদনত এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হয় । শাসকীয় দলৰ বিধায়কসকল উত্তেজিত হৈ পৰে । ইফালে অধ্যক্ষই বিধায়ক জাকিৰ হুছেইন শিকদাৰক একপ্ৰকাৰ ধমক দি ৰোল বুক দেখুৱাই প্ৰশ্নোত্তৰ ঘণ্টাৰ নিয়ম-নীতিৰ কথা উল্লেখ কৰে ।

অধ্যক্ষই কয় যে, প্ৰশ্নকালীন ঘণ্টা বিতৰ্কৰ বাবে নহয় । সংখ্যালঘু এলেকা হোৱা বাবেই বৰপেটা, ধুবুৰী আৰু মানকাছাৰৰ ক্ষেত্ৰত বৈষম্য কৰা হৈছে বুলি অভিযোগ কৰি বিধায়ক শিকদাৰে শাসকীয় দলৰ বিধায়কক উদ্দেশি কয় যে, সকলো কথাতে কাউ-কাউ কিয় কৰি থাকে? তেওঁ লগতে কয়, ‘সবকা সাথ সবকা বিকাশ হোৱা নাই’ । শেষত সদন ত্যাগ কৰে বিধায়ক জাকিৰ হুছেইন শিকদাৰে ।

লগতে পঢ়ক: Assam Meghalaya border dispute : গৃহমন্ত্ৰী অমিত শ্বাহৰে দিল্লীত উচ্চস্তৰীয় বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.