গুৱাহাটী, ২৫ আগষ্ট: উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত ৰাষ্ট্ৰীয় আয়ুষ মিছনৰ প্ৰকল্পৰ কাৰ্য ৰূপায়ন সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ আয়ুষ, বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত শুকুৰবাৰে গুৱাহাটীত এখন আঞ্চলিক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় ৷
মহানগৰীৰ ভিভান্টাত উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ স্বাস্থ্য তথা আয়ুষ মন্ত্ৰীসকলক লৈ আয়োজিত আয়ুষ মন্ত্ৰালয়ৰ এই আঞ্চলিক পৰ্যালোচনা বৈঠকখন কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে । শুভাৰম্ভণি অনুষ্ঠানত কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী ড৹ মুঞ্জপাৰা মহেন্দ্ৰভাই কালুভাইৰ লগতে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তও উপস্থিত থাকে ।
-
India's North East, with its rich biodiversity, is a treasure house of Ayush.
— Sarbananda Sonowal (@sarbanandsonwal) August 25, 2023 " class="align-text-top noRightClick twitterSection" data="
Glad to address the inaugural session of Regional Review Meeting of #NorthEast states on Ayush.
My gratitude to Hon'ble Assam CM Shri @himantabiswa, Union MoS Shri @DrMunjparaBJP ji, Health… pic.twitter.com/IZkjlYSgT2
">India's North East, with its rich biodiversity, is a treasure house of Ayush.
— Sarbananda Sonowal (@sarbanandsonwal) August 25, 2023
Glad to address the inaugural session of Regional Review Meeting of #NorthEast states on Ayush.
My gratitude to Hon'ble Assam CM Shri @himantabiswa, Union MoS Shri @DrMunjparaBJP ji, Health… pic.twitter.com/IZkjlYSgT2India's North East, with its rich biodiversity, is a treasure house of Ayush.
— Sarbananda Sonowal (@sarbanandsonwal) August 25, 2023
Glad to address the inaugural session of Regional Review Meeting of #NorthEast states on Ayush.
My gratitude to Hon'ble Assam CM Shri @himantabiswa, Union MoS Shri @DrMunjparaBJP ji, Health… pic.twitter.com/IZkjlYSgT2
পৰ্যালোচনা বৈঠকত ৰাষ্ট্ৰীয় আয়ুষ মন্ত্ৰালয়ৰ অধীনত অনুমোদিত বিভিন্ন প্ৰকল্পৰ অগ্ৰগতি আৰু আঁচনিসমূহৰ সন্দৰ্ভত আলোচনা কৰা হয় ৷ ভৱিষ্যত পৰিকল্পনাসমূহৰ সন্দৰ্ভতো চিন্তন মননৰ জৰিয়তে স্বাস্থ্যখণ্ডক শক্তিশালী কৰাৰ ক্ষেত্ৰত এই পৰ্যালোচনা বৈঠকখনে দিকদৰ্শী ভূমিকা পালন কৰিব বুলি মত পোষণ কৰে বিশিষ্ট ব্যক্তিসকলে ।
অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘ৰাষ্ট্ৰীয় আয়ুষ উন্মোচন হোৱাৰ পৰাই আমাৰ ৰাজ্যসমূহৰ যথেষ্ট সুবিধা হৈছে । এই ক্ষেত্ৰত আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ধন্যবাদ জ্ঞাপন কৰিব লাগিব । ৯ বছৰ পূৰ্বে আয়ুষ আৰম্ভ হৈছিল ২০ কোটি টকাৰে ৷ এতিয়া আয়ুষ অধিক উন্নত হ’ল, শক্তিশালী হ’ল । যোৱা ২ বছৰে আয়ুষ বিভাগটোক অধিক গুৰুত্ব প্ৰদান কৰা হৈছে ।’’
-
North Eastern States are blessed with lots of medicinal plants and we must increase our budget for AYUSH facilities.
— Himanta Biswa Sarma (@himantabiswa) August 25, 2023 " class="align-text-top noRightClick twitterSection" data="
More importantly, we have Hon’ble Union Minister Shri @sarbanandsonwal Dada, who is a towering leader from the North East, to guide us.
📍Guwahati pic.twitter.com/dii0LJxbPT
">North Eastern States are blessed with lots of medicinal plants and we must increase our budget for AYUSH facilities.
— Himanta Biswa Sarma (@himantabiswa) August 25, 2023
More importantly, we have Hon’ble Union Minister Shri @sarbanandsonwal Dada, who is a towering leader from the North East, to guide us.
📍Guwahati pic.twitter.com/dii0LJxbPTNorth Eastern States are blessed with lots of medicinal plants and we must increase our budget for AYUSH facilities.
— Himanta Biswa Sarma (@himantabiswa) August 25, 2023
More importantly, we have Hon’ble Union Minister Shri @sarbanandsonwal Dada, who is a towering leader from the North East, to guide us.
📍Guwahati pic.twitter.com/dii0LJxbPT
বৈঠকৰ অন্তত কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ২০১৪ চনত গঠন হৈছিল আয়ুষ মন্ত্ৰালয় । প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰাকৃতিক চিকিৎসাক আগুৱাই নিবলৈ মন্ত্ৰালয় গঠন কৰিলে । বিশ্বৰ বুকুত আষুষে অগ্ৰগতি লাভ কৰিছে । আয়ুষৰ ৯ হাজাৰ ইউনিটৰ পৰা উৎপাদিত সামগ্ৰীৰে ৪ লাখ কোটি টকাৰ বজাৰ এখন বিশ্বৰ বুকুত গঢ়ি উঠিছে ৷ ১২০০ কোটি টকা বাজেটৰ ভিতৰত ১২০ কোটি টকা উত্তৰ-পূৱক দিয়া হ’ব ৷
ডিব্ৰুগড়ত ১০০ খন বিচনাযুক্ত নেছাৰ’পেথি হাস্পতাল স্থাপন কৰা হ’ব বুলি উল্লেখ কৰি মন্ত্ৰী সোণোৱালে ষ্টাৰ্ট আপৰ যোগেদি নতুন ল’ৰা-ছোৱালী আগুৱাই অহাৰ বাবে আহ্বান জনায় ৷ আয়ুষ মন্ত্ৰালয়ক প্ৰধানমন্ত্ৰীয়ে নতুন গতি প্ৰধান কৰাৰ কথা সদৰী কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, ‘‘ভাৰত বৰ্ষই প্ৰাকৃতিক চিকিৎসাৰে বহু ৰোগীক নিৰোগী কৰিবলৈ সক্ষম হৈছে । ৩৩ খন চিকিৎসালয় অনুমোদন কৰা হৈছে আযুষ মন্ত্ৰালয়ৰ । আযুষৰ বাজেটৰ পৰা অধিক ধন উত্তৰ-পূৱক দিয়া হৈছে ৷ গোৱালপাৰা আৰু মাজুলীত আয়ুষ মন্ত্ৰালয়ৰ পৰা চিকিৎসালয় নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈছে ৷’’
আনহাতে লোকসভা নিৰ্বাচন সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয়, ‘‘অসমত ১২ খনৰো অধিক আসন লাভ কৰিব বিজেপিয়ে । আমি সকলোৱে মিলাপ্ৰীতিৰে কাম কৰি আছোঁ ।’’