ETV Bharat / state

অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠকঃ চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীলৈ সুখবৰ

author img

By

Published : Feb 12, 2020, 4:46 PM IST

Updated : Feb 12, 2020, 6:18 PM IST

মঙলবাৰে অসম কেবিনেটৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায় ৷ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় উক্ত বৈঠকত ৷ পৰৱৰ্তী চাৰি,পাঁচমাহৰ ভিতৰত ৰাজ্যত বন্ধ হ’ব সকলো মাদ্ৰাছা আৰু সংস্কৃত টোল । শিক্ষাৰ নামত ধৰ্মীয় শিক্ষা প্ৰদানত বাধা দিয়াৰ স্বাৰ্থত মাদ্ৰাছা আৰু সংস্কৃত টোলসমূহ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যৰ শিক্ষা বিভাগে ।

Important cabinet meeting at janata bhawa
অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক

গুৱাহাটী,12 ফেব্ৰুৱাৰীঃ জনতা ভৱনত মঙলবাৰে অসম কেবিনেটৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ যায় ৷ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় উক্ত বৈঠকত ৷ বিশেষকৈ চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীলৈ এই বৈঠকৰ জৰিয়তে সুখবৰ কঢ়িয়াই আনিছে চৰকাৰে। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ‍্যমিক পৰীক্ষাত উত্তীৰ্ণ চাহ জনগোষ্ঠীৰ ছাত্র-ছাত্ৰীসকলক ১০ হাজাৰকৈ টকা এককালীন সাহায্য হিচাপে প্ৰদান কৰিব চৰকাৰে। সমাজ কল‍্যাণ বিভাগত ঠিকাভিত্তিত কাম কৰি থকা ৬২৩ গৰাকী ছুপাৰভাইজৰ আৰু ১২ গৰাকী পৰিসংখ্যা সহায়কক আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ নিয়মীয়া পে-স্কেলকে ধৰি অন্যান্য চৰকাৰী সা-সুবিধা প্ৰদান কৰিব। লগতে শ্বহীদ দয়াল দাস পাণিকা স্ব-নিয়োজন আঁচনিৰ অধীনত চাহ জনগোষ্ঠীৰ ১৫ হাজাৰ যুৱক-যুৱতীক ব‍্যৱসায়-বাণিজ‍্য কৰাৰ বাবে ২৫ হাজাৰ টকাকৈ সাহায্য প্ৰদান কৰিব চৰকাৰে। ভূমি নীতি ২০১৮ৰ অধীনত কৃষিকাৰ্যৰ বাবে ভূমি আবণ্টনৰ পৰিসৰ ৩ বিঘাৰ পৰা ৭ বিঘালৈ বৃদ্ধি কৰা হ’ব। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত বাসগৃহ লাভ কৰা হিতাধীকাৰী সকললৈ সৌৰশক্তি সঁজুলি ক্ৰয়ৰ বাবে ২০ হাজাৰ টকাকৈ চৰকাৰৰ তৰফৰ পৰা সাহায্য প্ৰদান কৰিব। অসম চাহ নিগমৰ পৰিসীমাত যদি কেঁচা আৱাসগৃহ আছে তেন্তে ১.৩০ লাখ টকাৰে পকীকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ।

Important cabinet meeting
গুৰুত্বপূৰ্ণ বৈঠক

তাৎপৰ্যপূৰ্ণভাৱে,পৰৱৰ্তী চাৰি,পাঁচমাহৰ ভিতৰত ৰাজ্যত বন্ধ হ’ব সকলো মাদ্ৰাছা আৰু সংস্কৃত টোল । শিক্ষাৰ নামত ধৰ্মীয় শিক্ষা প্ৰদানত বাধা দিয়াৰ স্বাৰ্থত মাদ্ৰাছা আৰু সংস্কৃত টোলসমূহ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যৰ শিক্ষা বিভাগে ।

লগতে চাওকঃ পুনৰ বৃদ্ধি হ’ল ৰাজ্য সাহায্য বিহীন চিলিণ্ডাৰৰ দাম

Last Updated : Feb 12, 2020, 6:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.