ETV Bharat / state

Cotton University: কটন বিশ্ববিদ্যালয়ৰ শ্বহীদ ৰঞ্জিত বৰপূজাৰী আবাসৰ শুভ উদ্বোধন - কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ভৱেশ চন্দ্ৰ গোস্বামী

Covid ১৯ মহামাৰীৰ মাজতো মাত্ৰ আঢ়ৈ বছৰৰ ভিতৰতে হোষ্টেলটোৰ পুনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিল কটন বিশ্ববিদ্যালয়ৰ শ্বহীদ ৰঞ্জিত বৰপূজাৰী আবাস (Inauguration of Swahid Ranjit Barpujari residence of Cotton University)৷ শুকুৰবাৰে এই আবাসটোৰ শুভ উদ্বোধন কৰে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ভৱেশ চন্দ্ৰ গোস্বামীয়ে ৷

Swahid Ranjit Barpujari residence of Cotton University
কটন বিশ্ববিদ্যালয়ৰ শ্বহীদ ৰঞ্জিত বৰপূজাৰী আবাসৰ শুভ উদ্বোধন
author img

By

Published : Aug 5, 2022, 10:41 PM IST

গুৱাহাটী, ৫ আগষ্ট : কটন বিশ্ববিদ্যালয়ৰ নতুনকৈ পুনৰ নিৰ্মাণ কৰা শ্বহীদ ৰঞ্জিত বৰপূজাৰী ছাত্ৰাবাসটো শুকুৰবাৰে উদ্বোধন কৰা হয় (Inauguration of Swahid Ranjit Barpujari residence of Cotton University) ৷ এই গৃহটোৰ শুভ উদ্বোধন কৰে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ভৱেশ চন্দ্ৰ গোস্বামীয়ে ৷

এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক অধ্যাপক মহেশ্বৰ কলিতা, ডীন, অধ্যাপকবৃন্দ, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলক । ১২৬ খন আসনযুক্ত এই হোষ্টেলত ডাবল আৰু ট্ৰিপল শ্বেয়াৰিং ভিত্তিত ৬০ টা কোঠা আছে । নৱ নিৰ্মিত এই ভৱনটো ৬ মহলীয়া আৰু আবাসীসকলৰ বাবে আধুনিক সুবিধাৰে সজ্জিত ।

Swahid Ranjit Barpujari residence of Cotton University
কটন বিশ্ববিদ্যালয়ৰ শ্বহীদ ৰঞ্জিত বৰপূজাৰী আবাসৰ শুভ উদ্বোধন

হোষ্টেলৰ শীৰ্ষ দুটা মহলা আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰী আৰু গৱেষক শিক্ষাৰ্থীৰ বাবে আৰু বাকী মহলাকেইটাত স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ব্যৱস্থা কৰা হৈছে । পূৰ্বৰ কটন কলেজৰ দ্বিতীয় মেছ নামেৰে জনাজাত এই হোষ্টেলটো ১৯১৩ চনত ব্ৰিটিছ শাসনৰ সময়ত তেতিয়াৰ কলেজ কৰ্তৃপক্ষই নিৰ্মাণ কৰিছিল ।

বিশ্ববিদ্যালয় কৰ্তৃপক্ষই হোষ্টেলটো পুনৰ নিৰ্মাণ কৰা পদক্ষেপক আদৰণি জনাইছে কটন পৰিয়ালে । উল্লেখ্য যে, বিশ্বব্যাপী Covid ১৯ মহামাৰীৰ মাজতো মাত্ৰ আঢ়ৈ বছৰৰ ভিতৰতে হোষ্টেলটোৰ পুনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠে ৷

লগতে পঢ়ক : Wooden house in Majuli : অসমৰ সোণালী ইতিহাস বিজড়িত দুশবছৰ গৰকা এটা বিশেষ কাঠৰ ঘৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.