ETV Bharat / state

গ্ৰেনেড বিস্ফোৰণৰ ঘটনাক লৈ দিল্লীত ৰাজনাথ সিঙেৰে মুখ্যমন্ত্ৰী সোণোৱালৰ বৈঠক - গ্ৰেনেড বিস্ফোৰণ

গুৱাহাটী মহানগৰীত সংঘটিত গ্ৰেনেড বিস্ফোৰণৰ ঘটনাত উদ্বিগ্ন কেন্দ্ৰীয় গৃহ মন্ত্ৰনালয় ৷ গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে মুখ্যমন্ত্ৰী আৰু ৰাজ্যৰ গৃহ বিভাগৰ শীৰ্ষ বিষয়াৰ গুৰুত্বপূৰ্ণ বৈঠক

গৃহ বিভাগৰ শীৰ্ষ বিষয়াৰ গুৰুত্বপূৰ্ণ বৈঠক
author img

By

Published : May 20, 2019, 1:32 PM IST

Updated : May 20, 2019, 3:52 PM IST

  • জৰুৰীভাৱে দিল্লীলৈ তলৱ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক
  • আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়া আৰু ৰাজ্যৰ গৃহ বিভাগৰ শীৰ্ষ বিষয়াসকলো দেওবাৰে উৰা মাৰে দিল্লীলৈ
  • আলফাৰ সৈতে জৰিত বুদ্ধিজীৱি বা বিশিষ্ট লোকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হ’ব সেই বিষয়েও সিদ্ধান্ত লোৱা হ’ব বৈঠকত
    গ্ৰেনেড বিস্ফোৰণৰ ঘটনাক লৈ দিল্লীত ৰাজনাথ সিঙৰ সৈতে মুখ্যমন্ত্ৰী সোণোৱালৰ বৈঠক

  • জৰুৰীভাৱে দিল্লীলৈ তলৱ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক
  • আৰক্ষী সঞ্চালকপ্ৰধান কুলধৰ শইকীয়া আৰু ৰাজ্যৰ গৃহ বিভাগৰ শীৰ্ষ বিষয়াসকলো দেওবাৰে উৰা মাৰে দিল্লীলৈ
  • আলফাৰ সৈতে জৰিত বুদ্ধিজীৱি বা বিশিষ্ট লোকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হ’ব সেই বিষয়েও সিদ্ধান্ত লোৱা হ’ব বৈঠকত
    গ্ৰেনেড বিস্ফোৰণৰ ঘটনাক লৈ দিল্লীত ৰাজনাথ সিঙৰ সৈতে মুখ্যমন্ত্ৰী সোণোৱালৰ বৈঠক

Intro:গুৱাহাটী,20 মে' , শেহতীয়াকৈ গুৱাহাটী মহানগৰীত সংঘটিত গ্ৰেনেড বিস্ফোৰণৰ ঘটনাই নতুন মোৰ লোৱাৰ পিছত এই সমস্ত বিষয়টোক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰনালয়। বিশেষকৈ আলফাৰ শেহতীয়া কাম-কাজ বা গতিবিধিৰ সৈতে ৰাজ্যৰ একাংশ বুদ্ধিজীৱি বা বিশিষ্ট লোক জৰিত হৈ পৰিছে বুলি মহানগৰ আৰক্ষী আয়ুক্ত গৰাকীয়ে মন্তব্য কৰাৰ পিছত বিষয়টো অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ।


Body:যাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে জৰুৰীভাবে দিল্লীলৈ তলৱ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক। সেইমৰ্মে দেওবাৰে সন্ধিয়াই মুখ্যমন্ত্ৰী সোণোৱাল দিল্লীলৈ ৰাওনা হয়। কেৱল মুখ্যমন্ত্ৰীয়েই নহয়, ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া আৰু ৰাজ্যৰ গৃহ বিভাগৰ শীৰ্ষ বিষয়াসকলো দেওবাৰে দিল্লীলৈ উৰা মাৰে। ইতিমধ্যে দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে মুখ্যমন্ত্ৰী আৰু ৰাজ্যৰ গৃহ বিভাগৰ শীৰ্ষ বিষয়াসকলৰ এই গুৰুত্বপূৰ্ণ বৈঠকখন অনুষ্ঠিত হৈছে।


Conclusion:ই টিভি ভাৰতৰ হাতত আহি পৰা তথ্য অনুসৰি এই বৈঠকৰ মূল উদ্দেশ্যই হৈছে ৰাজ্যৰ কোন বুদ্ধিজীৱি বা বিশিষ্ট লোক আলফাৰ সৈতে জৰিত সেই বিষয়টো আলোচনা কৰা। লগতে ইতিমধ্যে তথ্য প্ৰমাণ লাভ কৰা সেইসকল বুদ্ধিজীৱি বা বিশিষ্ট লোকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হব সেই বিষয়েও সিদ্ধান্ত লোৱা। উল্লেখ্য যে গুৱাহাটীৰ গ্ৰেনেড বিস্ফোৰণৰ পিছত এই ঘটনাক অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে প্ৰতি মুহূৰ্ততে ৰাজ্যৰ গৃহ বিভাগৰ সৈতে যোগাযোগ ৰক্ষা কৰি চলিছে।
Last Updated : May 20, 2019, 3:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.